ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

কিহৰ ভিত্তিত কি আৰু কেনেদৰে ?

মানসিক আৰু বৌদ্ধিক ভাৱে উন্নত সকলো লোকেই যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অলপ হ’লেও যুক্তিৰ ভিত্তিত বিচাৰ বিবেচনা কৰি চায়৷ কিন্তু যোৱা কেইবছৰমানৰ পৰা যুক্তিত আউল লগা দেখিবলৈ পোৱা গৈছে। কিহৰ ভিত্তিত কাক সমৰ্থন কৰিম? কিহৰ ভিত্তিত কোনটো পন্থা অৱলম্বন কৰিম? মই অন্তঃকৰণেৰে বিশ্বাস কৰো যে মানুহ উদাৰ হব লাগে। মানুহৰ দৃষ্টিভঙ্গী বিশ্বমুখী হব লাগে। নিজকে পাৰ্য্যমানে “Global Citizen” হিচাপে গঢ়িব লাগে। ইমানলৈ ঠিকেই আছিল। কিন্তু একপক্ষীয় উদাৰতাই কিছুমান সমস্যাৰ সৃষ্টি কৰে। অন্যই আমাৰ প্ৰতি কৰা বিদ্বেষ মূলক ব্যৱহাৰৰ সম্মুখত আমি সকলো সময়তে উদাৰ আৰু সহনশীল হৈ থকাটো সম্ভৱপৰ নহয়। কোনো মানুহে আমাৰ পৰিয়ালৰ বা নিকট আত্মীয়ৰ প্ৰতি ক্ষতিকাৰক কৰ্মত লিপ্ত হʼলে অকল বিশ্বমুখী মানসিকতা গঢ়ি তোলাৰ স্বাৰ্থতে সেই মানুহজনৰ প্ৰতি মৰম চেনেহ বা সহানুভূতি সুলভ মনোবৃত্তি পোষণ কৰিব নোৱাৰো। হয়তো মানুহজনৰ প্ৰতি একো ক্ষতিকাৰক কৰ্মত লিপ্ত নহব পাৰো, কিন্তু তেওলৈ সহায় সহযোগ আগবঢ়াবলৈ মুঠেও মন নাযাব। ই স্বাভাৱিক। ই স্বতঃস্ফূৰ্ত্ত। ইয়াত একো কৃত্ৰিমতা নাই।

সাম্প্ৰতিক পৰিস্থিতিবোৰ তেনেকুৱাই হৈছে। উদাহৰণ স্বৰূপে বানপানীৰ কথাই ধৰিলো। অসমৰ বানপানী চৰম সীমাত থকা দিনকেইটাত ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ মানুহবোৰে একো গমকে নাপায়। কিন্তু এইবাৰ কেৰেলাত হোৱা বানপানীৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰিবলৈ যেন গোটেই দেশখনেই উঠি পৰি লাগিল। ঠিক তেনেদৰে কেইবছৰমান আগতে উত্তৰাখণ্ডত হোৱা বানপানীৰ পৰা বচাবলৈ গোটেই দেশখন উঠি পৰি লাগিছিল। মোৰ আজিও মনত আছে আমি সৰু থাকোতে এবাৰ উৰিষ্যাত বানপানী হৈছিল। আৰু সেইসময়ত ভাৰতীয় ক্ৰিকেট দলে মেচ ফি নোলোৱাকৈ কোনোবা এখন টুৰ্ণামেন্টত খেলিছিল আৰু গোটেই দলৰ মেচ-ফি খিনি উৰিষ্যাৰ বানপানীৰ সাহায্য হিচাপে দান দিছিল। ভাৰতবৰ্ষৰ বাকী প্ৰান্তই অসমৰ বাবে এনে ধৰণৰ কাম কৰা কেতিয়াও নেদেখিলো। গতিকে এইবেলি কেৰেলাৰ বানপানী দেখিও কেৰেলাবাসীৰ প্ৰতি মুঠেও সৌহাৰ্দ্য অনুভৱ হোৱা নাই। মনে মনে অনুভৱ হʼল যেন তোমালোকৰ সমস্যা তোমালোকে জানা। তোমালোকৰ লগত গোটেই ভাৰতবৰ্ষ আছে। আমি আমাৰ সমস্যা জানো আৰু পাৰ্য্যমানে সমাধানৰ চেষ্টা কৰিম। আৰু নোৱাৰাখিনি সহ্য কৰিম।

এইখিনি কথা মনতে পাগুলি চালে নিজকে সংকীৰ্ণ মনৰ মানুহ যেন অনুভৱ হয়। কিন্তু কথাখিনি একো অস্বাভাৱিকো নহয়। মানুহৰ চিন্তা, আবেগ আৰু অনুভূতিৰ ওপৰত চৌপাশৰ পৰিস্থিতি আৰু ঘটনাক্ৰমৰ প্ৰভাৱ পৰাটো স্বাভাৱিক। ইয়াত সেয়াই হৈছে। কিন্তু মানসিক সংকীৰ্ণতাৰ পৰা মুক্তি পোৱাটো মোৰ ব্যক্তিগত প্ৰয়াস হব লাগে। ব্যক্তিত্বৰ উত্তৰণৰ এক প্ৰয়াস। ইয়াত একো পূৰ্বচৰ্ত্ত প্ৰযোজ্য নহয়। তেন্তে এই প্ৰয়াস পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ কথাটো নো কেলেই উনুকীয়াইছো? পৰিস্থিতি যিয়েই নহওক, প্ৰয়াস অব্যাহত থাকিব লাগে। কিন্তু মোৰ নিজৰ ৰাজ্যখনৰ এটা জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত কোনোবাই কৰা বিদ্বেষ মূলক ব্যৱহাৰৰ পৰিপ্ৰেক্ষত মোৰ মানসিক স্থিতি ভুল যেনো লগা নাই।

সেইবাবেই মই দ্বিধাগ্ৰস্ত। কিহৰ ভিত্তিত কি সমৰ্থন কৰিম? কি যুক্তিত কি পন্থা অৱলম্বণ কৰিম?

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s