ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

ভ্ৰাম্যমাণ, ডেচডিম’না আৰু মোৰ অনুভৱ

আৰম্ভণিতে কৈ লও যে মই সমালোচক নহয়, আৰু এই লিখনিটোও সমালোচনামূলক লিখনি নহয়। ই মোৰ ব্যক্তিগত অনুভৱৰ মুক্ত প্ৰকাশ হে মাথো।

ভ্ৰাম্যমাণ থিয়েটাৰ অসমীয়া সংস্কৃতিৰ এক বহুমূলীয়া উপাদান। অসমৰ ভ্ৰাম্যমাণৰ জগতখনৰ বিভিন্ন বিষয় সামৰি, এটা সাৱলীল কাহিনীৰে লিখা এখন সুন্দৰ উপন্যাস হʼল মণিকুন্তলা ভট্টাচাৰ্য্যৰ “মই ডেচডিম’না হʼব খোজো”। উপন্যাস বুলি পঢ়িবলৈ লৈছিলো যদিও পঢ়াৰ পিচত হে গম পালো, ই অকল এখন উপন্যাসেই নহয়, ই এক বহুমূলীয়া ঐতিহাসিক দস্তাবেজ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ ভিতৰ বাহিৰ উভয়ৰে বহুকেইটা দিশে লেখিকাই খুবেই সুন্দৰকৈ উপস্থাপন কৰিছে। নানান সমস্যা-স্বত্তেও ভ্ৰাম্যমাণ থিয়েটাৰ এখন সুন্দৰকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত পৰিচালক প্ৰযোজকৰ ভূমিকা, স্থানীয় ৰাইজৰ লগত ভ্ৰাম্যমাণ দলৰ সম্পৰ্ক, হাজাৰটা ব্যক্তিগত সমস্যা-স্বত্তেও ভ্ৰাম্যমাণলৈ আগবাঢ়ি অহা অভিনেতা অভিনেত্ৰী সকলৰ অন্তর্দ্বন্দ্ব আৰু সকলো ঢাকি থৈ দৰ্শকৰ সম্মুখত নিমিষতে নাটকৰ চৰিত্ৰৰ লগত এক হৈ পৰাৰ দক্ষতা, অভিনেতা-অভিনেত্ৰী প্ৰযোজক, পৰিচালক ইত্যাদি মূল মানুহবোৰৰ উপৰিও নাট্য দল এটা চলি থাকিবলৈ দৰকাৰ হোৱা নানাটা সৰু-বৰ কামৰ বাবে থকা চকুত নপৰা সৰু মানুহবোৰৰ প্ৰয়োজনীয়তা … ইত্যাদি বহুখিনি কথাই উপন্যাস খনৰ লালিত্য বঢ়াইছে।

এই সকলোবোৰৰ উপৰিও কিতাপখনত ঠায়ে ঠায়ে সন্নিবিষ্ট হৈছে ভ্ৰাম্যমাণৰ গৌৰৱোজ্জ্বল ইতিহাসৰ ইটো সিটো ঘটনাৰ প্ৰাঞ্জল বিৱৰণি আৰু উত্থান পতনৰ কাহিনী। এই সকলোৰে লগত কিতাপ খনত ঠায়ে ঠায়ে উল্লিখিত হৈছে ভ্ৰাম্যমাণৰ লগত জড়িত বহুতো ব্যক্তিৰ নাম। সময়ৰ সোঁতত পাহৰণিৰ গৰ্ভত লীন হব খোজা এনেবোৰ মানুহৰ বৰঙণিৰ কথা ভ্ৰাম্যমাণৰ ওপৰত লিখিত আন কোনো লিখনিত ঠাই পাইছে নে নাই সেয়া সন্দেহজনক। এইসকল লোকৰ অৱদানখিনি সাহিত্যৰ জড়িয়তে মানুহৰ মাজলৈ আগুৱাই লৈ যোৱাৰ দৰকাৰ। মণিকুন্তলা ভট্টাচাৰ্যৰ উপন্যাস, “মই ডেচডিম’না হʼব খোজো”এ এই কাম বাৰুকৈয়ে কৰিছে।

মানুহৰ উপৰিও ভ্ৰাম্যমাণৰ ইতিহাসৰ নানানটা ঘটনা, নানান উত্থান পতনৰ কাহিনী বৰ্ণিত হৈছে বিভিন্ন চৰিত্ৰৰ মাজত হোৱা কথোপকথনৰ মাজেৰে। লিখনিৰ সমল বিচাৰি লেখিকাই ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থল বৰপেটা জিলাৰ পাঠশালাত বহুখিনি মূল্যবান সময় অতিবাহিত কৰি ভ্ৰাম্যমাণৰ লগত জড়িত বহুকেইজন মানুহক সাক্ষাত কৰিছে। ইমানখিনি পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে লেখিকা ধন্যবাদৰ পাত্ৰ।

ভ্ৰাম্যমাণ নাট্যগোষ্ঠী এক সংস্কৃতিক উপাদান হোৱাৰ লগতে লোকচক্ষুত ই এক সফল ব্যৱসায় বুলি চিহ্নিত হয় যদিও, অৰ্থৰ অভাবতে সময়ে সময়ে বহুতো ঐতিহ্যমণ্ডিত ভ্ৰাম্যমাণ নাট্যগোষ্ঠী বন্ধ হব লগা হৈছে। ইয়াৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন সামাজিক লোকাচাৰৰ বিপৰীতে গতি কৰা বুলি অপবাদ পাইছিল আৰু বিভিন্ন মহলৰ পৰা সময়ে সময়ে বাধা-নিষেধৰ সম্মুখীন হৈছিল ভ্ৰাম্যমাণে। এই সকলোবোৰ বাধা-নিষেধ আৰু সামাজিক কু-সংস্কাৰৰ কবলৰ পৰা কিছুসংখ্যক উদ্যোগী মানুহৰ নিৰলস প্ৰচেষ্টাৰ ফলস্বৰুপে ভ্ৰাম্যমাণ আগুৱাই যাবলৈ সক্ষম হৈছিল। কালক্ৰমত ৰাইজে ভ্ৰাম্যমাণক দুহাত মেলি আদৰি লয় আৰু সেইবাবেই আজি আমি সফল ৰূপত ভ্ৰাম্যমাণক দেখিবলৈ পাইছো। এটা সাৱলীল সুখপাঠ্য কাহিনীৰ লগতে, গৌৰৱোজ্জ্বল ইতিহাসৰ টুকুৰাবোৰ সন্নিবিষ্ট কৰি লিখা “মই ডেচডিম’না হʼব খোজো” এখন সঁচাকৈ বহুমূলীয়া কিতাপ।

** কিছু ব্যক্তিগত **

কিতাপখন পঢ়া বহুদিনেই হʼল যদিও এইখিনি কথা লিখাৰ দৰকাৰ এতিয়াহে অনুভৱ কৰাৰ আৰতে হৈছে সাম্প্ৰতিক ভ্ৰাম্যমাণক লৈ চলা বিতৰ্ক। বৰ্তমানে ভ্ৰাম্যমাণ থিয়েটাৰ কিছু অপবাদ আৰু সমালোচনাৰ সম্মুখীন হৈছে। ভ্ৰাম্যমাণত চিণ্ডিকেট চলোৱা বুলি অভিজিৎ ভট্টাচাৰ্যৰ নিচিনা কিছুমান মানুহৰ বিৰুদ্ধে গোচৰ তৰা হৈছে। সেইবোৰৰ সত্যা-সত্য নিৰ্ধাৰণ কৰিবলৈ আৰু যথাযোগ্য পন্থা অৱলম্বন কৰিবলৈ ৰাইজ আছে, আইন আছে, আদালত আছে। কিন্তু অভিজিৎ ভট্টাচাৰ্য্যৰ বিষয়ে বেয়াকৈ কিবা এটা কবলৈ বা লিখিবলৈ গৈ যেন আমি ভ্ৰাম্যমাণক অপমান নকৰো। ভ্ৰাম্যমাণ থিয়েটাৰৰ গৰিমা, দুষ্ট চক্ৰৰ কবলত পৰি, সাম্প্ৰতিক কিছু পৰিমাণে ম্লান হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু ভ্ৰাম্যমাণৰ বৰ্তমানৰ অৱস্থাটোৰ ওপৰত ভিত্তি কৰি যেন আমি অতীতৰ ঐতিহ্যক বৃদ্ধাংগুষ্ঠ নকৰো।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s