সমাপ্তি

ভাল বেয়া সকলো বস্তুৱেই এদিন সমাপ্তিৰ পিনে আগবাঢ়ে। just like old times বুলি কৈ সমাপ্ত হবলৈ ওলোৱা কোনো এটা কাম, অভ্যাস বা প্ৰথাৰ শেষৰবাৰলৈ পুনৰাবৃত্তি কৰাও দেখা পোৱা যায়। পুৰণিৰ সমাপ্তিৰ সমান্তৰালকৈ নতুনৰ আৰম্ভণিও এক অনিবাৰ্য্য পৰিঘটনা। পুৰণিৰ সমাপ্তি আৰু নতুনৰ আৰম্ভণিয়েই জন্ম দিয়ে পৰিবৰ্ত্তনক। পৰিবৰ্ত্তনেই চলাই নিয়ে বিশ্বব্ৰহ্মাণ্ডৰ এই নিৰবিচ্ছিন্ন পৰিক্ৰমা।

অপচয়

মৃত্যুৰ বাহিৰে জীৱনক ইমান বেচিকৈ অনুপ্ৰাণিত কৰিব পৰা আন বস্তু নাই। মৃত্যুৰ বিভীষিকা চকুৰ আগতে দেখিলে জীৱনটোৰ বাবে জন্মে এক বুজাব নোৱাৰা মৰম। জীয়াই থকাৰ প্ৰতিটো মুহূৰ্ত্তই যেন সৎব্যৱহাৰ কৰিম তেনে এক মানসিকতা গঢ় লৈ উঠে অজানিতেই। সাধাৰণ জীৱনযাত্ৰাত আমি বহুতো খাম-খেয়ালী, হাই-কাজিয়া, অসুখ-অশান্তিৰ মাজেৰে পাৰ জীৱনটো পাৰ কৰো। কিন্তু মৃত্যুক ওচৰৰ পৰা দেখিলেহে গম … Continue reading অপচয়

ব্লেকবেৰী ফোকাচ ৰাইটাৰ ইত্যাদি

কিয় জানো আজিকালি কিবা লিখিবলৈ ললে অসমীয়াতকৈ, ইংৰাজীত লিখাৰ প্ৰৱনতাহে বেচি হয়। যা হওক, ... লিখিলে হʼল। এই বিশ্বব্ৰহ্মাণ্ডত যে একো বস্তুৱেই স্থায়ী নহয়। কিবা এটা বস্তুৰ লগত অভ্যস্ত হৈ পৰাৰ সময়তে সেই বস্তুটোত কিবা পৰিবৰ্তন আহি পৰে বা কিছু ক্ষেত্ৰত বস্তুটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰে। ই বিশেষকৈ ঘটে তথ্য-প্ৰযুক্তিৰ লগত জড়িত বস্তুবোৰত। উদাহৰণ স্বৰূপে, … Continue reading ব্লেকবেৰী ফোকাচ ৰাইটাৰ ইত্যাদি

তিনিজন মানুহৰ এটি সাধাৰণ কাহিনী

আদহীয়া বয়সৰ এজন অসমীয়া মানুহ। জন্ম আৰু কৰ্ম - উভয় সূত্ৰে তেও যোৰহটীয়া। তেও জীৱনত বহু কষ্ট কৰি প্ৰতিষ্ঠিত হৈছে। সম্প্ৰতি তেও এজন সফল ব্যৱসায়ী। কষ্টোপাৰ্জিত ধনেৰে পৰিয়ালৰ পোহ পাল দিয়াৰ লগতে স্বচ্ছল জীৱন যাপন কৰিছে। তেও কষ্টৰ মূল্য জানে। কষ্টোপাৰ্জিত প্ৰতিটো টকাৰ মূল্য জানে। সময় সাপেক্ষে ব্যৱসায়ত উত্থান পতন থাকে। ভাল বেয়া দিন থাকে। … Continue reading তিনিজন মানুহৰ এটি সাধাৰণ কাহিনী

ভ্ৰাম্যমাণ, ডেচডিম’না আৰু মোৰ অনুভৱ

আৰম্ভণিতে কৈ লও যে মই সমালোচক নহয়, আৰু এই লিখনিটোও সমালোচনামূলক লিখনি নহয়। ই মোৰ ব্যক্তিগত অনুভৱৰ মুক্ত প্ৰকাশ হে মাথো। ভ্ৰাম্যমাণ থিয়েটাৰ অসমীয়া সংস্কৃতিৰ এক বহুমূলীয়া উপাদান। অসমৰ ভ্ৰাম্যমাণৰ জগতখনৰ বিভিন্ন বিষয় সামৰি, এটা সাৱলীল কাহিনীৰে লিখা এখন সুন্দৰ উপন্যাস হʼল মণিকুন্তলা ভট্টাচাৰ্য্যৰ "মই ডেচডিম'না হʼব খোজো"। উপন্যাস বুলি পঢ়িবলৈ লৈছিলো যদিও পঢ়াৰ পিচত … Continue reading ভ্ৰাম্যমাণ, ডেচডিম’না আৰু মোৰ অনুভৱ

অফুৰন্ত সময়

নকৰিলেও আমি সীমিত পৰিমাণৰ কামহে সমাধা কৰিবলৈ সক্ষম হʼম। আৰু সেইবাবে আমি সীমিত সংখ্যক কামহে কৰিবলৈ হাতত লব লাগে।

বস্ত্ৰদান

ওচৰৰে এন-জি-ও এটাই আয়োজন কৰা বস্ত্ৰদান কাৰ্য্যসূচীৰ বিষয়ে গম পাইছিলো। কামত নহা, পুৰণি কাপোৰবোৰ জমা দিবলৈ অনুৰোধ কৰিছে। তেওলোকে সেইবোৰ নি দুখীয়া মানুহৰ মাজত বিলাই দিব। মোৰো কেইজোৰমান পুৰণি কাপোৰ ধুই, ইষ্ট্ৰী কৰি আলমাৰিত থৈ দিয়া আছে। সচৰাচৰ অদৰকাৰী কাপোৰ মানুহে ইমান সযতনে নথয়, যদিও মই তেনেদৰে থোৱাৰ কাৰণটো হʼল, - "ক্ষীণোৱাৰ আশা"। বিগত কেইবছৰমানৰ … Continue reading বস্ত্ৰদান

সময়ৰ দৌৰ

সময়বোৰ যে ইমান সোনকালে পাৰ হৈ যায় ভাবিলে আচৰিতেই লাগে। ঋতু আহে ঋতু যায়, প্ৰকৃতিয়ে মোট সলায়, চাওতে চাওতে সৌ সিদিনাৰ সৰু সৰু গছপুলি জোপা ডাঙৰ হয়। বতাহত হালি জালি সি যৌৱনৰ আনন্দ-উচাহ প্ৰকাশ কৰে। সময় আগবাঢ়ে নিৰন্তৰে। পাতলকৈ বলা মলয়া জাকে গছডাল লৰাব নোৱাৰা হয়। অকল পাতবোৰহে লৰে। যেন বয়সৰ লগে লগে কিছু গাম্ভীৰ্য্য … Continue reading সময়ৰ দৌৰ

আন্দোলন আৰু আগ্নেয়গিৰি উদ্গিৰণ

আন্দোলন আৰু আগ্নেয়গিৰি উদ্গিৰণৰ মাজত ভালেমান সামঞ্জস্য আছে৷ আগ্নেয়গিৰিৰ ক্ষেত্ৰত পৃথিৱীৰ অভ্যন্তৰত ভালেখিনি চাপ সৃষ্টি হয় আৰু এসময়ত সেই চাপৰ ফলতেই গলিত লাভা ওলাই আহে। আন্দোলনৰ ক্ষেত্ৰতো কথাটো প্ৰায় একেই। বিভিন্ন কাৰণত মানুহৰ মনৰ ভিতৰত সৃষ্টি হোৱা চাপ দীৰ্ঘদিন ধৰি জমা হৈ থাকি অৱশেষত আন্দোলন হিচাপে বহিঃপ্ৰকাশ কৰে। ভাষা আন্দোলনৰ সময়ৰ বিভীষিকাময় ৰাতিবোৰৰ কথা মা দেউতা আৰু অন্যান্য অগ্ৰজসকলৰ … Continue reading আন্দোলন আৰু আগ্নেয়গিৰি উদ্গিৰণ

আমূল টাজা … ইত্যাদি

খুব বেচি পুৰণি কথা নহয়। আমি স্কুলত পঢ়া সময়ত আমাৰ ঘৰত গৰু পুহিছিল। সেই সময়ত আমাৰ গাৱৰ প্ৰায়ভাগ মানুহৰে ঘৰত গৰু আছিল। খীৰতি গাই নথকা বাবে কেতিয়াবা গাখীৰৰ নাটনি হʼলেও ওচৰৰ কোনোবাৰ পৰা কিছুদিনৰ বাবে কিনিলেই সমস্যাৰ সমাধান হৈ যায়। আচৰিত যেন লাগিলেও সঁচা কথা যে সেই সময়ত আমি নিৰ্ভেজাল গাখীৰ খাবলৈ পাইছিলো। এয়া আজিৰ … Continue reading আমূল টাজা … ইত্যাদি

সাধাৰণ মানুহৰ অসাধাৰণ অৱদান

সাধাৰণ মানুহেও সমাজলৈ কিছুমান অসাধাৰণ অৱদান আগবঢ়াব পাৰে। “অসাধাৰণ অৱদান” বুলি কোৱাৰ লগে লগে খুব ডাঙৰ কিবা এটা কৰি দেখুওৱাৰ কথা মনলৈ আহে যদিও ইয়াত তেনে কোনো কামৰ কথা কোৱা নাই। বৰঞ্চ সাধাৰণ মানুহে দৈনন্দিন নিতান্ত সাধাৰণ কাম কাজৰ জড়িয়তে সমাজলৈ আগবঢ়াই থকা অৱদানখিনিৰ কথাহে কোৱা হৈছে। তেনে ধৰণৰ সাধাৰণ অৱদানবোৰ লগ হৈয়েই এসময়ত ই … Continue reading সাধাৰণ মানুহৰ অসাধাৰণ অৱদান

জাষ্ট লাইক এনি আডাৰ কান্ট্ৰী ইন দা ৱৰ্ল্দ

কেইবছৰ মান আগতে দুজন বন্ধুৰ সতে ইউৰোপ ফুৰিবলৈ গৈছিলো। বিশ দিন যোৰা আমাৰ ভ্ৰমণত ন খন দেশ ভ্ৰমণ কৰিছিলো। তাৰ ভিতৰত বেলজিয়াম দেশৰ ৰাজধানী ব্ৰাচেল্‌চ চহৰত ঘটা এটা ঘটানাই আজিও মনত দোলা দি থাকে। পেৰিচৰ পৰা বাচেৰে ব্ৰাচেল্‌চত উপস্থিত হৈ হোটেলত সোমাই বস্তু বাহানি থৈ হাত মুখ ধুই ওলাই যাবলৈ সাঁজু হৈছিলো। ওলাই যোৱাৰ আগতে … Continue reading জাষ্ট লাইক এনি আডাৰ কান্ট্ৰী ইন দা ৱৰ্ল্দ

আমি একে ঠাইতে আছো

স্কুলত থাকোতে “অসমৰ বানপানী’’ বিষয়টোৰ ওপৰত ৰচনা লিখিছিলো৷ এয়া আজিৰ পৰা বিশ বছৰ আগৰ কথা৷ ৰচনাত লিখা কথাবোৰ আজিও প্ৰাসংগিক৷ সৰুতে দেউতাই অসম আন্দোলনৰ কথাবোৰ সাধুৰ নিচিনাকৈ কৈছিল৷ আমিও সেইবোৰ সাধুকথাৰ দৰেই শুনিছিলো৷ সেইবোৰ কথাও বৰ্তমান সময়ত প্ৰাসংগিক৷ আমাৰ হাতে হাতে যিমানেই দামী স্মাৰ্তফোন নাথাকক কিয়, ৰাষ্টাই ঘাটে ব্যক্তিগত গাড়ীৰ সংখ্যা যিমানেই নাবাঢ়ক কিয়, আৰ্থিক … Continue reading আমি একে ঠাইতে আছো

এয়াতো নতুন কথা নহয়

হাজাৰ আন্দোলন, বিদ্ৰোহ, বিক্ষোভৰ মাজতো যেন মোৰ অসমীয়া তেজ গৰম হৈ উঠা নাই৷ বাৰে বাৰে নিজকে প্ৰশ্ন কৰিছো, ক’ত কি খেলিমেলি হ’ল? কেলেই মোৰ অসমীয়া জাতিসত্ত্বা জাঙুৰ খাই উঠা নাই? ইমানেই যান্ত্ৰিক হৈ পৰিছো নে মই? নে মোৰ মনত জাতি, মাটি, ভেটিৰ প্ৰতি একো আবেগ নায়েই? তেনেকুৱাতো হব নোৱাৰে৷ তেন্তে ক’ত কি হ’ল? বাৰে বাৰে … Continue reading এয়াতো নতুন কথা নহয়

বুঢ়া শালিকাই মাত নধৰে

কথাটো এশ শতাংশই শুদ্ধ। বুঢ়া শালিকাই মাত নধৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযান চলাই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি মানুহক সজাগ কৰিবলৈ চেষ্টা কৰিছে। ভাল কথা। হয়তো স্বচ্ছতাৰ বিষয়ে সজাগতা আগতকৈ বাঢ়িছে। কিন্তু সঁচা কথাটো হʼল বুঢ়া শালিকাই মাত নধৰে। গেলা-পচা আৱৰ্জনাৰে ভৰা ৰাষ্টা-ঘাট, পদ-পথ, আৱৰ্জনাবোৰ ছেদেলি-ভেদেলি হৈ পৰি থকা দাষ্টবিন আমি আজিও দেখি আছো আৰু … Continue reading বুঢ়া শালিকাই মাত নধৰে

আন্দোলন .. আৰু কিমান ?

অপ্ৰিয় হʼলেও সঁচা কথাবোৰ কবই লাগিব। নাগৰিকত্ব বিধেয়ক লৈ অসম উত্তাল হৈ থকাৰ সময়তে শ্ৰমিকসংঘৰ ধৰ্মঘট সংঘটিত হৈছিল কালি(৮ জানুৱাৰী) আৰু আজি(৯ জানুৱাৰী) এই দুই দিন ধৰি। কালি আছু সমন্বিতে বহুসংখ্যক জাতীয় সংগঠনে অসম বন্ধ ঘোষণা কৰা বাবে শ্ৰমিক সংঘৰ ধৰ্মঘটে সিমান গুৰুত্ব নাপালে। কিন্তু আজি অসম বন্ধ নাই। গতিকে কামৰ সংক্ৰান্তত আমাৰ কোম্পানীৰ শিলিগুৰি … Continue reading আন্দোলন .. আৰু কিমান ?

কিহৰ ভিত্তিত কি আৰু কেনেদৰে ?

মানসিক আৰু বৌদ্ধিক ভাৱে উন্নত সকলো লোকেই যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অলপ হ’লেও যুক্তিৰ ভিত্তিত বিচাৰ বিবেচনা কৰি চায়৷ কিন্তু যোৱা কেইবছৰমানৰ পৰা যুক্তিত আউল লগা দেখিবলৈ পোৱা গৈছে। কিহৰ ভিত্তিত কাক সমৰ্থন কৰিম? কিহৰ ভিত্তিত কোনটো পন্থা অৱলম্বন কৰিম? মই অন্তঃকৰণেৰে বিশ্বাস কৰো যে মানুহ উদাৰ হব লাগে। মানুহৰ দৃষ্টিভঙ্গী বিশ্বমুখী হব লাগে। নিজকে … Continue reading কিহৰ ভিত্তিত কি আৰু কেনেদৰে ?

বছৰৰ শেষত

আন এটা বছৰ শেষ হবলৈ ওলাইছে৷ বহুতো তিতা মিঠা অভিজ্ঞতাৰে আমাক চহকী কৰাই থৈ মেলানি মাগিবলৈ ওলাইছে দুহেজাৰ ওঠৰ চনটোৱে৷ এনে ক্ষণত, কি পালো, কি হেৰুৱালো, কি হʼল কি নʼহোল এনেবোৰ কথাই মনৰ মাজত ভিৰ কৰেহি। অতীত ৰোমন্থণ এক লোভনীয় কাম। কেতিয়াবা, একো লাভ নাই বুলি জনাৰ পিচটো অতীতৰ কথাবোৰ মনত পেলাই পুলকিত হোৱাৰ লোভ … Continue reading বছৰৰ শেষত

জীৱশ্ৰেষ্ঠ ?

জীৱশ্ৰেষ্ঠ - এক হাস্যস্পদ বিশেষণ। হাস্যস্পদ বুলি কোৱাৰ ইচ্ছা এইকাৰণেই জাগিল কিয়নো এই বিশেষণটোৰ যোগেদি মানুহে নিজেই নিজকে সমস্ত জীৱকুলৰ ভিতৰত শ্ৰেষ্ঠ বুলি ঘোষণা কৰিছে। কিন্তু সেই শ্ৰেষ্ঠতাৰ মাপকাঠী কি? হয়, মানি লৈছো আমাৰ বৌদ্ধিক শক্তি আছে। বিচাৰ বিবেচনা আছে। বৌদ্ধিক শক্তিৰ সহায়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সাধন কৰি আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ আমূল পৰিৱৰ্তন … Continue reading জীৱশ্ৰেষ্ঠ ?

ভাল কাকত, আলোচনীৰ সন্ধানত

বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাটোৰ প্ৰতি মোৰ এক বুজাব নোৱাৰা অনীহা আছিল আগৰ পৰাই। তাৰ বিপৰীতে চতুৰ্থ পৃষ্ঠাটোৰ প্ৰতি আছিল এক আকৰ্ষণ। সম্পাদকীয়ৰ উপৰিও অন্যান্য বহুতো সুখপাঠ্য লিখনিয়ে চতুৰ্থ পৃষ্ঠাটো অলংকৃত কৰে। এই লিখনিবোৰেই আছিল মোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, কাৰণ এইবোৰ আমাৰ মন-মস্তিষ্কৰ বাবে সুস্বাদু আহাৰ স্বৰূপ। লক্ষ্য কৰিছো, আজিকালি প্ৰায়বোৰ কাকতৰে চতুৰ্থ পৃষ্ঠাত প্ৰকাশ পোৱা প্ৰায়ভাগ … Continue reading ভাল কাকত, আলোচনীৰ সন্ধানত

ডায়েৰী

সকলো মানুহকে সংগ লাগে। সুখ-দুখৰ কথা পাতিবলৈ, আবেগ অনুভূতিবোৰ বিলাবলৈ, পৰস্পৰে পৰস্পৰৰ অৱলম্বন হবলৈ লাগে সংগ। পিচে সকলো সময়তে মানুহেই মানুহৰ অৱলম্বন হব লাগিব বুলি কথা নাই। মোৰ একান্ত ব্যক্তিগত সময়ত মনৰ মাজত ভিৰ কৰি থকা কথাবোৰ বিলাবলৈ ওচৰতে পাও মোৰ ডায়েৰীটো। কথাখিনি অলপ আচৰিত যেন লাগিলেও সঁচা। ডায়েৰীটোৱেই মোৰ সকলো সুখ দুখৰ লগৰী। ডায়েৰী … Continue reading ডায়েৰী

কাগজ কলম আৰু কিছু অনুভূতি

কাগজ, কলম আৰু কিছু অনুভূতি - এই তিনিটা বস্তুৱেই দৰকাৰী কিবা এটা লিখাৰ বাবে। লগত অৱশ্যে ইন্ধন হিচাপে অনুভূতিখিনি কাগজৰ পিঠিত সাৱলীলভাৱে লিখি উলিয়াবলৈ অলপ মানসিক কচৰত কৰাৰ ইচ্চা আৰু শক্তিও লাগিব। সেইখিনি আছে বুলি যদি ধৰি লওঁ তেন্তে বচ্, আৰু একো নালাগে। আজিৰ পৰা ঠিক আঠ বছৰমান আগতে এই তিনিটা উপাদান আৰু ইন্ধনখিনি লৈয়ে … Continue reading কাগজ কলম আৰু কিছু অনুভূতি

ক্ষুধা

অত্যন্ত প্ৰতিকূল পৰিস্থিতিত, জীয়াই থকাৰ তাড়নাত, ভোকৰ জ্বলাত মানুহে মানুহক ভক্ষণ কৰাৰ সঁচা কাহিনী আমি শুনিছো। এইবোৰ কথা আমাৰ সাধাৰণ জীৱনশৈলীত কেতিয়াও নঘটে বুলি অনুভৱ কৰো যদিও আমাৰ অলক্ষিতে ইয়াৰ তদ্ৰুপ ঘটনা কিছুমান, বৰ্তমান সময়ত আমাৰ সমাজতে হৈ আছে। মাত্ৰ আমি অনুধাৱন কৰিব পৰা নাই। জনসংখ্যা বৃদ্ধিয়ে দিনে দিনে মানুহৰ জীৱনশৈলী কঠিন কৰি আনিছে। জীৱন … Continue reading ক্ষুধা

কৰা যায় কি ?

চৰকাৰে কিবা বেয়া পন্ঠা লৈছে, গ্ৰণ্ঠমেলা বন্ধ কৰিব খুজিছে, কৰবাত অন্যায়, কৰবাত অনিয়ম, কৰবাত দুৰ্নীতি হৈছে ইত্যাদি কথাবোৰেও সাহিত্যৰ ক্ষেত্ৰখনক বৰ বেয়াকৈ ক্ষতিগ্ৰষ্ট কৰে৷ এই ধৰক যোৱা কিছুদিনৰ পৰা কিবা অলপ চিন্তা কৰিব পৰা বা লিখা মেলা কৰিব পৰা সৰু বৰ লিখক-লেখিকা, চিন্তাবিদ, সাহিত্যিক, বুদ্ধিজীৱি সকলোৱে অন্য সকলো কথা বাদ দি গ্ৰন্ঠমেলাৰ বিষয়টোৰ ওপৰতে চিন্তা … Continue reading কৰা যায় কি ?

মানুহবোৰৰ কি হৈছে?

সঁচাকৈয়ে ভাবিবলৈ বাধ্য হৈছো। মানুহবোৰৰ কি হৈছে? কোনেও কাকো নমনা, কোনেও কাৰো নুশুনা, সকলোৱে নিজৰটোহে ডাঙৰ বুলি ধৰি থকা অৱস্থা এটাৰ সৃষ্টি হৈছে সকলোফালে। কেতিয়াবা কোনো অচিনাকী মানুহে তেনে উদ্ভত আচৰণ কৰিলে আওকাণ কৰিব পাৰি। কিন্তু আজিকালি দেখিছো প্ৰায়বোৰ মানুহৰে আচৰণত এক বুজাব নোৱাৰা পৰিৱৰ্তন আহি পৰিছে। কিবা এটা আচৰিত খং, কিহবাৰ হতাশা, কিহবাৰ নিৰাশাজনিত … Continue reading মানুহবোৰৰ কি হৈছে?

ভাল গানৰ আশাৰে

অসমীয়া সংগীতৰ সক্ৰিয় শিল্পী বুলিলে পোনপ্ৰথমে জুবিন আৰু পাপনৰ কথাই মনলৈ আহে। এই পৰিস্থিতি আজিৰ নহয়। যোৱা বহু বছৰ ধৰি এনেকুৱা পৰিস্থিতি বাহাল আছে। জুবিন আৰু পাপনৰ বাহিৰে আৰু কোন আছে বুলি ভাবিলে মনলৈ আহে দীক্ষু, জয় বৰুৱা, বাবু, কুমাৰ ভবেশ ইত্যাদিৰ নাম। তাৰ পিচত আৰু কোন আছে বুলি ভাবিলে মনটো বহু সময় খালী হৈ … Continue reading ভাল গানৰ আশাৰে

বোবা

জীৱ জন্তুৱে মানুহৰ নিচিনাকৈ কথা কব নোৱাৰে। সিহতৰ ভাষা নাই। তথাপিও সিহতে এটাই আনটোৰ মনৰ ভাব বুজি পায়। মৰম চেনেহ বুজে। কিন্তু আমি জীৱশ্ৰেষ্ঠই ভাষা থাকিও যেন বোবা। ভাব বিনিময়ৰ হাজাৰটা মাধ্যম থকা স্বত্তেও যেন আমি এজনে আনজনৰ পৰা আতৰি হে গৈছো। মৰম চেনেহ যাচোতেও হয় খেলিমেলি। প্ৰেমাষ্পদৰ মাজতো হয় ভুল বুজা-বুজি ... মিচআণ্ডাৰষ্টেণ্ডিং ... … Continue reading বোবা

বিফলতাৰ উপকাৰিতা

বিশ্বাস কৰিবলৈ টান লাগে যে বিফলতাও হৈ পৰিব পাৰে কেতিয়াবা খুবেই উপকাৰী। জীৱনত কেতিয়াও একো বিফলতাৰ মুখা-মুখি নোহোৱা এজনৰ বাবে বিফলতা হব পাৰে এটা হৃদয় চূৰ্ণকাৰী পৰিঘটনা।

মাতৃ দিৱসৰ ইটো সিটো

সমাজ গঠনত মাতৃ সকলৰ ভুমিকাক পুনৰ সোঁৱৰণ কৰিবলৈ আৰু মাতৃ সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ পালন কৰা হয় মাতৃ দিৱস। পোন প্ৰথম বাৰৰ বাবে ১৯০৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত পালন কৰা হৈছিল মাতৃ দিৱস।

মৃত্যুৰ পিচত

যোৱাকালি গধূলি বন্ধুৰ লগত বহি আড্ডা দি থাকোতে এটা চিন্তা উদ্ৰেককাৰী প্ৰশ্নৰ অৱতৰণ হʼল। আমি মৃত্যুৰ পিচত পৃথিৱীক কি দি থৈ যাম? প্ৰশ্নটো বন্ধুক সোধাৰ লগে লগে তেও থমকি ৰʼল। কিছুসময় উত্তৰহীন হৈ তেওঁ প্ৰশ্নটো মোলৈ ঠেলিলে। কিন্তু মোৰ হাততো একো উত্তৰ নাই। মানে চিধা অৰ্থত কবলৈ গʼলে মইও নাজানো পৃথিৱীক মই মৃত্যুৰ পিচত কি … Continue reading মৃত্যুৰ পিচত