ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

ডায়েৰী

সকলো মানুহকে সংগ লাগে। সুখ-দুখৰ কথা পাতিবলৈ, আবেগ অনুভূতিবোৰ বিলাবলৈ, পৰস্পৰে পৰস্পৰৰ অৱলম্বন হবলৈ লাগে সংগ। পিচে সকলো সময়তে মানুহেই মানুহৰ অৱলম্বন হব লাগিব বুলি কথা নাই। মোৰ একান্ত ব্যক্তিগত সময়ত মনৰ মাজত ভিৰ কৰি থকা কথাবোৰ বিলাবলৈ ওচৰতে পাও মোৰ ডায়েৰীটো। কথাখিনি অলপ আচৰিত যেন লাগিলেও সঁচা। ডায়েৰীটোৱেই মোৰ সকলো সুখ দুখৰ লগৰী। ডায়েৰী… Continue reading ডায়েৰী

Advertisements
ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

কাগজ কলম আৰু কিছু অনুভূতি

কাগজ, কলম আৰু কিছু অনুভূতি - এই তিনিটা বস্তুৱেই দৰকাৰী কিবা এটা লিখাৰ বাবে। লগত অৱশ্যে ইন্ধন হিচাপে অনুভূতিখিনি কাগজৰ পিঠিত সাৱলীলভাৱে লিখি উলিয়াবলৈ অলপ মানসিক কচৰত কৰাৰ ইচ্চা আৰু শক্তিও লাগিব। সেইখিনি আছে বুলি যদি ধৰি লওঁ তেন্তে বচ্, আৰু একো নালাগে। আজিৰ পৰা ঠিক আঠ বছৰমান আগতে এই তিনিটা উপাদান আৰু ইন্ধনখিনি লৈয়ে… Continue reading কাগজ কলম আৰু কিছু অনুভূতি

গল্প (Stories)

পত্ৰ-প্ৰেয়সী

অৱশেষত ধৰ্মেন্দ্ৰৰ কথামতে চিঠি এখন লিখিয়েই পেলালোঁ। পত্ৰ-বন্ধুত্বৰ শুভাৰম্ভ। মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ। বহুদিনাৰ পৰা "বিস্ময়" আলোচনীৰ পত্ৰ-বন্ধু শিতানৰ পৰা ধুনীয়া নাম এটা বুটলি লৈ পত্ৰবন্ধুত্ব স্থাপন কৰাৰ কথা ভাবি আছো। প্ৰথমতে বান্ধৱী, তাৰ পিচত কোনে জানে কোনফালে আগবাঢ়ে আমাৰ সম্বন্ধৰ ৰেলগাড়ী, আৰু কোন সময়ত বান্ধৱীৰ পৰা গৈ কি হয়গৈ। কালৈ চিঠি… Continue reading পত্ৰ-প্ৰেয়সী

ফটোগ্ৰাফী (Photography), ভ্ৰমণ ইত্যাদি (Travelogue)

Somewhere in Karnataka & Tamilnadu

It was way back in 2011, when me along with few of my close buddies went to Goa for the first time and then traveled to Kodaikanal via Bengaluru. These are few photos from that journey clicked somewhere in Karnataka and Tamilnadu.

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

ক্ষুধা

অত্যন্ত প্ৰতিকূল পৰিস্থিতিত, জীয়াই থকাৰ তাড়নাত, ভোকৰ জ্বলাত মানুহে মানুহক ভক্ষণ কৰাৰ সঁচা কাহিনী আমি শুনিছো। এইবোৰ কথা আমাৰ সাধাৰণ জীৱনশৈলীত কেতিয়াও নঘটে বুলি অনুভৱ কৰো যদিও আমাৰ অলক্ষিতে ইয়াৰ তদ্ৰুপ ঘটনা কিছুমান, বৰ্তমান সময়ত আমাৰ সমাজতে হৈ আছে। মাত্ৰ আমি অনুধাৱন কৰিব পৰা নাই। জনসংখ্যা বৃদ্ধিয়ে দিনে দিনে মানুহৰ জীৱনশৈলী কঠিন কৰি আনিছে। জীৱন… Continue reading ক্ষুধা

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

কৰা যায় কি ?

চৰকাৰে কিবা বেয়া পন্ঠা লৈছে, গ্ৰণ্ঠমেলা বন্ধ কৰিব খুজিছে, কৰবাত অন্যায়, কৰবাত অনিয়ম, কৰবাত দুৰ্নীতি হৈছে ইত্যাদি কথাবোৰেও সাহিত্যৰ ক্ষেত্ৰখনক বৰ বেয়াকৈ ক্ষতিগ্ৰষ্ট কৰে৷ এই ধৰক যোৱা কিছুদিনৰ পৰা কিবা অলপ চিন্তা কৰিব পৰা বা লিখা মেলা কৰিব পৰা সৰু বৰ লিখক-লেখিকা, চিন্তাবিদ, সাহিত্যিক, বুদ্ধিজীৱি সকলোৱে অন্য সকলো কথা বাদ দি গ্ৰন্ঠমেলাৰ বিষয়টোৰ ওপৰতে চিন্তা… Continue reading কৰা যায় কি ?

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

মানুহবোৰৰ কি হৈছে?

সঁচাকৈয়ে ভাবিবলৈ বাধ্য হৈছো। মানুহবোৰৰ কি হৈছে? কোনেও কাকো নমনা, কোনেও কাৰো নুশুনা, সকলোৱে নিজৰটোহে ডাঙৰ বুলি ধৰি থকা অৱস্থা এটাৰ সৃষ্টি হৈছে সকলোফালে। কেতিয়াবা কোনো অচিনাকী মানুহে তেনে উদ্ভত আচৰণ কৰিলে আওকাণ কৰিব পাৰি। কিন্তু আজিকালি দেখিছো প্ৰায়বোৰ মানুহৰে আচৰণত এক বুজাব নোৱাৰা পৰিৱৰ্তন আহি পৰিছে। কিবা এটা আচৰিত খং, কিহবাৰ হতাশা, কিহবাৰ নিৰাশাজনিত… Continue reading মানুহবোৰৰ কি হৈছে?

ফটোগ্ৰাফী (Photography), ভ্ৰমণ ইত্যাদি (Travelogue)

A trip through Odisha

Went to Puri, Konark and Bhubaneswar in 2014, with parents. Stayed there for two nights and visited many archeological monuments including Jagannath temple at Puri. Clicked a lot of photos, however, I am not good in finding a creative angle in archeological monuments. Out of all those I clicked, I found only these two photos… Continue reading A trip through Odisha

ভ্ৰমণ ইত্যাদি (Travelogue)

ধনশিৰী ইকʼ কেম্পত এনিশা

স্বভাৱজাত ভাৱে মই অলপ অচৰপ ফুৰি চকি ভাল পাওঁ। সেই স্বভাৱৰ বসবৰ্ত্তী হৈ সময়ে সময়ে বহুতো ঠাই ফুৰিছো। হয়তো আৰু বহু ঠাই ফুৰিবলৈ বাকী আছে। যোৱা বছৰ ডিচেম্বৰ মাহত বোকাখাতৰ সমীপৱৰ্ত্তী "ধনশিৰী ইকʼ কেম্পত" এনিশা কটাইছিলো বন্ধুবৰ্গৰ সতে। ধনশিৰী নদীৰ পাৰৰ নান্দনিক পৰিবেশে দি যোৱা বিৰল অভিজ্ঞতাৰ ভিত্তিত এটি ভ্ৰমণ বৃত্তান্ত লিখি উলিয়াইছিলো। সেয়া প্ৰকাশ… Continue reading ধনশিৰী ইকʼ কেম্পত এনিশা

গল্প (Stories)

প্ৰবাল আৰু পূৰ্ণিমা

শেষ দেখা -- কি চাইছা ? - তাইৰ ফালে বহুসময় একেথৰে চাই থকা প্ৰবাললৈ তাইৰ প্ৰশ্ন। -- তোমাকে চাইছো - প্ৰবালৰ সৌম্য গধুৰ মাতে পূৰ্ণিমাক ভিতৰি ভিতৰি জোকাৰি গʼল। তলমূৰ কৰিলে তাই। নিৰৱতাৰ মাজেৰেই বহুতো কথা পাতিছে সিহতে। ৰংঘৰৰ বাকৰিত আবেলিৰ হেলনীয়া ৰʼদে হেঙুলী ৰহণ সানিছে। ৰʼদৰ কিৰণ পূৰ্ণিমাৰ চুলিৰ কাষেৰে বিচ্ছুৰিত হৈ প্ৰবালৰ মুখমণ্ডলত… Continue reading প্ৰবাল আৰু পূৰ্ণিমা

ফটোগ্ৰাফী (Photography)

The Sun

Unlike the moon, the Sun is not so easily view-able. Sunset pictures also depict Sun as the source of light that illuminates other objects. The features of Sun's surface, such as, the spots, color, contour etc. remains always hidden from our eyes. I have searched the web for pictures of the Sun and the search… Continue reading The Sun

ফটোগ্ৰাফী (Photography)

Dew, droplets etc.

Accumulation of droplets always make beautiful subjects for photography. Dew drops, Rain drops .. doesn't matter. They're all so beautiful and I cannot stop capturing those in my camera. Here's a collection of photos of droplets clicked over a period of many years. The one with droplets on glass and green hazy background is the… Continue reading Dew, droplets etc.

অন্যান্য (Random ..)

শিক্ষক দিৱসৰ ইটো সিটো

শিক্ষাৰ পোহৰ বিস্তাৰ আৰু ছাত্ৰ ছাত্ৰীক সু-নাগৰিক হিচাপে গঢ়ি তোলাত শিক্ষক সকলৰ অৱদানক সন্মান জনাই শিক্ষক দিৱস পালন কৰা হয়।

ভ্ৰমণ ইত্যাদি (Travelogue)

মাজুলীৰ কেইটামান ভাল অনুভৱ

মাজুলী - অসমৰ সত্ৰ-সংস্কৃতি, গাৱঁলীয়া চহা জীৱন আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ জীৱন্ত নিদৰ্শন। অসম আৰু অসমীয়াৰ সিৰাই সিৰাই বৈ থকা এক আবেগৰ সুঁতি।

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

ভাল গানৰ আশাৰে

অসমীয়া সংগীতৰ সক্ৰিয় শিল্পী বুলিলে পোনপ্ৰথমে জুবিন আৰু পাপনৰ কথাই মনলৈ আহে। এই পৰিস্থিতি আজিৰ নহয়। যোৱা বহু বছৰ ধৰি এনেকুৱা পৰিস্থিতি বাহাল আছে। জুবিন আৰু পাপনৰ বাহিৰে আৰু কোন আছে বুলি ভাবিলে মনলৈ আহে দীক্ষু, জয় বৰুৱা, বাবু, কুমাৰ ভবেশ ইত্যাদিৰ নাম। তাৰ পিচত আৰু কোন আছে বুলি ভাবিলে মনটো বহু সময় খালী হৈ… Continue reading ভাল গানৰ আশাৰে

ফটোগ্ৰাফী (Photography)

Blister bugs macro

Macro photography is all about capturing the minute details of tiny objects and showing it to the world which is otherwise not visible to our naked eyes. I love macro photography and have tried to click macro shots every now and then. Few days back, I have taken quite a few macro shots of a… Continue reading Blister bugs macro

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

বোবা

জীৱ জন্তুৱে মানুহৰ নিচিনাকৈ কথা কব নোৱাৰে। সিহতৰ ভাষা নাই। তথাপিও সিহতে এটাই আনটোৰ মনৰ ভাব বুজি পায়। মৰম চেনেহ বুজে। কিন্তু আমি জীৱশ্ৰেষ্ঠই ভাষা থাকিও যেন বোবা। ভাব বিনিময়ৰ হাজাৰটা মাধ্যম থকা স্বত্তেও যেন আমি এজনে আনজনৰ পৰা আতৰি হে গৈছো। মৰম চেনেহ যাচোতেও হয় খেলিমেলি। প্ৰেমাষ্পদৰ মাজতো হয় ভুল বুজা-বুজি ... মিচআণ্ডাৰষ্টেণ্ডিং ...… Continue reading বোবা

ভ্ৰমণ ইত্যাদি (Travelogue)

হাফলং ভ্ৰমণৰ ভাল বেয়া অভিজ্ঞতা

কিছুদিন আগতে দুজন বন্ধুৰ সতে হাফলঙলৈ ফুৰিবলৈ গৈছিলো। তাৰেই ভাল বেয়া অভিজ্ঞতাৰ বিষয়ে লিখিব লৈছো। ভ্ৰমণৰ বেয়া অভিজ্ঞতা বুলিলে মনলৈ আহে কিবা বিপদ আপদ অথবা চুৰি ডকাইতিৰ কথা। কিন্তু আমাৰ লগত তেনে একো হোৱা নাছিল। যোৱা আৰু অহা দুটা দিন ধৰি মুঠ তিনিদিন যোৰা ভ্ৰমণ সুকলমেই গৈছিল। সকলো ভবা মতে হৈছিল আৰু আমিও সুকলমে নিৰ্বিঘ্নে… Continue reading হাফলং ভ্ৰমণৰ ভাল বেয়া অভিজ্ঞতা

ফটোগ্ৰাফী (Photography)

Another bird

Clicked through the window with Nikon J5 mirror-less camera coupled with 55-300mm Nikkor lens through an adapter. Post processed in mobile. Off late, started using the 55-300mm telephoto lens with mirrorless camera and gaining decent results.  

গল্প (Stories)

আকৌ এবাৰ …

কিয় আহে মানুহজন সদায়ে সেই বিশেষ ঠাইখিনিলৈ? কোন তেওঁ? হাতত ঘড়ি নথকা স্বত্তেও কেনেকৈ সদায়ে একে সময়তে আহি উপস্থিত হয়? - এনে বহুবোৰ প্ৰশ্নই মনত দোলা দি আছিল বহুদিন ধৰি। সকলো সময়তেই নহয়, অকল দুপৰীয়া দুটা বজাত। বা খুব বেচি দেৰী হʼলে দুটা বাজি দহ মিনিট। তাতকৈ দেৰী নহয়। মানুহজনৰ পোচাক খুবেই মলীয়ন। অʼত তʼত… Continue reading আকৌ এবাৰ …