গল্প (Stories)

স্মৃতি

ভাৰাক্ৰান্ত মন এটা লৈ হাস্পাটালৰ পৰা ওলাই আহিল প্ৰবাল। পথ দুৰ্ঘটনাত আহত হোৱা চানক্যক ভৰ্তি কৰোৱা হৈছিল কিছুদিন আগতে। দৈহিক জখমবোৰ লাহে লাহে ভাল হৈ আহিছে যদিও মূৰত খুব জোৰেৰে খুন্দা খোৱা বাবে স্মৃতি শক্তি লোপ পাইছে। ডাক্তৰে কোৱা মতে প্ৰথম কিছুদিন একো কব পৰা নাযায়। সময়ৰ লগে লগে গম পোৱা যাব স্মৃতি শক্তি কিমানখিনি ঘুৰি আহে। এতিয়া কাকো চিনি পোৱা নাই সি। আনকি নিজৰ মাক দেউতাককো অচিনাকী মানুহৰ দৰে ব্যৱহাৰ কৰিছে। প্ৰবালৰ ফালেও ৰ লাগি চাই আছিল বহু সময়। কৰবাত যেন দেখিছে কিন্তু মনত পেলাব পৰা নাই, তেনে অভিব্যক্তি। মাক দেউতাকৰ ফালেও অচিনাকী মানুহৰ নিচিনাকৈ চালে তেওলোকৰ হৃদয় ভাগি চুৰমাৰ নহব নে? একমাত্ৰ সন্তান সি। খুব আঢ্যৱন্ত পৰিয়াল নহয়। কোনো মতে পেটে ভাতে খাই থকা মানুহ। তথাপিও পুতেকৰ মোহতে পানীৰ নিচিনাকৈ বোৱাইছে পইচা। কেনেকৈ একো একোটা পৰিয়াল নিমিষতে কঙাল হৈ পৰে, কেনেকৈ নিমিষতে জীৱনে মোট সলায়, কেনেকৈ নিমিষতে একো একোটা সম্ভাৱনাময় জীৱনৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰে, ভাবিলে আচৰিত লাগে।

হাস্পাটালৰ পৰা ওলাই ফুটপাথেৰে আগবাঢ়িল প্ৰবাল। পানদোকাণ, পাচলিৰ দোকান, ফেৰিৱালা, ৰাষ্টাৰ মানুহৰ ভিৰ সকলো পাৰ হৈ খোজ কাঢ়ি থাকিল। শৰাইঘাটৰ নতুন দলংখন বনোৱা “গেমন ইণ্ডিয়া” কোম্পানীত চাকৰি ওলাইছে। আবেদন পত্ৰখন দাখিলৰ আজি অন্তিম তাৰিখ। যেনে তেনে দিবই লাগিব। “… লাভ আছে জানো?” – মনৰ ভিতৰত স্বতঃস্ফূৰ্ত্ত প্ৰশ্ন প্ৰবালৰ। ঠিকেই… ইঞ্জিনিয়াৰিং পঢ়ি বেকাৰ হৈ থকা মানুহৰ মনত এনে প্ৰশ্ন অহাটো স্বাভাৱিক। কিন্তু সেইবোৰ ভাবি থাকিবলৈ প্ৰবালৰ সময় নাই। সি আগবাঢ়িল ভিৰৰ মাজেৰে৷

গৰম চিঙ্গাৰাত কামোৰ মাৰিহে কোনোমতে শান্তি। দুপৰীয়াৰ ভোকৰ পৰা চিঙ্গাৰাই কিছু ৰেহাই দিছে। সম্মুখত এহাল লʼৰা ছোৱালী। লʼৰাজনে ছোৱালীজনীৰ কাণে কাণে কিবা কৈছে। তাই মিচিকিয়া হাঁহি মাৰিছে। এনে প্ৰেমিক যুগল দেখিলে প্ৰবালৰ পৰিমীতালৈ মনত পৰে৷ ছয় বছৰীয়া প্ৰেম নিমিষতে ধূলিস্যাৎ কৰি আন কাৰোবাৰ হৈছিলগৈ তাই৷ মনত পৰিলে আজিও বুকু বিষায়৷ “নাই নাই .. মনত নেপেলাও”, দৌৰাদৌৰিকৈ সকলো জোকাৰি ওলাই আহিল ৰেষ্ট’ৰেন্টৰ পৰা। স্মৃতিৰ পৰা পলায়ন কৰাৰ বহিৰে কেতিয়াবা একো উপায় নাথাকে। ৰাষ্টাত ভৰি দিওতেই ওচৰেৰে পাৰ হৈ গ’ল এখন টাটা চাফাৰী৷ বগা ৰঙৰ টাটা চাফাৰী দেখিলে আজিও সেই দিনবোৰলৈ মনত পৰে তাৰ৷ খুৰাকে লগোৱা গুণ্ডাৰ দলটোও এনে এখন বগা চাফাৰীতেই আহিছিল৷ পৰিয়ালৰ মাজতে বহু বছৰ ধৰি মাটিৰ সীমা লৈ চলা বিবাদত যুক্তিৰে জিকিব নোৱাৰি অৱশেষত গুণ্ডা পাৰ্টিৰ সহায় লৈছিল খুৰাকে৷ বিনা কাৰণত গুণ্ডা পাৰ্টিৰ হাতত উত্তম-মধ্যম খোৱাৰ লগতে পুলিচৰ লক্আপতো এৰাতি কটাব লগা হৈছিল সি৷ আজিও মনত পৰিলে মনটো বেজাৰেৰে ভৰি পৰে৷ প্ৰবালহত সাধাৰণ মানুহ৷ ধনবল, বাহুবল একোৱেই নাই সিহতৰ৷ অৱশেষত মাটিখিনি এৰি দিয়াৰ বাহিৰে গত্যন্তৰ নাছিল৷ মাটি-সম্পত্তিৰ হানি একোৱেই নহয়, অন্যায় সহ্য কৰি থাকিব লগা হোৱাৰ বাবে সৃষ্টি হোৱা মানসিক অন্তৰ্দন্দ আৰু সমাজৰ আগত হোৱা লাঞ্ছনাৰ তুলনাত৷ কেতিয়াবা অনুভৱ হয়, সি যেন অকল সমস্যাৰ লগত যুঁজ কৰিবলৈহে জীয়াই আছে৷ যেন সমস্যাৰ লগত যুঁজ বাগৰ কৰি কোনোমতে জীয়াই থকাটোৱেই জীৱন৷ কিন্তু সমস্যা সদায়ে পৰিস্থিতিৰ সৃষ্ট নহয়৷ কেতিয়াবা নিজৰ ভুলৰ বাবেও সমস্যাৰ সৃষ্টি হয়৷ হায়াৰ চেকেণ্ডাৰীৰ ফলাফল ভাল হোৱা বাবে ইঞ্জিনীয়াৰিং পঢ়াৰ সিদ্ধান্তও চাগে অন্যান্য বহুতো সৰু বৰ ভুলৰ মাজৰে এটা৷ কিবাকৈ ভুলবোৰ শুধৰণি কৰিব পৰা হ’লে, পৰিস্থিতিবোৰ সলনি কৰিব পৰা হ’লে .. জীৱনতো চিনেমাৰ দৰে ৰি-টেক লব পৰা হ’লে, কিমান যে ভাল হ’লহেতেন। জীৱনে দিয়া বোজাবোৰ জীৱনভৰ কঢ়িয়াবলৈ বৰ টান। যিমানে পলায়ন কৰিলেও স্মৃতিয়ে সময়ে সময়ে গবা মাৰি ধৰেহি। তেনেকুৱা সময়তেই উশাহ নোপোৱা হয় প্ৰবালে। এই স্মৃতিবোৰৰ পৰা মুক্তি লাগে তাক। স্মৃতি শক্তি লোপ পোৱা চানক্যৰে ভাল। চিনেমাৰ শ্বুটিঙৰ দৰে তাৰ জীৱনতো ৰি-টেক হৈ গʼল। এতিয়াৰ পৰা জীৱন নতুনকৈ আৰম্ভ হʼব। আগৰচোৱাৰ সকলো দুখ-কষ্ট, হা-হুমুনিয়াহ পাহৰি সকলো নতুনকৈ আৰম্ভ কৰিব পাৰিব চানক্যই। কব নোৱাৰাকৈয়ে মনৰ কোনোবাখিনিত চানক্যৰ প্ৰতি ঈৰ্ষাও উপজিছে প্ৰবালৰ। “… মোৰো চানক্যৰ দৰে হোৱা হেতেন” – মুখৰ ভিতৰতে আওৰালে প্ৰবালে।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s