আন্দোলন .. আৰু কিমান ?

অপ্ৰিয় হʼলেও সঁচা কথাবোৰ কবই লাগিব। নাগৰিকত্ব বিধেয়ক লৈ অসম উত্তাল হৈ থকাৰ সময়তে শ্ৰমিকসংঘৰ ধৰ্মঘট সংঘটিত হৈছিল কালি(৮ জানুৱাৰী) আৰু আজি(৯ জানুৱাৰী) এই দুই দিন ধৰি। কালি আছু সমন্বিতে বহুসংখ্যক জাতীয় সংগঠনে অসম বন্ধ ঘোষণা কৰা বাবে শ্ৰমিক সংঘৰ ধৰ্মঘটে সিমান গুৰুত্ব নাপালে। কিন্তু আজি অসম বন্ধ নাই। গতিকে কামৰ সংক্ৰান্তত আমাৰ কোম্পানীৰ শিলিগুৰি স্থিত অফিচৰ সৈতে ফোনযোগে কথা পাতোতে গম পালো তাত কাম চলি আছে। কালিও আবেলিৰ ফালে কিছু পৰিমাণে কাম হৈছে। কিন্তু আমাৰ ইয়াত(অসমত) শ্ৰমিক সংঘৰ আওতাত পৰা কোনো এজন শ্ৰমিক বা কৰ্মচাৰীয়ে কামত হাত দিয়া নাই। ফলত সম্পূৰ্ণ স্থিতাৱস্থা বাহাল হৈছে। কালিৰ কথা বাৰু নকওঁ; অসম বন্ধও আছিল। কিন্তু আজিও কৰ্মস্থলী সম্পূৰ্ণ স্থবিৰ হৈ আছে। দুপৰীয়ালৈ খবৰ-খাতি লৈ গম পালো, অকল পশ্চিম বংগতেই নহয়, বিহাৰ উৰিষ্যা আদি অন্যান্য ঠাইতো কাম চলিছে। কাগজে-পত্ৰই ধৰ্মঘট চলিছে কিন্তু তলে তলে যিমানখিনি পাৰি কামো চলাই থকা হৈছে।

আমি সৰুৰে পৰাই গম পোৱা কথা, যে পশ্চিম বংগ কমিউনিষ্টৰ জেগা। কিন্তু সেই জেগাতেই আজি এনে এটা কৰ্ম সংস্কৃতি গঢ় লৈ উঠিছে যে ধৰ্মঘট ঘোষণা কৰি নিজৰ প্ৰতিবাদো সাব্যস্ত কৰিছে আনহাতে কোম্পানীৰ যাতে খুব বেছি ক্ষতি নহয় তাৰবাবে পূৰ্ণগতিত নহলেও পাৰ্য্যমানে তলে তলে কামো কৰিছে। কোম্পানীবোৰে নিজৰ অফিচ বা কাৰখানা বহাবলৈ ঠাই নিৰ্বাচন কৰোতে এনে ধৰণৰ কথাবোৰেই সিদ্ধান্ত ভালেখিনি প্ৰভাৱিত কৰে। তাৰ বিপৰীতে অসমত ধৰ্মঘট সম্পূৰ্ণ সফল কৰি দুদিন ধৰি কাম কাজ বন্ধ কৰি সকলোৱে মহা আৰামত বহি আছে। এনে স্থলত কোন কোম্পানীয়ে অসমত নিজৰ কাৰখানা বহুৱাব?

নাগৰিকত্ব বিধেয়ক আৰু তাৰ বিৰুদ্ধে ঘোষণা কৰা অসম বন্ধৰ কথা বাৰু নকওঁ। সেয়া স্পৰ্শকাতৰ বিষয়। কিন্তু এইখিনিতে এয়াও মন কৰিব লগীয়া যে আন্দোলনকেই সকলো বস্তু হাচিল কৰাৰ একমাত্ৰ আহিলা বুলি জ্ঞান কৰা অসমীয়া জাতিয়ে সকলো সময়তে অকল আন্দোলনেই কৰি আহিছে। আনকি উদ্যোগীকৰণ আৰু খিলঞ্জীয়াৰ নিয়োগৰ বাবেও সময়ে সময়ে আন্দোলন কৰা নজিৰ আছে। কিন্তু নিবনুৱা সমস্যাৰ সমাধান আন্দোলনত নাই। পশ্চিম বংগত সৃষ্টি হোৱাৰ নিচিনা কৰ্মসংস্কৃতিয়েহে নিবনুৱা সমস্যা নাশ কৰিব পাৰে। বিশ্লেষণ কৰি চালে দেখা যাব যে আন্দোলনে আচলতে কোনো ধৰণৰ সমস্যাই সমাধান নকৰে। নাগৰিকত্ব বিধেয়ক উত্থাপন হোৱাৰ পৰিস্থিতি আহিবই নালাগিছিল। কৰ্মৰ বলেৰে বলিষ্ঠ, নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি সজাগ এটা জাতিৰ পৰিপন্থী এনে এখন বিধেয়ক উত্থাপন কৰিবলৈ কোনোৱে সাহস নকৰিলেহেতেন। কৰ্ম আৰু জাতিৰ অস্তিত্বৰ মাজত এক ওতঃপ্ৰোতঃ সম্পৰ্ক আছে। কৰ্মই মানুহক সকলোফালৰ পৰা স্বাৱলম্বী কৰে। সমাজৰ সকলো মানুহে স্বাৱলম্বী হʼলে সমাজখনৰ উন্নতি অৱশ্যম্ভাৱী। তেনে এটা উন্নত জাতিৰ বুকুত কুঠাৰাঘাট কৰিবলৈ কোনোৱে সতকাই সাহস কৰিব নোৱাৰে। কিন্তু তাৰ বিপৰীতে আৰামপ্ৰীয়, অসমীয়াৰ ক্ষেত্ৰত এই বিধেয়কখন উত্থাপিত হʼল। আমি আমাৰ বল-শক্তি আৰু তেজস্বীতাৰ পৰিচয় অকল আন্দোলনতহে দিওঁ। কামত নহয়।

এসময়ত আমি অসমীয়া জাতিয়ে সকলো বস্তু আন্দোলনৰ জড়িয়তেই পাইছিলো বাবে আমাৰ মানসপতত আজিও খোদিত হৈ ৰৈছে যে আন্দোলনেই সকলো সমস্যাৰ সমাধান। আন্দোলনেই সকলো হাচিল কৰাৰ সকলোতকৈ ভাল উপায়। কিন্তু আমি উপলব্ধি কৰিব পৰা নাই যে সময় সলনি হৈছে। আজি আৰু সেই দিন নাই। বৰঞ্চ, অসমীয়া জাতিৰ ৰাজহাড়দাল সকলো ফালৰ পৰা শক্তিশালী কৰি তুলিলেহে এটা শক্তিশালী জাতি হিচাপে আমি ঠিয় দিব পাৰিম আৰু সকলোফালৰ পৰা সফল হবও পাৰিম। কিন্তু সেইখিনি নকৰি অকল আন্দোলন কৰি থাকিলে আমাৰ ওপৰত সকলোফালৰ পৰা বিভিন্ন ধৰণে কুঠাৰাঘাট হৈয়েই থাকিব। হাজি হয়তো নাগৰিকত্ব বিধেয়কৰ ৰূপত, কাইলৈ হয়তো অত বচৰে সমাধান নোহোৱা বানপানী সমস্যাৰ ৰূপত, পৰহিলৈ হয়তো আন কিবা। ইয়াৰ অন্ত নাই।

আৰু এটা কথা, ৰাজনৈতিক আৰু জাতীয়, উভয় ধৰণৰ দল সংগঠনবোৰে অসমীয়া জাতিটো পৰি মৰা বিধৰ হৈ থকাটোৱেই বিচাৰে। সকলোৱে কৰ্মত ব্যস্ত হৈ গʼলে আন্দোলন কৰিবলৈ মানুহ নোলাব যে!

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s