ভাল কাকত, আলোচনীৰ সন্ধানত

বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাটোৰ প্ৰতি মোৰ এক বুজাব নোৱাৰা অনীহা আছিল আগৰ পৰাই। তাৰ বিপৰীতে চতুৰ্থ পৃষ্ঠাটোৰ প্ৰতি আছিল এক আকৰ্ষণ। সম্পাদকীয়ৰ উপৰিও অন্যান্য বহুতো সুখপাঠ্য লিখনিয়ে চতুৰ্থ পৃষ্ঠাটো অলংকৃত কৰে। এই লিখনিবোৰেই আছিল মোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, কাৰণ এইবোৰ আমাৰ মন-মস্তিষ্কৰ বাবে সুস্বাদু আহাৰ স্বৰূপ। লক্ষ্য কৰিছো, আজিকালি প্ৰায়বোৰ কাকতৰে চতুৰ্থ পৃষ্ঠাত প্ৰকাশ পোৱা প্ৰায়ভাগ লিখনিৰে বিষয়বস্তু ৰাজনৈতিক ঘটনাক্ৰমৰ লগত সংলগ্ন। অথবা সমাজৰ সদা প্ৰচলিত বিতৰ্ক বোৰৰ লগত জড়িত। এনেবোৰ লিখনীয়ে হয়তো বাতৰি কাকতক ব্যৱসায়ীক ভাৱে লাভান্বিত কৰিব পাৰে। কিন্তু পাঠকৰ বিশেষ একো লাভ নহয়। লাভ নহয় বুলি এইকাৰণেই কৈছো, কিয়নো চৌপাশৰ ঘটনাক্ৰমৰ বিষয়ে নিজৰ সুস্থ মতামত গঢ়ি তুলিবলৈ যিখিনি খবৰৰ দৰকাৰ আমি তাতকৈ বহু বেচি খবৰ থিতাতে পাওঁ। চতুৰ্থ পৃষ্ঠাটোত অন্ততঃ ৰাজনীতিৰ কথা আলোচনা নকৰিলেও হয়।

চʼচিয়েল মিডিয়া আৰু ইন্টাৰনেটৰ ব্যৱহাৰ বাঢ়ি অহাৰ লগে লগে দেশ বিদেশৰ দৰকাৰী – অদৰকাৰী সকলো ধৰণৰ খবৰে আমাৰ চকুৰ আগত ভিৰ কৰিবলৈ লৈছেহি। খবৰ, আলোচনা আৰু বিতৰ্কৰ মাজেৰেই যেন আমি বিভিন্ন ৰসৰ আস্বাদন কৰো। এই সকলোবোৰৰ মাজত আমাৰ জীৱনমুখী চিন্তাবোৰ নাইকীয়া হৈ গৈছে লাহে লাহে। এনেবোৰ কাৰণতে যোৱা কেইদিনমানৰ পৰা বহুতো বাতৰি কাকত চালি-জাৰি চাই আছিলো। কোনখন ভাল, কোনখনত কেনেধৰণৰ লিখনি প্ৰকাশ পায় ইত্যাদিবোৰ সাধ্য অনুযায়ী নিৰীক্ষণ কৰি আছিলো। মোৰ বাচনিৰ মাপকাঠী আছিল – সুখপাঠ্য, জীৱনমুখী লিখনিৰ পয়োভৰ। জীৱনৰ মাদকতাময় দিশটো উন্মোচন কৰিব পৰা লিখনিৰ আধিক্য। সুন্দৰৰ সাধনা আৰু জীৱনৰ উদ্‌জাপন কৰিবলৈ শিকাব পৰা এখন বাতৰি কাকত। কিন্তু তেনে এখনো বাতৰি কাকত বিচাৰি নাপালো। গতিকে বাতৰি কাকত এৰি আলোচনীবোৰত চকু ফুৰাবলৈ লাগিলো। কেইবাখনো আগশাৰীৰ অসমীয়া আলোচনী চাই-চিতি হঁ‌তাশ হ’লো। প্ৰায়বোৰে একেই ধাৰা অনুসৰণ কৰা চকুত পৰিল। কিছুমান ইংৰাজী আলোচনীও খুচৰিলো। বেচিভাগতে বিজ্ঞাপনৰ পয়োভৰ। দুই এখনত অলপ জীৱনমুখী লিখনি প্ৰকাশ পালেও সম্পূৰ্ণৰূপে “জীৱন”কে বিষয়বস্তু হিচাপে লৈ আগবঢ়া এখনো আলোচনী চকুত নপৰিল।

মুঠৰ ওপৰত, ইমানখিনি বিচাৰ খোচাৰ কৰাৰ পিচতো মনটো সন্তুস্ত নʼহোল। সদ্যহতে মোৰ সন্ধান স্থগিত ৰাখিছো। আচলতে মনে বিচৰা বস্তুটো কʼত পাম সেই বিষয়ে সন্দিহান মই। লগতে “… বিচাৰি নাপামেই নেকি” তেনে ধৰণৰ ভয় এটাই মনৰ অন্তঃকোণত বসতি স্থাপন কৰিছেহি।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s