সমাপ্তি

ভাল বেয়া সকলো বস্তুৱেই এদিন সমাপ্তিৰ পিনে আগবাঢ়ে। just like old times বুলি কৈ সমাপ্ত হবলৈ ওলোৱা কোনো এটা কাম, অভ্যাস বা প্ৰথাৰ শেষৰবাৰলৈ পুনৰাবৃত্তি কৰাও দেখা পোৱা যায়। পুৰণিৰ সমাপ্তিৰ সমান্তৰালকৈ নতুনৰ আৰম্ভণিও এক অনিবাৰ্য্য পৰিঘটনা। পুৰণিৰ সমাপ্তি আৰু নতুনৰ আৰম্ভণিয়েই জন্ম দিয়ে পৰিবৰ্ত্তনক। পৰিবৰ্ত্তনেই চলাই নিয়ে বিশ্বব্ৰহ্মাণ্ডৰ এই নিৰবিচ্ছিন্ন পৰিক্ৰমা।

অফুৰন্ত সময়

নকৰিলেও আমি সীমিত পৰিমাণৰ কামহে সমাধা কৰিবলৈ সক্ষম হʼম। আৰু সেইবাবে আমি সীমিত সংখ্যক কামহে কৰিবলৈ হাতত লব লাগে।

সময়ৰ দৌৰ

সময়বোৰ যে ইমান সোনকালে পাৰ হৈ যায় ভাবিলে আচৰিতেই লাগে। ঋতু আহে ঋতু যায়, প্ৰকৃতিয়ে মোট সলায়, চাওতে চাওতে সৌ সিদিনাৰ সৰু সৰু গছপুলি জোপা ডাঙৰ হয়। বতাহত হালি জালি সি যৌৱনৰ আনন্দ-উচাহ প্ৰকাশ কৰে। সময় আগবাঢ়ে নিৰন্তৰে। পাতলকৈ বলা মলয়া জাকে গছডাল লৰাব নোৱাৰা হয়। অকল পাতবোৰহে লৰে। যেন বয়সৰ লগে লগে কিছু গাম্ভীৰ্য্য … Continue reading সময়ৰ দৌৰ

শক্তিশালী সময়

(কিছুদিন আগতে ডায়েৰীত লিখি থোৱা কিছু কথা ইয়াত প্ৰকাশ কৰিলো। হয়তো কোনোবাৰ কামত আহিব পাৰে।) সময়ৰ নিৰন্তৰ আৰু নিৰলস গতিয়েই ইয়াৰ শক্তি। সকলো আগবাঢ়ি গৈ থাকে দিনৰ পিচত দিন ধৰি নিৰন্তৰে। যোৱা কালিৰ দিনটোৰ লগত আজিৰ দিনটোৰ বিশেষ পাৰ্থক্য চকুত নপৰে আপাতদৃষ্টিত। কিন্তু বহু বছৰৰ মূৰত উভতি চালে চকুত পৰে যে সকলোৱেই সলনি হৈ গʼল। … Continue reading শক্তিশালী সময়