গল্প (Stories)

পৰহিৰ মানুহবোৰ

কিবা অজান শোকে মনটো খুণ্ডা মাৰি ধৰিলে। এয়াই প্ৰথম নহয়, এনে ধৰণৰ কেইবাটাও ঘটনা ঘটিল যোৱা দুবছৰ মানৰ ভিতৰত। সিদিনা ফোনযোগে দেউতাই কৈছিল ওচৰৰে চানক্য ককাৰ পৰলোক প্ৰাপ্তিৰ কথা। সেয়াও অবিশ্বাস্য, আৰু আজি দিয়া ধনঞ্জয় চাৰৰ খবৰটোও অবিশ্বাস্য। বয়স হৈছিল তেওৰ। স্বাভাৱিক বাৰ্ধক্যজনিত মৃত্যুৱেই আছিল। তথাপিও মনে নামানে। বৰকৈ বেয়া লাগিছিল মনটো। মৃত্যুৱেই জীৱনৰ অন্তিম সত্য। এয়া অৱধাৰিত, আৰু সেয়েহে স্বাভাৱিক। কিন্তু অৱচেতন মনে কথাটো মানি লব খোজা নাই। বাৰে বাৰে মনত পৰিছে চাৰৰ ঘৰত টিউচন কৰিবলৈ যোৱা দিনবোৰ। সেইবোৰ চোন কালি-পৰহিৰ দিন যেন লাগে। তেনেহলে হঠাতে আজি কেনেকৈ এই অঘটন ঘটিবলৈ পালে? গৰমৰ দিনত পুৱাতে ওলোৱা চেঙ্‌চেঙীয়া ৰʼদত ঘামিজামি চাইকেল চলাই টিউচনলৈ গৈছিলো। ঠাণ্ডাৰ দিনত কেতিয়াবা মোৰ গৈ পাওতে অলপ দেৰী হৈছিল আৰু তাৰবাবে চাৰৰ গালিও খাব লগাত পৰিছিলো৷ এই সকলোবোৰ পৰহিৰ কথা। সেই ধনঞ্জয় চাৰ আজি নাই।

অকল এয়াই নহয়। চিত্তৰঞ্জন ককাৰ শোতোৰা পৰা মুখখননো কেনেকৈ মানি লও? পথাৰত হাল বাই থকা তেওৰ সৌৰ্য্যদীপ্ত মুখখন পৰহি হে দেখিছিলো। গধূলি সময়ত আমাৰ ঘৰলৈ প্ৰায়ে ফুৰিবলৈ আহিছিল। আচল কথা ককাহতৰ ঘৰত টিভি নাছিল। হয়তো লাইটো নাছিল নেকি, মনত নাই। সেইবাবে ককাই গধূলিৰ অসমীয়া বাতৰিটো চাবলৈ আমাৰ ঘৰলৈ আহিছিল। আমাৰ লগত খেলিছিল। ধেমালি-ধুমুলাৰ মাজতে ককাই মোক নতুন নাম এটা দিছিল, – “বুকুৰ বন্ধু”। মোৰ বয়স তেতিয়া চাৰি নে পাচ বছৰ। ককা তেতিয়াই পঞ্চাশোৰ্ধ। সিদিনা শুনিলো তেওঁ হেনো আল্‌জেইমাৰ ৰোগত আক্ৰান্ত হৈ শয্যাগত। স্মৃতিশক্তি লোপ পাইছে। মোক নিশ্চয় চিনি নাপাব। হয়তো “বুকুৰ বন্ধু” বুলি মাতিলেও চিনি নাপাব। শঙ্কৰ খুৰাই চাইকেল মাৰি বিশ মাইল বাট দৈনিক অহা যোৱা কৰাও আমি পৰহি হে দেখিছিলো। কেনেকৈ মানি লও বিহুৰ দিনা নামঘৰলৈ আহোতে তেওৰ সুপুত্ৰই ধৰি ধৰি আনিছিল। কঁকাল বেকা, হাতত লাখুটি। কেনেকৈ মানি লওঁ? পৰহিৰ পৰা আজিলৈ, এইখিনি সময়তে ইমানবোৰ সালসলনি হʼল, ধৰিবই নোৱাৰিলো।

*** ***

– হেল্লʼ – সঞ্জয়ৰ মাতত অলপ উৎসাহ মিহলি হৈ আছে।
– হেল্লʼ চঞ্জু … এটা কথা হʼল।
– কি কথা?
– মোৰ যোৱা নহব দোষ্টি, … বেয়া নাপাবি।
– কিয়? কি হʼল? চাদেন্‌লি যে? – কিছুদিন পিচত আমি কেইজনমান লগ হৈ ফুৰিবলৈ যোৱা কথা। মই নাযাও বুলি কোৱা খবৰটোৱে সঞ্জয়(ওৰফে চঞ্জু!)ক অলপ উদ্বিগ্ন কৰি তুলিলে।
– দেউতাৰ গা ভাল নহয়।
– ওহ্‌ .. হয় নেকি? কি হৈছে নো?
– নাজানো। গা ভালে নাথাকে। প্ৰেচাৰ বাঢ়িছে চাগে।
– ডাক্তৰক দেখাইছে নে?
– দেখাইছে।
– এতিয়া কেনেকুৱা?
– অলপ কমিছে। কিন্তু ভালকৈ ভাল পোৱা নাই।
– অলপ কমিছে যদি তই ওলা আমাৰ লগত। ঘুৰি অহাৰ পিচত তই নিজে লগত থাকি ডাক্তৰক দেখুৱাবি।
– এহ্‌ নালাগে দে। টেন্‌চন এটা লাগি থাকিব। ঘৰলৈ এ যাওঁ। মা-দেউতাইও ভাল পাব।
– ওʼ … ঠিক আছে দে। জোৰ নকৰো। তথাপিও গʼলে ভাল লাগিলহেতেন।
– যাব পাৰিলে তো মোৰো ভাল লাগিলহেতেন। কিন্তু উপায় নাই। … ঠিক আছে দে দোষ্টি … এন্‌জয়।
– চিউৰ .. য়ু টেক কেয়াৰ।

ফোনটো থৈ অলপ স্বস্তিত নিশ্বাস এৰিলো। দুদিনমানৰ পৰা দেউতাৰ গা বেয়া হোৱা কথাটো সঁচা। কিন্তু মা-দেউতাৰ সৰু সুৰা কিবা কিবি হৈয়েই থাকে। ইতিমধ্যে দাক্তৰক দেখুৱাইছে আৰু কিছুদিনাৰ ভিতৰতে ভাল হৈ উঠিব বুলি বিশ্বাস আছে। মই দেউতাৰ বেমাৰৰ বাবে ঘৰলৈ যাবলৈ ওলোৱা নাই। আচলতে মনৰ ভিতৰত বহুতো কথাই চাকনৈয়াৰ সৃষ্টি কৰিছে। পৰহি দেখা তজ্‌বজীয়া মানুহবোৰৰ আজিৰ অৱস্থা দেখি কাইলৈ কি হব পাৰে সেয়া ভাবি মনটো মাজে মাজে চিন্তিত হৈ উঠিছে। সেইবাবে মই ফুৰিবলৈ নাযাও। ভগবানে দিলে ফুৰা-চকা পিচলৈও হৈ থাকিব।

ঘৰ আহি পালো। আবেলিৰ সময়। মা পাক্‌ঘৰত। দেউতা শুই আছে। টোপনিত লাল-কাল দি থকা দেউতাৰ শীৰ্ণকায় চেহেৰাটোৰ ফালে চাই নিজেই আচৰিত হʼলো। গলধণ সোতোৰা-সোতোৰি পৰিছে। ক’লা চুলি এডালো নাই। কিন্তু দেউতাই পৰহি মোক স্কুললৈ লৈ গৈছিল; এল-এম-এল ভেচ্‌পা স্কুটাৰ খনেৰে। সেই সময়ত দেউতাৰ চেহেৰা আৰু আজিৰ চেহেৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য। আমি ডেকা সকলে বয়সস্থ সকলক দিব পৰা সকলোতকৈ মুল্যবান উপহাৰ হʼল “সময়”। পাৰ হৈ যোৱা সময় ঘুৰি নাহে। কিন্তু মোৰ হাতত আজিৰ দিনটো আছে। সেয়া মা-দেউতাক উপহাৰ দিওচোন।

Advertisements

2 thoughts on “পৰহিৰ মানুহবোৰ”

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s