গল্প (Stories)

সহায়

– বিপদৰ সময়তহে সঁচা বন্ধু চিনি পোৱা যায়। আজি মোক সহায়ৰ বৰ দৰকাৰ।
– মোৰ বন্ধু, পাৰ্থ। সি সহায় কৰিব বুলি আশা কৰিছিলো। নকৰিলে।
– মই সহায় কৰিছিলো। স্বপ্নালীক সোণৰ আঙঠি উপহাৰ দিয়াৰ সময়ত, ফুৰাবলৈ লৈ যোৱা সময়ত, দামী ৰেষ্টʼৰালৈ যোৱা সময়ত, আনকি ভেলেন্টাইন দেৰ দিনা দামী উপহাৰ দিবলৈও মোৰ পৰাই পইচা লৈ গৈছিল পাৰ্থই। ভাবিছিলো, বন্ধুত্বৰ আগত টকা-পইচা সকলো তুচ্ছ।
– কিন্তু এয়া আছিল তাৰ বিলাসিতাৰ বাবেহে। সিহতৰ ব্ৰেকআপ হʼল। সি মোক আটাইখিনি পইচাও ঘুৰাই নিদিলে।
– আৰু আজি সহায় বিচাৰোতে বহু কিবাকিবি বাহানা দেখুৱাই নাকচ কৰিলে। আওপকীয়াকৈ কʼলেও বুজি পাওঁ।
– উপেক্ষিত আৰু ব্যৱহৃত অনুভৱ লৈ হষ্পিটালৰ ফালে আগবাঢ়িলো। আই-চি-ইউ ত পৰি থকা মাৰ ৰুগ্ন মুখখন আকৌ এবাৰ মনত পৰিল। মোৰযে আজি সহায়ৰ খুবেই দৰকাৰ।
– ফুটপাথৰ এটি দৃশ্য, – সৰু ছোৱালী এজনীয়ে বিস্কুতৰ টুকুৰা দলিয়াইছে কুকুৰ এটালৈ। সি নেজ জোকাৰিছে।
– মানুহৰো নেজ থকাহেতেনে… । পইচা হাত পাতি লোৱা সময়ত চাগে পাৰ্থইও নেজ জোকাৰিলেহেতেনে।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s