এয়াতো নতুন কথা নহয়

হাজাৰ আন্দোলন, বিদ্ৰোহ, বিক্ষোভৰ মাজতো যেন মোৰ অসমীয়া তেজ গৰম হৈ উঠা নাই৷ বাৰে বাৰে নিজকে প্ৰশ্ন কৰিছো, ক’ত কি খেলিমেলি হ’ল? কেলেই মোৰ অসমীয়া জাতিসত্ত্বা জাঙুৰ খাই উঠা নাই? ইমানেই যান্ত্ৰিক হৈ পৰিছো নে মই? নে মোৰ মনত জাতি, মাটি, ভেটিৰ প্ৰতি একো আবেগ নায়েই? তেনেকুৱাতো হব নোৱাৰে৷ তেন্তে ক’ত কি হ’ল? বাৰে বাৰে নিজকে প্ৰশ্ন কৰি, আত্মবিশ্লেষণ কৰি অৱশেষত একো উত্তৰ বিচাৰি নাপাই বাদ দিলো৷ দৈনন্দিন কাম কাজত ব্যস্ত হৈ থাকোতেও অৱচেতন মনত প্ৰশ্নটোৱে অনবৰতে ক্ৰিয়া কৰি আছিল৷ কোনো এটা বিশেষ মুহূৰ্তত স্বতঃস্ফূৰ্তভাৱে ওলাল এষাৰ কথা, – “এয়াতো একো নতুন কথা নহয়’’৷

কথাটো ঠিকেই৷ এয়া একো নতুন কথা নহয়৷ সৰুৰে পৰাই চকুৰ আগতে দেখি আহিছো বাংলাদেশীৰ আগ্ৰাসন৷ মোৰ ঘৰ বৰপেটাত হোৱা হেতুকে অবৈধ বাংলাদেশীৰ আগ্ৰাসনে সৃষ্টি কৰা এশ এবুৰি সমস্যা আৰু তাৰ প্ৰতি চৰকাৰৰ নিৰ্লিপ্ততাৰ চবি চকুৰ আগতে দেখা, মোৰ দৰে ভুক্তভোগী, বৰ বেচি নোলাব৷ সেয়েহে আজিৰ পৰিস্থিতিত মোৰ স্বতঃস্ফূৰ্ত মানসিক প্ৰতিক্ৰিয়া, – এয়াতো নতুন কথা নহয়৷ বাংলাদেশী প্ৰব্ৰজনৰ সমস্যাৰ বিষয়ে অসমীয়া সকল ইমানখিনি সজাগ আগতেই হোৱা হ’লে আজি এনে পৰিস্থিতিৰ সৃষ্টি ন’হোলহেতেন৷ কটু হলেও এয়াই সত্য৷

নেতাসকলৰ কথা নকওঁ। অকল সোনোৱাল ডাঙৰীয়াক দোষ দিলে কিদাল হব? সকলো একেই। হিতেশ্বৰ শইকীয়াই, প্ৰফুল্ল মহন্ত, তৰুণ গগৈ, – সকলোৱে বাংলাদেশীক বুকুৰ কুটুম কৰি আকোৱালি লৈছিল। আৰু সৰ্বানন্দ সোনোৱালো তাৰ ব্যতিক্ৰম নহয়। গতিকে মন্ত্ৰী সকলৰ ৰাজনৈতিক স্থিতি তৰ্কৰ বিষয় বুলি মই নাভাবো। আনকি ইয়াত আচৰিত হব লগা একো নাই যেনহে মোৰ লাগে।

সকলোতকৈ আচৰিত কথাটো হʼল আমি অসমীয়া জনসাধাৰণ ইমান বছৰে শুই আছিলো কিয়? এনে ধৰণৰ জন জাগৰণ আগতেই কেলেই নʼহোল? আন্দোলনকে সকলো সমস্যাৰ সমাধানৰ উপায় বুলি ভবা আমি অসমীয়াই আন্দোলন কৰাৰ পৰিস্থিতি নোপোৱালৈকে সমস্যা এটাক সমস্যা বুলি গ্ৰাহ্যই নকৰো।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s