জীৱশ্ৰেষ্ঠ ?

জীৱশ্ৰেষ্ঠ - এক হাস্যস্পদ বিশেষণ। হাস্যস্পদ বুলি কোৱাৰ ইচ্ছা এইকাৰণেই জাগিল কিয়নো এই বিশেষণটোৰ যোগেদি মানুহে নিজেই নিজকে সমস্ত জীৱকুলৰ ভিতৰত শ্ৰেষ্ঠ বুলি ঘোষণা কৰিছে। কিন্তু সেই শ্ৰেষ্ঠতাৰ মাপকাঠী কি? হয়, মানি লৈছো আমাৰ বৌদ্ধিক শক্তি আছে। বিচাৰ বিবেচনা আছে। বৌদ্ধিক শক্তিৰ সহায়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সাধন কৰি আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ আমূল পৰিৱৰ্তন … Continue reading জীৱশ্ৰেষ্ঠ ?

জীৱন এক যাত্ৰা

জীৱনটো হুবহু এটা যাত্ৰাৰ সতে ৰিজাব পাৰি। গাড়ী-মটৰেৰে কʼৰবালৈ গৈ থাকিলে খিৰিকীৰে দেখা পোৱা বস্তুবোৰ, গছবোৰ, মানুহবোৰ ঘৰবোৰ সকলো পিচফাললৈ গতি কৰি থাকে। এটা এটাকৈ বস্তুবোৰ পিচফালে এৰি আমি আগুৱাই গৈ থাকো। এটাৰ পিচত আন এটা চʼক, এটাৰ পিচত আন এটা মাইলৰ খুটি এখনৰ পিচত আন এখন ঠাই। এনেদৰেই আগুৱাই গৈ এসময়ত আমি উপনীত হওঁ লক্ষ্যস্থানত।

কল্পনাৰ সমাজ

মানুহ সামাজিক প্ৰাণী। প্ৰাগৈতিহাসিক যুগৰ বিপদসঙ্কুল জীৱনশৈলীত সুৰক্ষিতভাৱে জীৱন নিৰ্বাহ কৰিবলৈ মানুহৰ বাবে সমাজ পাতি বসবাস কৰাটো সঁচাকৈয়ে জৰুৰী আছিল। মানুহে সমাজ আকাৰে বসবাস কৰি এজনে আনজনৰ সংগ আৰু সহায় বিচাৰে। বিপদসঙ্কুল পৰিস্থিতিত সংগঠিতভাৱে এজনে আনজনৰ সহায় আৰু সাহস হিচাপে থিয় দি বিপদ প্ৰতিহত কৰাটো সহজসাধ্য কৰি তোলে। ইয়াৰ উপৰিও অন্যান্য বহুতো সৰু-বৰ মনস্তাত্বিক কাৰণত … Continue reading কল্পনাৰ সমাজ