মোৰ বিষয়ে(About)

britul-big size

Blogger, photography enthusiast, occasional writer, reader, travel buff and a bit moody. That’s all I can say about myself.

This blog is a medium of venting out the thoughts in my mind, showcasing my photography work, describing my travel stories and publishing whatever I write every now and then. That’s all. Nothing serious!!!

******************************************************

সৃষ্টিকামী মনটো এটা লেকাম নাইকীয়া ঘোৰাৰ দৰে। এই সৃষ্টিকামী মনটোৱে কল্পনাৰ বিচৰণ-স্থলত অনাই-বনাই বিচৰণ কৰি থাকোতে সৃষ্টি হোৱা তৰংগসমূহ মনটোত পুঞ্জীভূত হয়।ইয়াৰ ফলশ্ৰুতি স্বৰূপে মনোৰাজ্যত সৃষ্টি হোৱা উকমুকনিৰ পৰা ৰক্ষা পাবলৈ পুঞ্জীভূত তৰংগসমূহ মাতৃভাষাৰ মাধ্যমেৰে নিষ্কাশিত কৰাৰ এক নিৰীহ প্ৰয়াস মোৰ এই ব্যক্তিগত ব্লগ। সৃষ্টিৰ বাসনাই আকুল কৰি তোলা মনৰ কোমল অনুৰোধৰ প্ৰতি সহাঁৰি জনাই এই ব্লগটোৰ সৃষ্টি কৰিলো যদিও ইয়াৰ প্ৰথম পৃষ্ঠাত নিজৰ পৰিচয় দিবলৈ গৈ থমকি ৰ’লো। একোৱেই নাইচোন নিজৰ বিষয়ে কবলগা। খোলা নোখোলা মনেৰে কও যে মই এজন নিতান্তই সাধাৰণ মানুহ। ইমানেই সাধাৰণ যে কও বুলিলেও নিজৰ বিষয়ে কবলৈ একোৱেই নাথাকে।
সঁচাকৈ, … মোৰ নিজৰ বিষয়ে কবলৈ একোৱেই নাই। অ’ এটা কথা কব পাৰো। মোৰ নাম বৃতুল। বৃতুল শৰ্মা। ইমানেই।

Advertisements