সাধাৰণ মানুহেও সমাজলৈ কিছুমান অসাধাৰণ অৱদান আগবঢ়াব পাৰে। “অসাধাৰণ অৱদান” বুলি কোৱাৰ লগে লগে খুব ডাঙৰ কিবা এটা কৰি দেখুওৱাৰ কথা মনলৈ আহে যদিও ইয়াত তেনে কোনো কামৰ কথা কোৱা নাই। বৰঞ্চ সাধাৰণ মানুহে দৈনন্দিন নিতান্ত সাধাৰণ কাম কাজৰ জড়িয়তে সমাজলৈ আগবঢ়াই থকা অৱদানখিনিৰ কথাহে কোৱা হৈছে। তেনে ধৰণৰ সাধাৰণ অৱদানবোৰ লগ হৈয়েই এসময়ত ই অসাধাৰণ ৰূপ লয়।
উদাহৰণ স্বৰূপে ধৰা যাওক চৰকাৰী অফিচত কাম কৰা এজন সৎ কৰ্মচাৰী। তেওঁ চাকৰি জীৱনত সততাৰ পথত থাকি অসংখ্য মানুহক প্ৰভাৱিত কৰিব পাৰে। সাধাৰণ চাকৰিয়াল এজনেও নিজৰ উপাৰ্জনৰ কিয়দাংশ কৰ হিচাপে প্ৰদান কৰে। তেনে একোজন মানুহে গোটেই জীৱনকালত প্ৰদান কৰা কৰৰ পৰিমাণো তুলনামূলকভাৱে বৃহৎ। সৰুতে কবিতা এটা পঢ়িছিলো, “….. এটোপ দু্টোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গʼল বহল সাগৰ”। সাধাৰণ বৃত্তিধাৰী মানুহ কিছুমানেও নিয়মিতভাৱে অলপ অলপকৈ আগবঢ়োৱা অৱদানে দীঘলীয়া সময়ৰ অন্তত এক বিয়াগোম ৰূপ ধাৰণ কৰে। কোনো প্ৰাইমাৰী স্কুলৰ শিক্ষক এজনে বিনামূল্যে দুখীয়া ঘৰৰ দুই এজন ছাত্ৰক টিউচন কৰোৱা কামটো তেনেকুৱাই এটা কাম৷ ইয়াৰ পৰা কালক্ৰমত একো একোজন সু -নাগৰিক সৃষ্টি হব পাৰে৷ আৰ্থিক সম্বল নথকা স্বত্তেও তেনে একো একোজন ছাত্ৰই আগলৈ গৈ সুনাম অৰ্জন কৰাৰ লগতে স্বাবলম্বিও হব পাৰে আৰু দেশ আৰু হদৰ উপকাৰো সাধন কৰিব পাৰে৷ কোনো দিন হাজিৰা কৰা মানুহ এজনে গাও পৰিচালনা কমিটিৰ পুঁজিত মাহিলী জমা কৰা হদ টকাও দহ বছৰৰ মূৰত বাৰশ টকা হয়গৈ; যিখিনি গাওখনৰ বিভিন্ন উন্নয়নমূলক কামত খৰচ কৰা হয়৷ কোনো শিপিনীয়ে আত্ম সহায়ক গোটৰ যোগেদি হাতত লোৱা ক্ষুদ্ৰ প্ৰকল্পই হওক বা কোনো খেতিয়কে গোঁসাইৰ থানলৈ দৈনিক আগবঢ়োৱা এটকাই হওক, – এনে উদাহৰণ অলেখ অসংখ্য ওলাব৷
“One small step can change your life” নামৰ কিতাপখনত লিখক ৰবাৰ্ট মুৰাৰ(Robert Maurer)এ এনে ধৰণৰ সৰু সৰু কামৰ চমৎকাৰী শক্তিৰ কথা উনুকিয়াইছে। পেচাত তেখেত এজন মনোবিজ্ঞানী। তেওৰ মতে কোনো বৃহৎ কাম একে বাৰতে সমাধা কৰিবলৈ হʼলে বৃহৎ পৰিমাণৰ সম্পদ আৰু শক্তিৰ দৰকাৰ হয়। যেতিয়ালৈকে সেই বৃহৎ পৰিমাণৰ সম্পদ আৰু শক্তি উপলব্ধ নহয় তেতিয়ালৈকে সেই কামটোত হাত দিব নোৱাৰি। তাৰোপৰি বৃহৎ পৰিমাণৰ সম্পদ আৰু শক্তি আহৰণ কৰাটো সকলোৰে পক্ষে সম্ভৱপৰ নহবও পাৰে। তাৰোপৰি পৰিবেশ আৰু পৰিস্থিতিৰ বাবে সকলো সময়তে বৃহৎ পৰিবৰ্তন সম্ভৱপৰ হৈ নুঠিবও পাৰে। কিন্তু তাৰ সলনি অলপ অলপকৈ নিয়মিত ভাৱে কোনো এটা দিশত আগবাঢ়ি গৈ থাকিলে এটা সময়ত কব নোৱাৰাকৈয়ে এক বৃহৎ পৰিবৰ্তন সমাধা হৈ উঠে।
প্ৰকৃতিয়েও প্ৰায়ভাগ কাম অলপ অলপকৈ সমাধা কৰে। উদাহৰণ স্বৰূপে, নদীৰ গতিপথ সলনি, সাগৰৰ তলত গেদ জমা হৈ গেদীয় শিল সৃষ্টি, বনজুইত জ্বলি নিঃশেষ হোৱাৰ পিচত এখন হাবি পুনৰ ফলে ফুলে জাতিষ্কাৰ হোৱা ইত্যাদিবোৰৰ নিচিনা অগণন পৰিঘটনা নিয়মিতভাৱে অলপ অলপকৈ সংঘটিত হৈ থাকি কালক্ৰমত এক বৃহৎ পৰিবৰ্ত্তনৰ ৰূপ লয়। মানৱ জীৱনো ইয়াৰ ব্যতিক্ৰম নহয়।