বস্ত্ৰদান

ওচৰৰে এন-জি-ও এটাই আয়োজন কৰা বস্ত্ৰদান কাৰ্য্যসূচীৰ বিষয়ে গম পাইছিলো। কামত নহা, পুৰণি কাপোৰবোৰ জমা দিবলৈ অনুৰোধ কৰিছে। তেওলোকে সেইবোৰ নি দুখীয়া মানুহৰ মাজত বিলাই দিব। মোৰো কেইজোৰমান পুৰণি কাপোৰ ধুই, ইষ্ট্ৰী কৰি আলমাৰিত থৈ দিয়া আছে। সচৰাচৰ অদৰকাৰী কাপোৰ মানুহে ইমান সযতনে নথয়, যদিও মই তেনেদৰে থোৱাৰ কাৰণটো হʼল, – “ক্ষীণোৱাৰ আশা”। বিগত কেইবছৰমানৰ ভিতৰত ভালেখিনি শকত হলো। সময়ৰ সতে আমাৰ শাৰিৰীক অৱয়বৰ কিছু সালসলনি ঘটিবই। এই প্ৰক্ৰিয়াৰ প্ৰভাৱ খুব বেচিকৈ অনুভূত হয় কাপোৰ পিন্ধোতে। পাঁচ বছৰ আগতে যিবোৰ কাপোৰ অনায়াসে পিন্ধিব পাৰিছিলো, আজি সেইবোৰ কোনোপধ্যেই পিন্ধিব নোৱাৰা হʼলো। কাপোৰখিনি ভালদৰে আলমাৰিত থৈ দিছিলো এই আশাৰেই যে এদিন নহয় এদিন মই ক্ষীণাম আৰু তেতিয়া এইবোৰ আকৌ এবাৰ পিন্ধিব পৰা হʼম। দিনৰ পিচত দিন, মাহৰ পিচত মাহ, আৰু এসময়ত বছৰ পাৰ হʼল। ঋতু আহিল ঋতু গʼল। কিন্তু মই ক্ষীণাই আগৰ অৱস্থা পাব নোৱাৰিলো। মাজে মাজে ডায়েটিং আৰু মধ্যমীয়া শৰীৰ চৰ্চাও চলি আছে যদিও ক্ষীণোৱাৰ লক্ষণ নাই। এতিয়া উপলব্ধি কৰিছো যে পাঁচ বছৰ আগৰ সেই চেহেৰালৈ ঘুৰি যোৱাটো অসম্ভৱ।

বয়সৰ লগে লগে হোৱা কিছুমান শাৰীৰিক পৰিবৰ্তন খুবেই স্বাভাৱিক আৰু প্ৰাকৃতিক। অত্যন্ত বেচি শকত হোৱাটো ক্ষতিকাৰক। কিন্তু বয়স সাপেক্ষে কিছু পৰিমাণে শকত হোৱাটো একো অস্বাভাৱিক নহয়। আৰু সেইবাবে ইয়াৰ বিৰুদ্ধে বেচি যুঁজ বাগৰ কৰি লাভ নাই। মাত্ৰ সীমা চেৰাই নোযোৱাকৈ “মেইন্টেইন” কৰি থাকিলে হʼল। জোৰ-জবৰদস্তিকৈ ডায়েটিং কৰি ক্ষীণাবলৈ চেষ্টা কৰিলে কোনো ৰোগৰ কবলত পৰাৰহে সম্ভাৱণা বেচি। প্ৰকৃতি আৰু সময়ে যিদৰে সজাইছে তেনেদৰে সাজি লোৱাটোৱেই ভাল। প্ৰকৃতিৰ লগত সহযোগেহে জীৱন সুন্দৰ কৰে। গতিকে ক্ষীণোৱাৰ কথা মনৰ পৰা আতৰাই পেলাই কাপোৰখিনি দি আহিলো। সেইখিনি কাপোৰ পিন্ধিব পৰাকৈ ক্ষীণোৱাৰ দৰকাৰ নাই। কাপোৰখিনিয়েও মোৰ আলমাৰিত অপেক্ষাৰত হৈ থকাতকৈ কোনোবাৰ মৌলিক প্ৰয়োজন পূৰাওকগৈ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s