অপচয়

মৃত্যুৰ বাহিৰে জীৱনক ইমান বেচিকৈ অনুপ্ৰাণিত কৰিব পৰা আন বস্তু নাই। মৃত্যুৰ বিভীষিকা চকুৰ আগতে দেখিলে জীৱনটোৰ বাবে জন্মে এক বুজাব নোৱাৰা মৰম। জীয়াই থকাৰ প্ৰতিটো মুহূৰ্ত্তই যেন সৎব্যৱহাৰ কৰিম তেনে এক মানসিকতা গঢ় লৈ উঠে অজানিতেই। সাধাৰণ জীৱনযাত্ৰাত আমি বহুতো খাম-খেয়ালী, হাই-কাজিয়া, অসুখ-অশান্তিৰ মাজেৰে পাৰ জীৱনটো পাৰ কৰো। কিন্তু মৃত্যুক ওচৰৰ পৰা দেখিলেহে গম … Continue reading অপচয়

বুজনি

এয়াতো নতুন কথা নহয় বুলি নিজকে বাৰে বাৰে বুজনি দিয়ে সি। সকলো আগৰ নিচিনাই চলিছে। ফুটা চালিয়েদি বৰষুণৰ পানী পৰি বিচনা ভিজাইছে, ভলুকা চিঙৰ গুণ্ডা পাৰ্টিয়ে পইচা নিদিয়াকৈ তাৰ দোকানৰ পৰা বস্তু লৈ গৈছে, পদুমীয়ে দুখীয়া- নিচলা বুলি তাক এৰি থৈ আনৰ লগত সুখৰ সংসাৰ কৰিছে, আহোতে যাওতে থানেশ্বৰ হতে পদুমীৰ কথাটো লৈ তাক উদ্দেশ্যি … Continue reading বুজনি

সাধাৰণ মানুহৰ অসাধাৰণ অৱদান

সাধাৰণ মানুহেও সমাজলৈ কিছুমান অসাধাৰণ অৱদান আগবঢ়াব পাৰে। “অসাধাৰণ অৱদান” বুলি কোৱাৰ লগে লগে খুব ডাঙৰ কিবা এটা কৰি দেখুওৱাৰ কথা মনলৈ আহে যদিও ইয়াত তেনে কোনো কামৰ কথা কোৱা নাই। বৰঞ্চ সাধাৰণ মানুহে দৈনন্দিন নিতান্ত সাধাৰণ কাম কাজৰ জড়িয়তে সমাজলৈ আগবঢ়াই থকা অৱদানখিনিৰ কথাহে কোৱা হৈছে। তেনে ধৰণৰ সাধাৰণ অৱদানবোৰ লগ হৈয়েই এসময়ত ই … Continue reading সাধাৰণ মানুহৰ অসাধাৰণ অৱদান

জাষ্ট লাইক এনি আডাৰ কান্ট্ৰী ইন দা ৱৰ্ল্দ

কেইবছৰ মান আগতে দুজন বন্ধুৰ সতে ইউৰোপ ফুৰিবলৈ গৈছিলো। বিশ দিন যোৰা আমাৰ ভ্ৰমণত ন খন দেশ ভ্ৰমণ কৰিছিলো। তাৰ ভিতৰত বেলজিয়াম দেশৰ ৰাজধানী ব্ৰাচেল্‌চ চহৰত ঘটা এটা ঘটানাই আজিও মনত দোলা দি থাকে। পেৰিচৰ পৰা বাচেৰে ব্ৰাচেল্‌চত উপস্থিত হৈ হোটেলত সোমাই বস্তু বাহানি থৈ হাত মুখ ধুই ওলাই যাবলৈ সাঁজু হৈছিলো। ওলাই যোৱাৰ আগতে … Continue reading জাষ্ট লাইক এনি আডাৰ কান্ট্ৰী ইন দা ৱৰ্ল্দ

আমি একে ঠাইতে আছো

স্কুলত থাকোতে “অসমৰ বানপানী’’ বিষয়টোৰ ওপৰত ৰচনা লিখিছিলো৷ এয়া আজিৰ পৰা বিশ বছৰ আগৰ কথা৷ ৰচনাত লিখা কথাবোৰ আজিও প্ৰাসংগিক৷ সৰুতে দেউতাই অসম আন্দোলনৰ কথাবোৰ সাধুৰ নিচিনাকৈ কৈছিল৷ আমিও সেইবোৰ সাধুকথাৰ দৰেই শুনিছিলো৷ সেইবোৰ কথাও বৰ্তমান সময়ত প্ৰাসংগিক৷ আমাৰ হাতে হাতে যিমানেই দামী স্মাৰ্তফোন নাথাকক কিয়, ৰাষ্টাই ঘাটে ব্যক্তিগত গাড়ীৰ সংখ্যা যিমানেই নাবাঢ়ক কিয়, আৰ্থিক … Continue reading আমি একে ঠাইতে আছো

পৰহিৰ মানুহবোৰ

কিবা অজান শোকে মনটো খুণ্ডা মাৰি ধৰিলে। এয়াই প্ৰথম নহয়, এনে ধৰণৰ কেইবাটাও ঘটনা ঘটিল যোৱা দুবছৰ মানৰ ভিতৰত। সিদিনা ফোনযোগে দেউতাই কৈছিল ওচৰৰে চানক্য ককাৰ পৰলোক প্ৰাপ্তিৰ কথা। সেয়াও অবিশ্বাস্য, আৰু আজি দিয়া ধনঞ্জয় চাৰৰ খবৰটোও অবিশ্বাস্য। বয়স হৈছিল তেওৰ। স্বাভাৱিক বাৰ্ধক্যজনিত মৃত্যুৱেই আছিল। তথাপিও মনে নামানে। বৰকৈ বেয়া লাগিছিল মনটো। মৃত্যুৱেই জীৱনৰ অন্তিম … Continue reading পৰহিৰ মানুহবোৰ

মানুহবোৰৰ কি হৈছে?

সঁচাকৈয়ে ভাবিবলৈ বাধ্য হৈছো। মানুহবোৰৰ কি হৈছে? কোনেও কাকো নমনা, কোনেও কাৰো নুশুনা, সকলোৱে নিজৰটোহে ডাঙৰ বুলি ধৰি থকা অৱস্থা এটাৰ সৃষ্টি হৈছে সকলোফালে। কেতিয়াবা কোনো অচিনাকী মানুহে তেনে উদ্ভত আচৰণ কৰিলে আওকাণ কৰিব পাৰি। কিন্তু আজিকালি দেখিছো প্ৰায়বোৰ মানুহৰে আচৰণত এক বুজাব নোৱাৰা পৰিৱৰ্তন আহি পৰিছে। কিবা এটা আচৰিত খং, কিহবাৰ হতাশা, কিহবাৰ নিৰাশাজনিত … Continue reading মানুহবোৰৰ কি হৈছে?

ভাল আৰু বেয়াৰ বিষয়ে

Few Clouds, 21°C Unnamed Road সকলো মানুহেই ভাল আৰু বেয়াৰ সমষ্টি। absolute ভাল আৰু absolute বেয়া বুলি একো কথা নাই। সম্পূৰ্ণৰূপে ভাল বা সম্পূৰ্ণৰূপে বেয়া কোনেও হব নোৱাৰে। ভাল মানুহ বুলি অভিহীত জনৰো কিবা নহয় কিবা বেয়া দিশ নিশ্চয় থাকিব। ঠিক তেনেদৰে বেয়া মানুহ বুলি জনাজাত জনৰো কিবা নহয় কিবা ভাল দিশ নিশ্চয় থাকিব। সেইগতিকে … Continue reading ভাল আৰু বেয়াৰ বিষয়ে

কল্পনাৰ সমাজ

মানুহ সামাজিক প্ৰাণী। প্ৰাগৈতিহাসিক যুগৰ বিপদসঙ্কুল জীৱনশৈলীত সুৰক্ষিতভাৱে জীৱন নিৰ্বাহ কৰিবলৈ মানুহৰ বাবে সমাজ পাতি বসবাস কৰাটো সঁচাকৈয়ে জৰুৰী আছিল। মানুহে সমাজ আকাৰে বসবাস কৰি এজনে আনজনৰ সংগ আৰু সহায় বিচাৰে। বিপদসঙ্কুল পৰিস্থিতিত সংগঠিতভাৱে এজনে আনজনৰ সহায় আৰু সাহস হিচাপে থিয় দি বিপদ প্ৰতিহত কৰাটো সহজসাধ্য কৰি তোলে। ইয়াৰ উপৰিও অন্যান্য বহুতো সৰু-বৰ মনস্তাত্বিক কাৰণত … Continue reading কল্পনাৰ সমাজ

মানুহ হোৱাৰ গৌৰৱ

লক্ষ্য অসম্ভৱ বুলি জানিও, সপোন অবাস্তৱ বুলি জানিও তাক পাবলৈ কৰা নিৰন্তৰ চেষ্টাই জীৱনটোক এটা নতুন অৰ্থ দিয়ে। জয়-পৰাজয়, সফলতা – বিফলতা তুচ্ছ। লক্ষ্য সিদ্ধিৰ প্ৰতি দুৰ্ব্বাৰ আকাংক্ষাই, সপোনক দিঠকত পৰিণত কৰাৰ অদমনীয় ইচ্ছাই সজীৱ কৰি ৰাখে জীৱনৰ প্ৰতিটো মুহূৰ্ত। নিৰন্তৰে যোগায় জীয়াই থকাৰ প্ৰেৰণা। সপোন, আৰু সপোনক দিঠকলৈ পৰিণত কৰাৰ অদম্য আকাংক্ষা - এয়াইটো মানৱ … Continue reading মানুহ হোৱাৰ গৌৰৱ

এক অনাবিল আনন্দৰ অভিজ্ঞতা

কিতাপেই মানুহৰ অন্যতম পৰম মিত্ৰ বুলি কোৱা কথাষাৰ সম্পূৰ্ণ সঁচা বুলি একাধিকবাৰ প্ৰমাণ পাইছো। কিন্তু পৰম সত্য বোৰ এবাৰ প্ৰমাণিত হৈয়েই ক্ষান্ত নাথাকে। জীৱনৰ বিভিন্ন মুহূৰ্ত্তত উপৰ্য্যুপৰি নিজকে প্ৰতিপন্ন কৰি আমাৰ উপলব্ধিৰ ভাণ্ডাৰত নিগাজিকৈ ঠাই লয়, জীৱনৰ বাকীচোৱা সময়ৰ বাবে। কিতাপ মানুহৰ পৰম মিত্ৰ বোলা কথাষাৰো তেনেকুৱাই। আজি আকৌ এবাৰ প্ৰতিপন্ন হʼল কথাষাৰ। হোমেন বৰগোহাঞিদেৱৰ … Continue reading এক অনাবিল আনন্দৰ অভিজ্ঞতা

মানসিকতাৰ বিষয়ে

(৮ নবেম্বৰ ২০১৪ তাৰিখে "দৈনিক গণ অধিকাৰ" কাকতত প্ৰকাশিত মোৰ এটা লিখনি ইয়াত পুনঃপ্ৰকাশ কৰিলো। লগতে কাকতত প্ৰকাশিত প্ৰবন্ধটিও ছবি আকাৰে আপলোদ কৰিলো। আশাকৰো পাঠক সমাজে আদৰি লব।)     মানসিকতা শব্দটোৰ সাংবিধানিক অৰ্থ হʼল, “কেতবোৰ বস্তু ভাল বা বেয়া পোৱাৰ প্ৰৱণতাৰে সৈতে চিন্তাৰ স্বাভাৱিক ধৰণ”।  মানসিকতা হʼল ব্যক্তিত্বৰ এটা অংশ, আমাৰ চিন্তন প্ৰক্ৰিয়াৰ পৰিচায়ক। … Continue reading মানসিকতাৰ বিষয়ে

জীৱনৰ মহামন্ত্ৰ – “আৰুনো কি লাগে ?”

কেইবছৰমান আগতে সৌভাগ্যক্ৰমে বৃদ্ধ মানুহ এজনৰ লগত চিনাকি হৈছিলো। তেখেত আছিল মোৰ বন্ধু এজনৰ ককা। কলেজীয়া দিনতে বন্ধুজনৰ ঘৰলৈ যাওতে চিনাকি হৈছিলো যদিও ইয়াকে মই “ঘটনাক্ৰমে” বুলি নকৈ “সৌভাগ্যক্ৰমে” বুলি কোৱাৰ কাৰণটো হʼল ককাৰ পৰা মই জীৱন সম্পৰ্কে খুব দৰকাৰী শিক্ষা এটা পাইছিলো যিটো অন্য কোনো উৎসৰ পৰা পোৱাটো সম্ভৱপৰ নাছিল। অস্বাভাৱিক ধৰণে প্ৰাণৱন্ত ককাজনে … Continue reading জীৱনৰ মহামন্ত্ৰ – “আৰুনো কি লাগে ?”