মাটীয়া ৰঙৰ চাৰ্ট্‌টো

নিজৰ ৰূমত সোমায়েই চাৰ্টৰ পেকেটটো খুলিবলৈ ধৰিলে চানক্যই। তাৰ বহুদিনীয়া আশা পূৰণ হ’ল। আবেলি মাক-দেউতাকৰ লগত গৈছিল বিহুৰ বজাৰ কৰিবলৈ। নিজে পচন্দ কৰি আনিছে চাৰ্টটো। দাম অলপ বেচি হলেও দেউতাকে একো হকা-বাধা কৰা নাই। চাৰ্টটো হাতত লৈ কিছুসময় লিৰিকি বিদাৰি থাকিল। তাৰ পিচত আইনাৰ সম্মুখত ঠিয় হৈ চাৰ্ট্‌টো গাত লৈ চালে। ভাল দেখাব তাক। ঈষৎ হাঁহি বিৰিঙি উঠিল। এইবাৰ দৌৰাদৌৰিকৈ পিন্ধি থকা টি-চাৰ্টটো খুলি চাৰ্ট্‌টো পিন্ধি ললে। গাঢ় মাটীয়া ৰঙৰ চাৰ্টটো। কিবা কিবি দিজাইন আছে আগে পিচে। আইনাৰ আগত ঘুৰি পকি চালে। হাঁহিটো অলপ বহলকৈ ওলাল। মহানগৰীৰ শ্বপিং মলত সঁজাই থোৱা কাপোৰবোৰ দেখি তাৰো ইচ্ছা হয় তেনে কাপোৰ পিন্ধাৰ। সদায়ে কলেজৰ পৰা আহোতে তিনিটা মান শ্বপিং মলৰ সম্মুখেৰে আহে সি। সদায়ে দেখে প্লাষ্টিকৰ মূৰ্ত্তিবোৰত পিন্ধাই থোৱা কাপোৰবোৰে মূৰ্ত্তিবোৰকো সজীৱ কৰি তোলে।

আস্ .. এয়া কি? গলৰ পিচফালে কিবা খৰখৰীয়া বস্তুৰ সংস্পৰ্শই অস্বস্তি দিছে। চাৰ্টটোৰ কলাৰটো খহতা যেন লগাত লিৰিকি বিদাৰি চাবলৈ লাগিল। কিবা আচৰিত ধৰণৰ খহটা, খৰখৰীয়া .. কলাৰটোৰ ভিতৰটো।

দিজাইন যেন নালাগে দেখোন .. কিবা কৰাল বন্ধা যেন হে লাগে। নখেৰে কুৰুকিলেও এৰি নোযোৱা খৰখৰীয়া বস্তু। গা চেবাইছে তাৰ। বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল কপালত। বাসুকীৰ লগত খেলি থাকোতে হাতৰ আঙুলি থেঁতেলা খাই তেজ ওলাইছিল। ৰুমালেৰে বান্ধি থৈ দিছিল। তেজ বন্ধ হোৱাৰ পিচত ৰুমালখনত তেজৰ কৰাল বান্ধিছিল। চাৰ্টৰ কলাৰটোও ঠিক তেনেকুৱাই দেখুৱাইছে। মাটীয়া ৰঙৰ চাৰ্ট হোৱা বাবে খৰখৰীয়া ঠাইখিনি ৰঙা নে কি ধৰিব নোৱাৰি। কথাখিনি মনলৈ অহাৰ লগে লগেই বিচনাত দলিয়াই দিলে চাৰ্টটো। চুবলৈও মন নোযোৱা হʼল। কিবা যেন অস্পৃশ্য বস্তু। কিন্তু সেয়া তেজ নহবও তো পাৰে। দৌৰাদৌৰিকৈ টেবুলৰ ওপৰত থকা খোৱা পানীৰ বটলটোৰ পৰা অলপ পানী লগাই চালে কলাৰটোত। কিছুসময় একো সালসলনি ঘটা নাই। ধৈৰ্য্যৰে চাই আছে কলাৰটোৰ ফালে। ঘামৰ টোপাল এটা কপালৰ পৰা সৰি পৰাৰ উপক্ৰম হৈছে যদিও তালৈ ভ্ৰুক্ষেপ নাই চানক্যৰ। কিছুসময় ৰৈ কলাৰটো ঘঁহি চালে। নাই, .. একেই কৰকৰীয়া অৱস্থা। পুনৰ নখেৰে কুৰুকিবলৈ ধৰিলে। কিছু সময়ৰ ভিতৰত পানীৰ ৰং সলনি হবলৈ ধৰিলে। প্ৰথমতে গুলপীয়া আৰু তাৰ পিচত ৰঙা হৈ পৰিল দুয়োখন হাত। ভয়, শংকা, উদ্বেগ আৰু দুঃচিন্তাত কাতৰ হৈ পৰিল চানক্য। ইমানেই ভয় খালে যে কথাবোৰ খোলাখুলিকৈ মাক-দেউতাকক কবলৈও সাহস নাইকীয়া হৈ পৰিল তাৰ। নিদ্ৰাহীন ৰাতিও এটাই কথা মগজুত খেলাই থাকিল চানক্যৰ, – “কাৰ তেজ সেয়া? নতুন চাৰ্ট এটাত দোকানতে কেনেকৈ তেজ লাগিব পাৰিলে?”

এনেদৰেই এটা দিন পাৰ হৈ গʼল। সি মাক-দেউতাকক কোৱা নাই চাৰ্টটোৰ কথা। পিচদিনা গধূলি ওচৰৰে মানুহ এঘৰলৈ সপৰিয়ালে ফুৰিবলৈ ওলাল। সি পুৰণি টি-চাৰ্ট এটা পিন্ধি ওলোৱা দেখি মাকে মিহিকৈ ধমক দিয়াৰ সুৰতে কʼলে, “…. নতুন চাৰ্টটো সঁজাই থবলৈ কিনিলি নেকি? সেইটো পিন্ধ আকʼ।” কি কব সি মাক দেউতাকক? ভয়তে তাৰ মুখৰ মাত নাইকীয়া হৈছে। গলত সোপা দিছে। একো কথা নোলোৱা হৈছে। কওঁ বুলিও যেন সি কব পৰা নাই। সি জানে, তাত তাৰ একো ভুল নাই। কিন্তু কিয় জানো ভয়তে সি মাক দেউতাকক একো কব নোৱাৰা হৈছে। নতুন চাৰ্টটো পিন্ধিয়ে ওলাল সি। কোনোবা অচিনাকি মানুহৰ তেজ গাত লৈ ওলাল সি। ভয়, ঘিণ আতংকত বুকু কঁপিছে। ঘামে ভিজাই পেলাইছে সৰ্বশৰীৰ।

আন এটা দিন এনেদৰে পাৰ হৈ গʼল। স্কুলত থকা সময়চোৱাতো মনত অনবৰতে কিবা ভয় এটা সোমাই থাকে। কিজানি মাকে চাৰ্টটো চায়। কিজানি গম পায়। কিজানি তাক জেৰা কৰে কথাবোৰ নোকোৱা বাবে। কিবা এক অজান ভয়ে অনবৰতে আগুৰি ৰাখিলে তাক।

গধূলি সময়। সকলোৱে বহি চাহ খাইছে। টিভিত অসমীয়া বাতৰি চেনেল এটা চলি আছে। বাতৰি পৰিবেশন কৰিছে মহানগৰীৰ সমীপৱৰ্ত্তী কোনো জলাশয়ৰ পৰা। এটা মৃতদেহ পানীত ভাহি আহিছিল। ওচৰৰে মানুহে দেখি পুলিচত খবৰ দিয়ে। এই ঘটনাৰ এসপ্তাহ হʼল কিন্তু এতিয়ালৈকে কোনো সূং-সূত্ৰ ওলোৱা নাই। টিভিৰ পৰ্দাত বাৰে বাৰে দেখুৱাইছে তেজেৰে লুটুৰি-পুটুৰি মৃতদেহটো। এয়া এসপ্তাহ আগৰ ভিদিও ৰেকৰ্ডীং। “.. .. এয়া চাওক নদীত ভাহি অহা মৃতদেহ। ….. প্ৰাপ্ত তথ্য মতে এসপ্তাহ হৈ গʼল যদিও পুলিচে এতিয়াও এই ঘটনাৰ সূং-সূত্ৰ উলিয়াব পৰা নাই। … . . কেমেৰা পাৰ্চন …. সৈতে …”। কথাবোৰৰ ভালকৈ কাণত নোসোমাল চানক্যৰ। তাৰ চকু বান্ধ খাই আছে মৃতদেহটোত আৰু মৃতদেহটোৱে পিন্ধি থকা চাৰ্টটোত। ঠিক যিটো দিজাইনৰ চাৰ্ট সি কিনি আনিছে। মুক হৈ পৰিছে চানক্য। সমগ্ৰ শৰীৰ থক্‌থক্‌কৈ কঁপিছে। এটোপা ঘাম কপালৰ পৰা কুমেৰে বাগৰি আহি মজিয়াত পৰিল।

“এয়া কাকতালীয় সংযোগ হবই নোৱাৰে। বাতৰিত দেখুওৱা মৃতদেহটোৱে পিন্ধি থকা চাৰ্টটোৱেই সি কিনি আনিছে। কিন্তু ই কেনেদৰে সম্ভৱ? সন্ধানহীন মৃতদেহৰ শৰীৰৰ কাপোৰ তদন্তৰ বাবে চৰকাৰী জিম্মাত ৰখা প্ৰমাণ হব লাগিছিল। মৃতদেহ মৰ্গত জমা কৰা সময়তে চাগে মৃতদেহৰ লগত থকা সকলো বস্তু পুলিচৰ জিম্মাত গতাই দিয়া হৈছে। তেনেহলে সেই চাৰ্টটো কিছুদিনৰ ভিতৰতে শ্বপিং মলৰ শ্বʼ-কেচত কেনেদৰে আহিল? মৃত মানুহৰ কাপোৰ কানি আৰু অন্যান্য ব্যক্তিগত সামগ্ৰীৰ বজাৰ চলি আছে নেকি? কোনোৱে সন্দেহ নকৰিবৰ বাবে এনেবোৰ বস্তু জাকজমকীয়া শ্বপিং মলত বিক্ৰি কৰা হয় নেকি বাৰু? তেজৰ কৰাল থকা বাবেহে এই চাৰ্টটো কʼৰ পৰা আহিছে গম পালো। কিন্তু তেনে একো চিন নথকা হʼলে নিশ্চয় গম নাপালোহেতেন। মৃত মানুহৰ আৰু বা কি কি বস্তু, কিমানবোৰ কাপোৰ, শ্বপিং মলবোৰৰ যোগেৰে আমালৈ আহিছে। …. ” মূৰটো আচন্দ্ৰাই কৰিলে। চাৰ্টটো জ্বলাই পেলোৱাৰ সিদ্ধান্ত লʼলে সি। মাক দেউতাকক মিচাকৈ কিবা কৈ থব। মুঠৰ ওপৰত এই চাৰ্ট্‌টো পিন্ধা দূৰৰে কথা লগতেই নাৰাখে সি।

দিন বাগৰিল। মাটীয়া ৰঙৰ চাৰ্ট্‌টোৰ কাহিনী তল পৰিল। এতিয়া সকলো স্বাভাৱিক। কিন্তু আজিও স্কুলৰ পৰা আহোতে স্বপিং মলত নানাৰঙী কাপোৰ পিন্ধাই সজাই থোৱা পুতলাবোৰ দেখিলে একো একোটা মৃতদেহ যেনহে অনুভৱ হয় চানক্যৰ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s