বুঢ়া শালিকাই মাত নধৰে

কথাটো এশ শতাংশই শুদ্ধ। বুঢ়া শালিকাই মাত নধৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযান চলাই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি মানুহক সজাগ কৰিবলৈ চেষ্টা কৰিছে। ভাল কথা। হয়তো স্বচ্ছতাৰ বিষয়ে সজাগতা আগতকৈ বাঢ়িছে। কিন্তু সঁচা কথাটো হʼল বুঢ়া শালিকাই মাত নধৰে। গেলা-পচা আৱৰ্জনাৰে ভৰা ৰাষ্টা-ঘাট, পদ-পথ, আৱৰ্জনাবোৰ ছেদেলি-ভেদেলি হৈ পৰি থকা দাষ্টবিন আমি আজিও দেখি আছো আৰু হয়তো অনাগত বহু বছৰলৈ দেখি থাকিম। ইয়াৰ মূল কাৰণ হʼল স্বভাৱ। কিছুমান কাম কাজ স্বভাৱৰ সংগ হৈ পৰিলে ইয়াক সলনি কৰাটো খুবেই টান। বিশেষকৈ যেতিয়া অভ্যাসগত ভাৱে কৰা কামটোৱে লগে লগেই কোনো বিপদৰ সৃষ্টি নকৰে। যেনে, মই যদি গাড়ীৰে গৈ থাকোতে খিৰিকীৰে এটা পানীৰ বটল দলিয়াই দিও, সেই কামটোৱে মোৰ প্ৰতি একো ভাবুকিৰ সৃষ্টি নকৰে। আৰু সেয়েহে ৰাজহুৱা স্থান পৰিষ্কাৰকৈ ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মই সজাগ হলেও গাড়ীৰ খিৰিকীৰে পানীৰ বটল দলিওৱা কামটো কৰিয়েই থাকিম। কাৰণ ই মোৰ অভ্যাস হৈ পৰিছে আৰু ইয়াৰ পৰা মোৰ একো হানি-বিঘিনি নহয়।

সেইবাবে আমাৰ নিচিনা বুঢ়া শালিকাবোৰক বাদ দি নৱ-প্ৰজন্মক স্বচ্ছতাৰ বিষয়ে সজাগ কৰাত হে বেচি মনোযোগ দিব লাগে। আমি হাইস্কুলত পঢ়ি থাকোতে, স্কুলৰ বছৰেকীয়া অধিবেশনৰ আগে আগে সকলো বোৰ শ্ৰেণীৰ মাজতে চাফাই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। আৰু চাফাইৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি সকলোতকৈ ভাল তিনিটা শ্ৰেণীক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰো দিয়া হৈছিল। তাৰ বাবে শিক্ষক সকলৰ মাজৰ পৰা এখন তিনিজনীয়া বিচাৰক মণ্ডল গঠন কৰি দিয়া হৈছিল। প্ৰতিযোগিতাৰ বাবে এটা দিন স্থিৰ কৰা হৈছিল। সিদিনা একো ক্লাচ নহৈছিল। সকলোৱে নিজৰ শ্ৰেণীকোঠা চাফ কৰিছিল। অইন দিনাৰ দৰে যথা সময়ত স্কুল ছুটী হৈছিল আৰু সকলো ছাত্ৰ গুচি যোৱাৰ পিচত বিচাৰক মণ্ডলিয়ে এটা এটাকৈ শ্ৰেণীকোঠা নিৰীক্ষণ কৰি চাই নম্বৰ দিছিল। আৰু ইয়াৰ ভিত্তিতে প্ৰতিযোগিতাৰ ফলাফল নিৰ্ণয় হৈছিল। এয়া আজিৰ পৰা বিশ-একৈশ বছৰ আগৰ কথা। স্বচ্ছতাৰ তাৎপৰ্য্য নৱ প্ৰজন্মক বুজোৱাৰ লগতে এক সুস্থ-প্ৰতিযোগী মনৰ সৃষ্টিৰ বাবে ইয়াতকৈ ভাল ব্যৱস্থা আৰু একো নাই বুলি ভাবো। কিন্তু সম্প্ৰতি মোডী ডাঙৰীয়াৰ স্বচ্ছ-ভাৰত অভিযানৰ দৰকাৰ নাই বুলি নকও। ই খুবেই দৰকাৰী আৰু সময়োপযোগী।

ভুলটো আমাৰেই। আমি আমাৰ সন্তানক একেকোবে চাহাব বনাব খোজো। ডাঙৰ ডাঙৰ ব্যয়বহুল ইংৰাজী মিদিয়ামৰ স্কুলবোৰত ছাত্ৰ-ছাত্ৰীক নিজৰ শ্ৰেণীকোঠা পৰিষ্কাৰ কৰিবলৈ দিলে অভিভাৱকেই ক্ৰুদ্ধমুৰ্ত্তি ধৰি বিদ্যালয় কৰ্তৃপক্ষক খেদি আহিব। গতিকে এনে ধৰণৰ ব্যৱস্থা আজিৰ দিনত সুদূৰ পৰাহত। এক বৃহৎ সংখ্যক লʼৰা-ছোৱালী তেনেবোৰ বিদ্যালয়তে ভৰ্তি হবলৈ লৈছে বাবে আগলৈও স্বচ্ছ ভাৰত অভিযানৰ দৰকাৰ থাকিবই।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s