গল্প (Stories)

অসহায় বিহংগিনী

– কিবা কোৱা আকʼ – নিজৰাৰ গাৰ ফালে হেঁচুকি মুখেৰে মাত উলিওৱাৰ চেষ্টা চানক্যৰ।

– মনটো ভাল লগা নাই অʼ

– কেলেই?

নিজৰা নিমাত। আবেলিৰ সময়। কলেজত মানুহ-দুনুহ নাই। কলেজৰ এড্‌মিন ব্লকৰ পিচফালে থকা পুখুৰীৰ পাৰত বহি আছে দুয়ো। বিশেষ কথা চলা নাই সিহঁতৰ মাজত। অলপ আগতে নাতিদূৰত বহি থকা প্ৰেমিক যুগল উঠি যোৱাত ঠাইদোখৰত আৰু বেচি নিজম হৈ পৰিছে। অলপ দূৰত গৰু এটাই ঘাঁহ খাওতে হোৱা শব্দটো স্পষ্টকৈ শুনা হৈছে। নিজৰাই তলমূৰ হৈ দুবৰি এডাল চিঙি লৈ আঙুলিৰে পকাই আছে। তাইৰ মগজুৰ মাজতো কিছুমান কথাই পাকঁ লগাই আছে। কিছুসময় তাইৰ মুখৰ ফালে চাই উত্তৰৰ অপেক্ষা কৰি চানক্য বিমুখ হʼল। মনটো তাৰো ভাল লগা নাই। নালাগিবৰে কথা। কেইবা বছৰো হোষ্টেলত থকা হেতুকে হোষ্টেলখনেই নিজৰ ঘৰ যেন লগা হৈছে। সেই ঘৰখন চিৰদিনৰ বাবে এৰি যাব লগা হোৱাত মন বেয়া লগাটো স্বাভাৱিক। কিন্তু অকল সেয়াই নহয়। আৰু কিবা কিবি আছে যিয়ে মন বেয়া লগাত অৰিহণা যোগাইছে। কিন্তু সেই “কিবা কিবি”বোৰ কি সেইটোহে ভালদৰে বুজা নাযায়।

– আমি আকৌ এবাৰ আহিম দেই। এই কলেজৰ চৌহদতে আকৌ এবাৰ লগা লগি হʼম। কেন্টিনত বহিম অলপ সময় একেলগে। আৰু এই পুখুৰীৰ পাৰতো কটাম অলপ সময়, আৰু আমাৰ যে দিপাৰ্টমেন্টৰ সম্মুখত পাৰ্কখন আছে … আমি সকলোৱে যে ঠাণ্ডাৰ দিনত ৰʼদ পুৱাই আড্ডা মাৰি থাকো তাতো অলপ সময় ৰʼম … . . আৰু .. আৰু ..। – নিজৰাই আৰু বহুতো কিবা কিবি কৈ গʼল যদিও ভালকৈ নোসোমাল চানক্যৰ কাণত। কথাবোৰ কোনো অসহায় বিহংগিনীৰ ক্ৰন্দন যেনহে লগা হʼল। কলেজীয়া দিনবোৰ শেষ হʼলেও সিহঁতৰ প্ৰেম অটুট ৰাখিবলৈ সিহঁত সংকল্পবদ্ধ। ব্যৱহাৰিক জীৱনৰ সংস্পৰ্শত হয়তো সিহঁতৰ প্ৰেমো হৈ পৰিব কিছু পৰিপক্ক। কিন্তু সেই পৰিপক্কতাই কাঢ়ি নিব কলেজীয়া প্ৰেমৰ সৰলতা আৰু মাদকতা। সেই মাদকতা পুনৰ অনুভৱ কৰিবলৈয়ে হয়তো নিজৰাই আকৌ আহিব খুজিছে কলেজ চৌহদলৈ আৰু পুনৰাবৃত্তি কৰিব খুজিছে কলেজীয়া জীৱনৰ কাৰ্য্যক্ৰমণিকা।

– ৰৈ গʼলা যে? – চানক্যৰ প্ৰশ্ন।

নিজৰা নিমাত। দৃষ্টি নিবদ্ধ পুখুৰীৰ পানীত।

– মই জানো কথাবোৰ কোৱা সহজ, কিন্তু হাতে কামে কৰা টান। মুখেৰে যিমানেই নকওঁ কিয়, সঁচাকৈ যে কেতিয়াবা ইয়ালৈ আহিব পাৰিম তাৰ সম্ভাৱনা কম। বা আহিব পাৰিলোৱেই যেনিবা, তেতিয়া জানো সময় আৰু পৰিস্থিতি একে হৈ থাকিব? অতীতৰ ভাল লগা মুহূৰ্ত্তবোৰৰ যান্ত্ৰিক পুনৰাবৃত্তিয়ে অতীতক ঘুৰাই আনিব পাৰে জানো?

– চেষ্টা কৰি চোৱাত ক্ষতি কি?

নিজৰাৰ ওঁঠত মিচিকীয়া হাঁহি ফুটি উঠিল।

– তাৰ বাহিৰে নো আমি কৰিব কি পাৰো?

জীৱনত প্ৰথম বাৰৰ বাবে সময়ৰ প্ৰৱল শক্তিৰ আভাস পাইছে দুয়োৱে। কলেজ চৌহদৰ ভিতৰত বহুতো বস্তু, বহুতো ঠাই, সিহঁতৰ প্ৰেমৰ সাক্ষী। বিদায় মুহূৰ্ত্তত সকলোবোৰ সাক্ষীকেই শেষবাৰৰ বাবে চাই লোৱাৰ অদম্য আকাংক্ষা কেলেই জাগ্ৰত হয় সেয়াওঁ এক সাঁথৰ। কলেজ আৰু হোষ্টেলৰ পৰা বিদায়, কলেজীয়া প্ৰেমৰ অন্ত, ভৱিষ্যত সম্পৰ্কে কিছু উদ্বিগ্নতা .. ইত্যাদি কেইবাটাও চিন্তা আৰু তাৰ লগত সংলগ্ন আবেগিক শক্তিৰ সন্মিলিত আক্ৰমণত ধৰাশায়ী দুখন হৃদয়।

*********

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s