ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

অফুৰন্ত সময়

নকৰিলেও আমি সীমিত পৰিমাণৰ কামহে সমাধা কৰিবলৈ সক্ষম হʼম। আৰু সেইবাবে আমি সীমিত সংখ্যক কামহে কৰিবলৈ হাতত লব লাগে।

Advertisements
ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

সময়ৰ দৌৰ

সময়বোৰ যে ইমান সোনকালে পাৰ হৈ যায় ভাবিলে আচৰিতেই লাগে। ঋতু আহে ঋতু যায়, প্ৰকৃতিয়ে মোট সলায়, চাওতে চাওতে সৌ সিদিনাৰ সৰু সৰু গছপুলি জোপা ডাঙৰ হয়। বতাহত হালি জালি সি যৌৱনৰ আনন্দ-উচাহ প্ৰকাশ কৰে। সময় আগবাঢ়ে নিৰন্তৰে। পাতলকৈ বলা মলয়া জাকে গছডাল লৰাব নোৱাৰা হয়। অকল পাতবোৰহে লৰে। যেন বয়সৰ লগে লগে কিছু গাম্ভীৰ্য্য… Continue reading সময়ৰ দৌৰ

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

জাষ্ট লাইক এনি আডাৰ কান্ট্ৰী ইন দা ৱৰ্ল্দ

কেইবছৰ মান আগতে দুজন বন্ধুৰ সতে ইউৰোপ ফুৰিবলৈ গৈছিলো। বিশ দিন যোৰা আমাৰ ভ্ৰমণত ন খন দেশ ভ্ৰমণ কৰিছিলো। তাৰ ভিতৰত বেলজিয়াম দেশৰ ৰাজধানী ব্ৰাচেল্‌চ চহৰত ঘটা এটা ঘটানাই আজিও মনত দোলা দি থাকে। পেৰিচৰ পৰা বাচেৰে ব্ৰাচেল্‌চত উপস্থিত হৈ হোটেলত সোমাই বস্তু বাহানি থৈ হাত মুখ ধুই ওলাই যাবলৈ সাঁজু হৈছিলো। ওলাই যোৱাৰ আগতে… Continue reading জাষ্ট লাইক এনি আডাৰ কান্ট্ৰী ইন দা ৱৰ্ল্দ

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

কাগজ কলম আৰু কিছু অনুভূতি

কাগজ, কলম আৰু কিছু অনুভূতি - এই তিনিটা বস্তুৱেই দৰকাৰী কিবা এটা লিখাৰ বাবে। লগত অৱশ্যে ইন্ধন হিচাপে অনুভূতিখিনি কাগজৰ পিঠিত সাৱলীলভাৱে লিখি উলিয়াবলৈ অলপ মানসিক কচৰত কৰাৰ ইচ্চা আৰু শক্তিও লাগিব। সেইখিনি আছে বুলি যদি ধৰি লওঁ তেন্তে বচ্, আৰু একো নালাগে। আজিৰ পৰা ঠিক আঠ বছৰমান আগতে এই তিনিটা উপাদান আৰু ইন্ধনখিনি লৈয়ে… Continue reading কাগজ কলম আৰু কিছু অনুভূতি

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

আমাৰ দিনত এনে হৈছিল

এইবাৰ হাইষ্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনাহে অনুভৱ কৰিলো, সময় বহুত সলনি হʼল। আৰু আমাৰ বয়সো ৰৈ থকা নাই।

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

শক্তিশালী সময়

(কিছুদিন আগতে ডায়েৰীত লিখি থোৱা কিছু কথা ইয়াত প্ৰকাশ কৰিলো। হয়তো কোনোবাৰ কামত আহিব পাৰে।) সময়ৰ নিৰন্তৰ আৰু নিৰলস গতিয়েই ইয়াৰ শক্তি। সকলো আগবাঢ়ি গৈ থাকে দিনৰ পিচত দিন ধৰি নিৰন্তৰে। যোৱা কালিৰ দিনটোৰ লগত আজিৰ দিনটোৰ বিশেষ পাৰ্থক্য চকুত নপৰে আপাতদৃষ্টিত। কিন্তু বহু বছৰৰ মূৰত উভতি চালে চকুত পৰে যে সকলোৱেই সলনি হৈ গʼল।… Continue reading শক্তিশালী সময়

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

পৰিৱৰ্ত্তনৰ বিষয়ে

সময়ে সময়ে আমি একঘেয় জীৱনযাত্ৰাৰ সতে বিৰক্ত হৈ পৰিৱৰ্ত্তন বিচাৰো।

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

সময়ৰ গতি

চাওঁতে চাওঁতে দুহেজাৰ পোন্ধৰৰ প্ৰায় আধা গʼলেই। হঠাতে যেন সময়বোৰ আগতকৈ বহু বেচি গতিত যাবলৈ ধৰিছে। এয়া অকল মোৰেই অনুভৱ নে সকলোৰে ধৰিব নোৱাৰো।

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

অমুল্য সময়

দুহেজাৰ পোন্ধৰ চন আৰম্ভ হোৱাৰ মুহূৰ্তটো এতিয়াও যোৱা ৰাতিৰ ঘটনা যেন অনুভৱ হয়। কিন্তু ইতিমধ্যে দুহেজাৰ পোন্ধৰৰ আঠটা দিন পাৰ হৈ গʼল। কি আচৰিত! যোৱা আঠটা দিনত কি কি কাম কৰিলো, কোনদিনা কাক লগ পালো, কোনটো দিন অলপ ৰোমাঞ্চকৰ আছিল আৰু কোনটো দিন একেবাৰে গতানুগতিক আছিল সেয়া ফটফটীয়াকৈ মনত আছে। কিন্তু তথাপিও আঠটা দিন পাৰ… Continue reading অমুল্য সময়

ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

আজি সোনকালে শুম

ৰাতি দেৰিকে শুৱা আৰু পুৱা দেৰিকৈ উঠাটো এটা বদ-অভ্যাস। এই বদ-অভ্যাসৰ কবলৰ পৰা মুক্তি পাবলৈ কৰা ব্যৰ্থ চেষ্টাৰ অভিজ্ঞতাৰ ফলশ্ৰুতি, মোৰ এই লিখনি। মানুহৰ বিভিন্ন বদ-অভ্যাস থাকে। বেছিভাগ মানুহেই নিজৰ একাধিক বদ-অভ্যাস সম্পৰ্কে অৱগত। কিছুমানে নিজৰ কিছুমান বদ-অভ্যাস সলনি কৰিবলৈ চেষ্টাও কৰে। তাৰে কিছুমান সফল হয়, কিছুমান আংশিকভাৱে সফল হয় আৰু কিছুমান সম্পূৰ্ণৰূপে বিফল হয়।… Continue reading আজি সোনকালে শুম