আমূল টাজা … ইত্যাদি

খুব বেচি পুৰণি কথা নহয়। আমি স্কুলত পঢ়া সময়ত আমাৰ ঘৰত গৰু পুহিছিল। সেই সময়ত আমাৰ গাৱৰ প্ৰায়ভাগ মানুহৰে ঘৰত গৰু আছিল। খীৰতি গাই নথকা বাবে কেতিয়াবা গাখীৰৰ নাটনি হʼলেও ওচৰৰ কোনোবাৰ পৰা কিছুদিনৰ বাবে কিনিলেই সমস্যাৰ সমাধান হৈ যায়। আচৰিত যেন লাগিলেও সঁচা কথা যে সেই সময়ত আমি নিৰ্ভেজাল গাখীৰ খাবলৈ পাইছিলো। এয়া আজিৰ পৰা অতি কমেও পোন্ধৰ বছৰ আগৰ কথা। অনুধাৱন কৰিব পাৰিছো যে সেই সময়ত অসমৰ প্ৰায়বোৰ গাৱৰে পৰিবেশ এনেকুৱাই আছিল।

এতিয়া সময় সলনি হʼল। আমুল টাজাৰ নিচিনা গাখীৰৰ ব্ৰেণ্ড আজিকালি সকলোতে সহজলভ্য। গাওবোৰতো কমি আহিছে ঘৰতে গাই-গৰু পোহাৰ ইচ্ছা। অলপ পইচাৰ বিনিময়ত গেলামালৰ দোকানতে পোৱা যায় গাখীৰৰ পেকেট। “পূৰৱী”ৰ নিচিনা থলুৱা ব্ৰেণ্ডবোৰ ইমান সহজে উপলব্ধ নহয়। পাওৰূটিৰ নিচিনাকৈ অকল পুৱা বা আবেলিহে দোকানবোৰত যোগান ধৰাৰ ব্যৱস্থা, আৰু সেইবাবেই সকলো দোকানতে দিনটোৰ সকলো সময়তে পোৱা নাযায় পূৰৱী গাখীৰ। সহজেই অনুমেয় যে গাখীৰৰ সংৰক্ষণ আৰু পৰিবহণ খুবেই জটিল। তেনেস্থলত সহজেই উপলব্ধ নোহোৱাটোৱেই স্বাভাৱিক। সেইবাবে “আমুল টাজা”ৰ সহজলভ্যতাই কিছু সন্দেহৰো সৃষ্টি কৰে। “এয়া সঁচাকৈ গাখীৰ হয়নে আন কিবা” – তেনে ধৰণৰ প্ৰশ্ন এটা মাজে মাজে মনলৈ আহে। চৰকাৰৰ সহযোগত পূৰৱীৰ উপৰিও, আন কিছুমান দুগ্ধ প্ৰকল্প গঢ় লৈ উঠিছে যদিও সেয়াও কিছুমান সীমিত ভৌগোলিক পৰিসৰৰ ভিতৰতে সীমাবদ্ধ। গতিকে উপায়ন্তৰ হৈ অনিচ্ছাস্বত্তেও আমূল টাজাৰ ওপৰতে নিৰ্ভৰশীল হব লগা হৈছে। এইক্ষেত্ৰত ঘৰতে গৰু পুহিবলৈ পুনৰ আৰম্ভ কৰাটো কাৰ্য্যকৰী সমাধান যেন নালাগে।

ঘৰতে গৰু পোহাৰ প্ৰতি অনিচ্ছাৰ কথাটো সহজেই বুজিব পাৰি। অতীতৰ কৃষিজীৱি সমাজত ই জীৱনধাৰাৰ অংগ আছিল। কিন্তু আজিকালিৰ চাকৰিজীৱি জীৱনধাৰাত ঘৰতে গৰু পোহাৰ বাবে সময় আৰু টকা পইচা খৰচ কৰাটো ভাবিব নোৱাৰা কথা। কিন্তু ইয়ে আমাক “আমূল টাজা”ৰ দৰে ব্ৰেণ্ডৰ ওচৰত নিৰ্ভৰশীল হবলৈ বাধ্যও কৰাইছে, আৰু আমি তাকেই চকু মুদি সেৱন কৰিছো৷

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s