ব্লেকবেৰী ফোকাচ ৰাইটাৰ ইত্যাদি

কিয় জানো আজিকালি কিবা লিখিবলৈ ললে অসমীয়াতকৈ, ইংৰাজীত লিখাৰ প্ৰৱনতাহে বেচি হয়। যা হওক, ... লিখিলে হʼল। এই বিশ্বব্ৰহ্মাণ্ডত যে একো বস্তুৱেই স্থায়ী নহয়। কিবা এটা বস্তুৰ লগত অভ্যস্ত হৈ পৰাৰ সময়তে সেই বস্তুটোত কিবা পৰিবৰ্তন আহি পৰে বা কিছু ক্ষেত্ৰত বস্তুটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰে। ই বিশেষকৈ ঘটে তথ্য-প্ৰযুক্তিৰ লগত জড়িত বস্তুবোৰত। উদাহৰণ স্বৰূপে, … Continue reading ব্লেকবেৰী ফোকাচ ৰাইটাৰ ইত্যাদি

জাষ্ট লাইক এনি আডাৰ কান্ট্ৰী ইন দা ৱৰ্ল্দ

কেইবছৰ মান আগতে দুজন বন্ধুৰ সতে ইউৰোপ ফুৰিবলৈ গৈছিলো। বিশ দিন যোৰা আমাৰ ভ্ৰমণত ন খন দেশ ভ্ৰমণ কৰিছিলো। তাৰ ভিতৰত বেলজিয়াম দেশৰ ৰাজধানী ব্ৰাচেল্‌চ চহৰত ঘটা এটা ঘটানাই আজিও মনত দোলা দি থাকে। পেৰিচৰ পৰা বাচেৰে ব্ৰাচেল্‌চত উপস্থিত হৈ হোটেলত সোমাই বস্তু বাহানি থৈ হাত মুখ ধুই ওলাই যাবলৈ সাঁজু হৈছিলো। ওলাই যোৱাৰ আগতে … Continue reading জাষ্ট লাইক এনি আডাৰ কান্ট্ৰী ইন দা ৱৰ্ল্দ

ডায়েৰী

সকলো মানুহকে সংগ লাগে। সুখ-দুখৰ কথা পাতিবলৈ, আবেগ অনুভূতিবোৰ বিলাবলৈ, পৰস্পৰে পৰস্পৰৰ অৱলম্বন হবলৈ লাগে সংগ। পিচে সকলো সময়তে মানুহেই মানুহৰ অৱলম্বন হব লাগিব বুলি কথা নাই। মোৰ একান্ত ব্যক্তিগত সময়ত মনৰ মাজত ভিৰ কৰি থকা কথাবোৰ বিলাবলৈ ওচৰতে পাও মোৰ ডায়েৰীটো। কথাখিনি অলপ আচৰিত যেন লাগিলেও সঁচা। ডায়েৰীটোৱেই মোৰ সকলো সুখ দুখৰ লগৰী। ডায়েৰী … Continue reading ডায়েৰী

মানুহবোৰৰ কি হৈছে?

সঁচাকৈয়ে ভাবিবলৈ বাধ্য হৈছো। মানুহবোৰৰ কি হৈছে? কোনেও কাকো নমনা, কোনেও কাৰো নুশুনা, সকলোৱে নিজৰটোহে ডাঙৰ বুলি ধৰি থকা অৱস্থা এটাৰ সৃষ্টি হৈছে সকলোফালে। কেতিয়াবা কোনো অচিনাকী মানুহে তেনে উদ্ভত আচৰণ কৰিলে আওকাণ কৰিব পাৰি। কিন্তু আজিকালি দেখিছো প্ৰায়বোৰ মানুহৰে আচৰণত এক বুজাব নোৱাৰা পৰিৱৰ্তন আহি পৰিছে। কিবা এটা আচৰিত খং, কিহবাৰ হতাশা, কিহবাৰ নিৰাশাজনিত … Continue reading মানুহবোৰৰ কি হৈছে?

ঘড়ী

কিছুমান নিত্য ব্যৱহাৰ্য্য বস্তুৰ প্ৰতি এটা বুজাব নোৱাৰা মোহ সোমাই থাকে। সময়ৰ লগে লগে বস্তুটোৰ প্ৰতিও বাঢ়ি যায় চেনেহ। কেতিয়াবা কিবা কাৰণত বস্তুটো ব্যৱহাৰ কৰাৰ পৰা বঞ্চিত হৈ থাকিব লগা হলে, খালি খালি অনুভৱ এটা হয়। এনেকুৱা অনুভৱ কিছু দিনৰ আগতে হৈছিল মোৰ ঘড়ীটোৰ সতে। যোৱা এটা দশক ধৰি দৈনিক ব্যৱহাৰ কৰি থকা ঘড়ীটো হঠাৎ … Continue reading ঘড়ী

লিখাৰ বিষয়ে

কিবা লিখিবলৈ হলে ভিতৰত সেই "কিবা" খিনি থাকিব লাগিব। ভিতৰত একো নথকাকৈ অকল কাগজ আৰু কলম হাতত তুলি ল'লেই লিখনিৰ সৃষ্টি নহয়। আনহাতে, অকল লিখিবলৈ মন গৈছে বাবেই "কিবা" এটা মনৰ ভিতৰত সাঁ‌জি উলিওৱাটোও মই সমৰ্থন নকৰো। কিন্তু কিছু কিছু ক্ষেত্ৰত এই পদ্ধতিটোৱে সুফল দিয়াও দেখিছো আৰু মই নিজেও দুই-এবাৰ সেই সুফল ভোগ কৰি পাইছো। … Continue reading লিখাৰ বিষয়ে

প্ৰথম বৰষুণ

বৰষুণৰ পানী অবিৰামে পৰি হোৱা শব্দবোৰে আন বহুতো শব্দৰ লগত লগ হৈ সৃষ্টি কৰা এক সুৰ সমলয়কে মই বৰষুণৰ সুৰ বুলি কওঁ।

সপোন

মই সপোন দেখি খুব ভাল পাওঁ । সপোন বুলি কওঁতে ৰাতি টোপনিতে দেখা সপোনৰ কথা কোৱা নাই । দীৱাস্বপ্নৰ কথাহে কৈছো । কিন্তু ইয়াক দীৱাস্বপ্ন বুলি নকৈ “অলিক কল্পনা” বুলিয়ো কʼব পাৰি । মানে এনে ধৰণৰ কল্পনা যিবোৰ বাস্তৱত ৰুপায়িত নহয় বুলি মই সচেতন মনেৰে জানো কিন্তু তথাপিও সেই কল্পনাৰ সুখানুভূতি অনু্ভৱ কৰিবলৈ বাৰে বাৰে … Continue reading সপোন