ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

সাধাৰণ মানুহৰ অসাধাৰণ অৱদান

সাধাৰণ মানুহেও সমাজলৈ কিছুমান অসাধাৰণ অৱদান আগবঢ়াব পাৰে। “অসাধাৰণ অৱদান” বুলি কোৱাৰ লগে লগে খুব ডাঙৰ কিবা এটা কৰি দেখুওৱাৰ কথা মনলৈ আহে যদিও ইয়াত তেনে কোনো কামৰ কথা কোৱা নাই। বৰঞ্চ সাধাৰণ মানুহে দৈনন্দিন নিতান্ত সাধাৰণ কাম কাজৰ জড়িয়তে সমাজলৈ আগবঢ়াই থকা অৱদানখিনিৰ কথাহে কোৱা হৈছে। তেনে ধৰণৰ সাধাৰণ অৱদানবোৰ লগ হৈয়েই এসময়ত ই… Continue reading সাধাৰণ মানুহৰ অসাধাৰণ অৱদান

Advertisements
ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

জাষ্ট লাইক এনি আডাৰ কান্ট্ৰী ইন দা ৱৰ্ল্দ

কেইবছৰ মান আগতে দুজন বন্ধুৰ সতে ইউৰোপ ফুৰিবলৈ গৈছিলো। বিশ দিন যোৰা আমাৰ ভ্ৰমণত ন খন দেশ ভ্ৰমণ কৰিছিলো। তাৰ ভিতৰত বেলজিয়াম দেশৰ ৰাজধানী ব্ৰাচেল্‌চ চহৰত ঘটা এটা ঘটানাই আজিও মনত দোলা দি থাকে। পেৰিচৰ পৰা বাচেৰে ব্ৰাচেল্‌চত উপস্থিত হৈ হোটেলত সোমাই বস্তু বাহানি থৈ হাত মুখ ধুই ওলাই যাবলৈ সাঁজু হৈছিলো। ওলাই যোৱাৰ আগতে… Continue reading জাষ্ট লাইক এনি আডাৰ কান্ট্ৰী ইন দা ৱৰ্ল্দ

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

আমি একে ঠাইতে আছো

স্কুলত থাকোতে “অসমৰ বানপানী’’ বিষয়টোৰ ওপৰত ৰচনা লিখিছিলো৷ এয়া আজিৰ পৰা বিশ বছৰ আগৰ কথা৷ ৰচনাত লিখা কথাবোৰ আজিও প্ৰাসংগিক৷ সৰুতে দেউতাই অসম আন্দোলনৰ কথাবোৰ সাধুৰ নিচিনাকৈ কৈছিল৷ আমিও সেইবোৰ সাধুকথাৰ দৰেই শুনিছিলো৷ সেইবোৰ কথাও বৰ্তমান সময়ত প্ৰাসংগিক৷ আমাৰ হাতে হাতে যিমানেই দামী স্মাৰ্তফোন নাথাকক কিয়, ৰাষ্টাই ঘাটে ব্যক্তিগত গাড়ীৰ সংখ্যা যিমানেই নাবাঢ়ক কিয়, আৰ্থিক… Continue reading আমি একে ঠাইতে আছো

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

আন্দোলন .. আৰু কিমান ?

অপ্ৰিয় হʼলেও সঁচা কথাবোৰ কবই লাগিব। নাগৰিকত্ব বিধেয়ক লৈ অসম উত্তাল হৈ থকাৰ সময়তে শ্ৰমিকসংঘৰ ধৰ্মঘট সংঘটিত হৈছিল কালি(৮ জানুৱাৰী) আৰু আজি(৯ জানুৱাৰী) এই দুই দিন ধৰি। কালি আছু সমন্বিতে বহুসংখ্যক জাতীয় সংগঠনে অসম বন্ধ ঘোষণা কৰা বাবে শ্ৰমিক সংঘৰ ধৰ্মঘটে সিমান গুৰুত্ব নাপালে। কিন্তু আজি অসম বন্ধ নাই। গতিকে কামৰ সংক্ৰান্তত আমাৰ কোম্পানীৰ শিলিগুৰি… Continue reading আন্দোলন .. আৰু কিমান ?

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

কাগজ কলম আৰু কিছু অনুভূতি

কাগজ, কলম আৰু কিছু অনুভূতি - এই তিনিটা বস্তুৱেই দৰকাৰী কিবা এটা লিখাৰ বাবে। লগত অৱশ্যে ইন্ধন হিচাপে অনুভূতিখিনি কাগজৰ পিঠিত সাৱলীলভাৱে লিখি উলিয়াবলৈ অলপ মানসিক কচৰত কৰাৰ ইচ্চা আৰু শক্তিও লাগিব। সেইখিনি আছে বুলি যদি ধৰি লওঁ তেন্তে বচ্, আৰু একো নালাগে। আজিৰ পৰা ঠিক আঠ বছৰমান আগতে এই তিনিটা উপাদান আৰু ইন্ধনখিনি লৈয়ে… Continue reading কাগজ কলম আৰু কিছু অনুভূতি

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

ক্ষুধা

অত্যন্ত প্ৰতিকূল পৰিস্থিতিত, জীয়াই থকাৰ তাড়নাত, ভোকৰ জ্বলাত মানুহে মানুহক ভক্ষণ কৰাৰ সঁচা কাহিনী আমি শুনিছো। এইবোৰ কথা আমাৰ সাধাৰণ জীৱনশৈলীত কেতিয়াও নঘটে বুলি অনুভৱ কৰো যদিও আমাৰ অলক্ষিতে ইয়াৰ তদ্ৰুপ ঘটনা কিছুমান, বৰ্তমান সময়ত আমাৰ সমাজতে হৈ আছে। মাত্ৰ আমি অনুধাৱন কৰিব পৰা নাই। জনসংখ্যা বৃদ্ধিয়ে দিনে দিনে মানুহৰ জীৱনশৈলী কঠিন কৰি আনিছে। জীৱন… Continue reading ক্ষুধা

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

কৰা যায় কি ?

চৰকাৰে কিবা বেয়া পন্ঠা লৈছে, গ্ৰণ্ঠমেলা বন্ধ কৰিব খুজিছে, কৰবাত অন্যায়, কৰবাত অনিয়ম, কৰবাত দুৰ্নীতি হৈছে ইত্যাদি কথাবোৰেও সাহিত্যৰ ক্ষেত্ৰখনক বৰ বেয়াকৈ ক্ষতিগ্ৰষ্ট কৰে৷ এই ধৰক যোৱা কিছুদিনৰ পৰা কিবা অলপ চিন্তা কৰিব পৰা বা লিখা মেলা কৰিব পৰা সৰু বৰ লিখক-লেখিকা, চিন্তাবিদ, সাহিত্যিক, বুদ্ধিজীৱি সকলোৱে অন্য সকলো কথা বাদ দি গ্ৰন্ঠমেলাৰ বিষয়টোৰ ওপৰতে চিন্তা… Continue reading কৰা যায় কি ?

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

মানুহবোৰৰ কি হৈছে?

সঁচাকৈয়ে ভাবিবলৈ বাধ্য হৈছো। মানুহবোৰৰ কি হৈছে? কোনেও কাকো নমনা, কোনেও কাৰো নুশুনা, সকলোৱে নিজৰটোহে ডাঙৰ বুলি ধৰি থকা অৱস্থা এটাৰ সৃষ্টি হৈছে সকলোফালে। কেতিয়াবা কোনো অচিনাকী মানুহে তেনে উদ্ভত আচৰণ কৰিলে আওকাণ কৰিব পাৰি। কিন্তু আজিকালি দেখিছো প্ৰায়বোৰ মানুহৰে আচৰণত এক বুজাব নোৱাৰা পৰিৱৰ্তন আহি পৰিছে। কিবা এটা আচৰিত খং, কিহবাৰ হতাশা, কিহবাৰ নিৰাশাজনিত… Continue reading মানুহবোৰৰ কি হৈছে?

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

আপোনাৰ মৃত্যুত কোনে কান্দিব?

সচৰাচৰ জীৱনযাত্ৰাত আমি আমাৰ চাৰিওফালৰ বহুসংখ্যক মানুহৰ লগত হাঁহি মাতি, সুখৰ দুখৰ কথা পাতি, মত-বিনিময় কৰি থাকো। কিন্তু সেই সকলোবোৰ মানুহৰ ভিতৰৰ কিমানখিনি আমাৰ সঁচা অৰ্থত শুভাকাংক্ষী সেয়া আমি অতি কমেহে ভাবি চাওঁ। কিমানজন মানুহে আমাৰ ভাল হোৱাটো মনে প্ৰাণে কামনা কৰে?

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

দুখীয়া হোৱাটো দোষ?

দুখীয়া হোৱাটো দোষ নে ? দোষ নহলেও কিন্তু দুখীয়া হোৱা বাবেই শাস্তি পাবলগা হয় সমাজৰ পৰা, মানুহৰ পৰা। সেইবাবেই ধনী মানুহে টকাৰ বলত সুখ, আনন্দ, ঐশ্বৰ্য্য আহৰণ কৰা দেখিলে বেয়া নালাগে মোৰ। ডাঙৰ গাড়ীৰে ধোৱা উৰুৱাই যোৱা দেখিলে মুঠেও ঈৰ্ষান্বিত নহও মই। বৰঞ্চ ভাল হে লাগে। দৈৱ দুৰ্বিপাকত দুখীয়া হৈ শাস্তি পোৱাতকৈ ধনী হৈ জীৱন… Continue reading দুখীয়া হোৱাটো দোষ?

প্ৰকাশিত লিখনি (Published writings)

বৌদ্ধিক শক্তিৰ ব্যৱহাৰ

(যোৱা ১১/০৪/২০১৬ তাৰিখ সোমবাৰে "নিয়মীয়া বাৰ্তা" কাকতত প্ৰকাশিত মোৰ এটা লিখনি ইয়াত পুনঃ প্ৰকাশ কৰিলো। লগতে প্ৰকাশিত লিখনিটোৰ ছবি সংলগ্ন কৰিলো। আশাকৰো পাঠকসকলে পঢ়ি ভাল পাব।) হাতৰ আটাইকেইটা আঙুলি সমান নোহোৱাৰ দৰে সমাজৰ সকলো মানুহৰ বৌদ্ধিক ক্ষমতা সমান নহয়। অসাধাৰণ বৌদ্ধিক শক্তিৰ অধিকাৰীসকলে নিজৰ বৌদ্ধিক শক্তি সমাজৰ মংগলৰ বাবে ব্যৱহাৰ কৰিব পাৰে আৰু ই খুবেই… Continue reading বৌদ্ধিক শক্তিৰ ব্যৱহাৰ

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

অলপ শান্তি লাগে

উগ্ৰপন্থী কাৰ্যকলাপৰ উপৰিও দৈনন্দিন সংঘটিত হৈ থকা প্ৰতিবাদী কাৰ্য্যসূচী, পথ অৱৰোধ, খাম খেয়ালি, দুৰ্নীতি ইত্যাদিয়েও শান্তি বিনষ্ট কৰে। প্ৰতিবাদী কাৰ্য্যকলাপবোৰ বিনা কাৰণত হোৱা বুলি নকওঁ। কিন্তু সকলো সৰু বৰ কথাতে ৰাজপথ অৱৰোধ কৰাটো কোনোপধ্যে সমাজ সচেতনতাৰ পৰিচায়ক হব নোৱাৰে।

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

হিংসামুক্ত এটা দিনৰ ভিক্ষা

আমি সভ্যতাৰ জখলাত নিৰন্তৰে আৰোহণ কৰি আছো যদিও সমগ্ৰ বিশ্বতে অহৰ্নিশে চলি থকা হিংসাত্মক ঘটনাবোৰে মানুহৰ সভ্য ৰূপটোৰ আগত প্ৰশ্নবোধক চিহ্ন আৰি দিছে। জ্ঞানৰ পৰিসৰ বৃদ্ধিৰে আমি আগবাঢ়ি গৈ আছো যদিও দয়া-মমতা, মৰম-চেনেহ ইত্যাদি মানৱীয় গুণসমূহ, আমাৰ মাজত লোপ পাবলৈ ধৰা পৰিলক্ষিত হৈছে। প্ৰকাশিত তথ্য মতে ভাৰতবৰ্ষত অকল সংগঠিত হিংসাত্মক কাৰ্যকলাপতে প্ৰতি বছৰে আঠশৰ পৰা… Continue reading হিংসামুক্ত এটা দিনৰ ভিক্ষা

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

কল্পনাৰ সমাজ

মানুহ সামাজিক প্ৰাণী। প্ৰাগৈতিহাসিক যুগৰ বিপদসঙ্কুল জীৱনশৈলীত সুৰক্ষিতভাৱে জীৱন নিৰ্বাহ কৰিবলৈ মানুহৰ বাবে সমাজ পাতি বসবাস কৰাটো সঁচাকৈয়ে জৰুৰী আছিল। মানুহে সমাজ আকাৰে বসবাস কৰি এজনে আনজনৰ সংগ আৰু সহায় বিচাৰে। বিপদসঙ্কুল পৰিস্থিতিত সংগঠিতভাৱে এজনে আনজনৰ সহায় আৰু সাহস হিচাপে থিয় দি বিপদ প্ৰতিহত কৰাটো সহজসাধ্য কৰি তোলে। ইয়াৰ উপৰিও অন্যান্য বহুতো সৰু-বৰ মনস্তাত্বিক কাৰণত… Continue reading কল্পনাৰ সমাজ

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

সাহস

সৰুৰে পৰাই সাহস সম্পৰ্কে এটা ধাৰণা আমাৰ মনত সোমোৱাই দিয়া হয় যে শাৰিৰীক সাহস পশুসুলভ গুণ আৰু সেইবাবে মানুহৰ কাম্য নহয়।

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

এনেকুৱাও তো হব পাৰে!

দৈনন্দিন জীৱনত চাৰিওফালে দেখা পাই থকা ঘটনা প্ৰবাহ আমি কব নোৱাৰাকৈয়ে নিৰীক্ষণ কৰি থাকো। আৰু সেই নিৰীক্ষণলব্ধ অভিজ্ঞতাই আমাক বহুতো পৰিঘটনাৰ সাম্ভাব্য পৰিণতি কি হব পাৰে সেয়া ভাবি উলিওৱাৰ বাবে প্ৰশিক্ষিত কৰি তোলে। তেনে অজ্ঞাতসাৰে লাভ কৰা প্ৰশিক্ষণৰ ভিত্তিতে আমি কব নোৱাৰাকৈ অলেখ অসংখ্য পৰিঘটনাৰ সাম্ভাব্য পৰিণতি অনুমান কৰি উলিয়াও দিনে-প্ৰতিদিনে। এটা সময়ত আমাৰ মন… Continue reading এনেকুৱাও তো হব পাৰে!

প্ৰকাশিত লিখনি (Published writings)

এখন চিঠি – তিনি ভাতৃলৈ

(২৮ অক্টোবৰ ২০১৪ তাৰিখে "দৈনিক গণ অধিকাৰ" কাকতত প্ৰকাশিত মোৰ এটা লিখনি ইয়াত পুনঃপ্ৰকাশ কৰিলো। লগতে কাকতত প্ৰকাশিত প্ৰবন্ধটিও ছবি আকাৰে আপলোদ কৰিলো। আশাকৰো পাঠক সমাজে আদৰি লব।)     বহুদিনৰ পৰা এখন চিঠি লিখিম বুলি ভাবি আছো। ফোন, ইন্টাৰনেট, ই-মেইল আদি অসংখ্য যোগাযোগ মাধ্যমৰ সহজ উপলভ্যতাৰ যুগত চিঠি লিখাৰ কথাটো বহুতৰে বাবে অবান্তৰ যেন… Continue reading এখন চিঠি – তিনি ভাতৃলৈ

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

নগাৰ আগ্ৰাসন আৰু এটা ৰাতিৰ অভিজ্ঞতা

২০ আগষ্ট, ২০১৪, - এটা পাহৰিব নোৱাৰা দিন আৰু দিনটোতকৈও বেছি বিভীষিকাময় এটা ৰাতি। বিগত বছৰবোৰত আন যিকোনো অসমীয়া নাগৰিকৰ দৰে মইও বিভিন্ন আন্দোলন আৰু বিভিন্ন দল-সংগঠনে জনোৱা প্ৰতিবাদী কাৰ্য্যসূচী চকুৰ আগতে দেখিছো। বহুবাৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱিতও হৈছো। কিন্তু এয়া যেন অসমীয়া জনজীৱনৰ এক অংগহে। আন্দোলন, প্ৰতিবাদী কাৰ্য্যসূচী, ধৰ্ণা, অসম বন্ধ, ৰাজপথ অৱৰোধ ইত্যাদিৰ… Continue reading নগাৰ আগ্ৰাসন আৰু এটা ৰাতিৰ অভিজ্ঞতা

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

সফলতা, বিফলতা ইত্যাদি

হোমেন বৰগোহাঞিদেৱে বিভিন্ন ঠাইত লিখিছে যে “সফল ব্যক্তি” বোলা কথাষাৰৰ তেওঁ মুঠেও ভাল নাপায়। ভাল নোপোৱাই স্বাভাৱিক। সফলতাই মানুহৰ ব্যক্তিত্বৰ পৰম মানদণ্ড হʼব নোৱাৰে। এজন মানুহক সফল বুলি কোৱাতকৈ মানুহজনৰ গুণসমূহ যেনে, সততা, কৰ্মনিষ্ঠা বা সাহস ইত্যাদি উল্লেখ কৰি পৰিচয় দিলেহে মানুহজনৰ প্ৰতি প্ৰকৃত সন্মান দেখুওৱা হয়। দূৰদৰ্শন যোগে প্ৰচাৰিত হোমেন বৰগোহাঞিদেৱৰ সৈতে কথা বাৰ্তা… Continue reading সফলতা, বিফলতা ইত্যাদি

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

অস্থায়ী কেবিন

দৈনন্দিন জীৱনৰ ঘটনাপ্ৰবাহৰ মাজতে কেতিয়াবা হঠাৎ কিছুমান এনে মানুহ চকুত পৰে যিসকল হয়তো শিক্ষা-দীক্ষা, ধন-সম্পত্তি, সামাজিক প্ৰতিপত্তি ইত্যাদি বহু ক্ষেত্ৰত সৰ্বসাধাৰণতকৈ পিচপৰা কিন্তু কিছুমান বিশেষ গুণেৰে গুণৱন্ত। তেনে মানুহবোৰ চকুত পৰে তেওঁলোকৰ গুণাৱলীৰ বাবে। কোনো কোনো ক্ষেত্ৰত এই গুণবোৰ ইমানেই বলিষ্ঠ হয় যে ই প্ৰকাৰান্তৰে জীৱন সম্পৰ্কে বহুতো মূল্যবান শিক্ষা দি যায়। ঠিক তেনেকুৱাই এজন… Continue reading অস্থায়ী কেবিন

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

আদৰ্শ

যিকোনো একধৰণৰ আদৰ্শ অনুসৰণ কৰিব লাগে । আম সততে দেখি শুনি থকা মহৎ লোকৰ বানী-সমূহৰ বহুতেই বিভিন্ন অৰ্থত এটা আনটোৰ লগত পৰস্পৰবিৰোধী । গতিকে বিভিন্ন বেলেগ বেলেগ আদৰ্শৰে একে সময়তে উদ্বুদ্ধ হ'লে আৰু সেই সকলোবোৰ সমানে অনুসৰণ কৰিলে শক্তিশালী ব্যক্তিত্ব গঠন হোৱাত বাধাগ্ৰস্ত হ'ব পাৰে । বিভিন্ন সময়ত নিজে কোৱা কথা বা নিজে কৰা কাম… Continue reading আদৰ্শ

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

অসমীয়া সমাজৰ সামাজিক মূল্যবোধ স্খলিত হৈছে নেকি ?

এইটো এটা সমালোচনা নহয়। সমালোচনা কৰাৰ বৌদ্ধিক পৰিপক্কতা মোৰ নাই। আনহাতে লিখনিটোৰ শিৰোনামাটো অতিৰঞ্জিতভাৱে মনোযোগ আকৰ্ষণকাৰী বুলি কোনোবাই কব পাৰে। কিন্তু প্ৰকৃতাৰ্থত বিষয়টোৰ ওপৰত বহুত ভাবিগুণি শেষত নিজৰ প্ৰতি প্ৰশ্নবোধকীয় মনোভাৱেৰে সামৰণি মাৰিব লগা হোৱা বাবেই এই শিৰোনামাৰ জন্ম। কিয় লিখিলো ? দেখিছো কাৰণেই। গতিকে ইয়াক সমালোচনা বুলি নকৈ, মই দেখি শুনি থকা কথাবিলাক আৰু… Continue reading অসমীয়া সমাজৰ সামাজিক মূল্যবোধ স্খলিত হৈছে নেকি ?