মণিষাই ভাল পাইছিল বাৰিষাৰ বৰষুণ, শীতৰ কুঁৱলীৰ মায়াজাল, ফাগুনী মলয়া নাইবা শৰতৰ নীলা আকাশ। খুব বেচি বছৰ আগৰ কথা নহয়। মনীষা তেতিয়া স্কুলৰ সপ্তম মান শ্ৰেণীত। আৰু ভায়েক চম্পক পঞ্চম মান শ্ৰেণীত। সকলোৱে তাক মৰমতে চেম্পু বুলি মাতে।
ফাগুনৰ বলীয়া বতাহে ধুঁৱলি-কুঁৱলি কৰা দুপৰীয়া দুয়ো বায়েক-ভায়েক স্কুলৰ পৰা খোজকাঢ়ি ঘৰমুৱা হৈছে। মনীষাই কিবা কিবি কৈ আছে। ভায়েক ব্যস্ত লগৰ এজনৰ পৰা ধাৰলৈ অনা স্পঞ্জৰ বলটোৰ সৈতে। বায়েকৰ কথা কাণত সোমোৱা নাই তাৰ। বলটো অলপ ওপৰলৈ দলিয়াই দিছে, কেচ ধৰিছে। তেনেকৈয়ে খোজ কাঢ়ি ঘৰমুখে আগবাঢ়িছে। ৰাষ্টাটো প্ৰায় জনশূন্য। মাজে মাজে দুই এখন গাড়ী গৈ আছে। কোনো এটা মুহূৰ্ত্তত বলটো চেম্পুৰ হাতৰ পৰা উফৰি গʼল। বলটোৰ পিচে পিচে দৌৰ দিলে সি। বায়েকে এক মুহূৰ্ত্তৰ বাবে ধৰিবই পৰা নাছিল ভায়েক কʼলৈ গʼল। বায়েকে ৰাষ্টাৰ মাজৰ পৰা টানি আনিবলৈ সাজু হৈছিল হে মাত্ৰ, হেন সময়তে এফালৰ পৰা অহা এখন গাড়ীয়ে খুন্দিয়াই থৈ গʼল চেম্পুক। জনশূন্য ৰাষ্টাৰ মাজতে পৰি ৰʼল চেম্পুৰ তেজৰে লুতুৰি-পুতুৰি মৃতদেহ। চকুৰ আগতে মৰমৰ ভায়েকৰ কৰুণ মৃত্যুৱে প্ৰচণ্ড মানসিক আঘাট দিলে মণিষাক। চেম্পুৰ মৃত্যুৰ বাবে তাই নিজকে দোষী বুলি ভাবিবলৈ লʼলে। ইয়ে তাইক মানসিকভাৱে ভাৰসাম্যহীন কৰি পেলালে। ভালেখিনি সময় লাগিল। নেৰানেপেৰা চিকিৎসা আৰু শুশ্ৰূষাৰ ফলত এসময়ত মণিষাও লাহে লাহে ভাল হৈ আহিল। সময় বাগৰিল। সময়ৰ লগে লগে ঋতু পৰিবৰ্তন হʼল। গ্ৰীষ্মৰ পিচত বৰ্ষা, শীতৰ পিচত বসন্ত হৈ প্ৰকৃতিয়ে বহুবাৰ সাজ সলালে।
ৰাহুল আৰু মণিষা দুয়ো দুয়োকে খুবেই ভাল পাইছিল। ৰাহুলৰ প্ৰতিটো কথাই ভাল লাগে মণিষাৰ। মণিষাই আইচক্ৰিম খাই ভাল পায় বাবে সদায়েই তাইলৈ আইচক্ৰিম লৈ আহিছিল। এসময়ত সমাজক সাক্ষী কৰি দুয়ো বিবাহপাশত আবদ্ধ হৈছিল। সময় আগবাঢ়িছিল সুখেৰেই।
ফাগুণৰ দুপৰীয়া, ৰাষ্টাৰ কাষত আইচক্ৰিম কিনিবলৈ ৰৈছে ৰাহুল আৰু মণিষা। মণিষাই কোনটো আইচক্ৰিম কিনিব সেয়া চিন্তা কৰিছে। ৰাহুলে মানিবেগটোৰ পৰা পইচা উলিয়াওতে এশ টকীয়া এখন হাতৰ পৰা উৰুৱাই নিলে ফাগুনী বতাহে। আগ গুৰি নাচাই নোটখন ধৰিবলৈ ৰাষ্টাৰ মাজলৈ দৌৰ দিলে ৰাহুল। তেনেতে ঘটি গʼল অঘটনটো। তীব্ৰবেগী বাচ এখনে খুন্দিয়াই ভু-লুণ্ঠিত কৰি থৈ গʼল ৰাহুলক। মাজ ৰাষ্টাত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থাকিল ৰাহুল। ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী আছিল মণিষা। নিমিষতে মানুহে আগুৰি ধৰিলে দুৰ্ঘটনাস্থলী। যান বাহন স্থবিৰ কৰি জুম বান্ধিলে মানুহে। হাহাকাৰ-হুলস্থুলৰ মাজত কিছু দেৰীকৈ পুলিছো আহি ওলাল। এই সকলো ঘটি আছে মণিষাৰ চকুৰ আগতে। কিন্তু মণিষাই একো মাতিব পৰা নাই মুখেৰে। মুক হৈ পৰিল তাই। আনকি চকু পানীও টুকা নাই। এখোজ দুখোজকৈ আগবাঢ়ি মাজ ৰাষ্টাতে বহি পৰিল তাই প্ৰিয়তমৰ মৃতদেহৰ ওচৰত।
ফাগুণৰ বলীয়া বতাহত আউলি-বাউলি হৈ পৰা কাপোৰেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে খোজ কাঢ়ি গৈ আছে মাইকী মানুহ এজনী। জুতুলা জুটুলি চুলি, লেতেৰা ফটা-চিটা কাপোৰ আৰু মুখত গুৱাল গালি। যেন ফাগুনৰ বলীয়া বতাহে উৰুৱাই অনা ধূলিবোৰকে সমষ্ট ঘৃণাৰে গালি পাৰিছে। সকলো ঋতুৰে নিজস্ব সৌন্দৰ্য্য আছে৷ সকলো ঋতুৱে নিজস্ব গৰিমাৰে গৰিমামণ্ডিত৷ কিন্তু জীৱনৰ ঘটনাক্ৰমেহে নিৰ্ণয় কৰে আমাৰ সুখ-দুখ, হৰ্ষ-বিষাদ আৰু অন্যান্য মানসিক বাতাবৰণ৷ ঋতুৰ সৌন্দৰ্য্য, মাত্ৰ অনুঘটক হে৷ আচৰিত এই জীৱন যাত্ৰা। এসময়ত ফাগুনী মলয়াই আপ্লুত কৰা মণিষাই আজি হিয়া উজাৰি গালি দিছে অবাধ্য ফাগুনক।