বৰগছ

বৰগছ জোপাৰ তলতে হৈছিল সকলোখিনি। নিপেনৰ পানৰ দোকানৰ আদ্দা, পংকজহতৰ সন্মিলন সংঘৰ সৰুকৈ গঢ়ি উঠা খেৰ বাঁ‌হৰ অফিচ ঘৰটো, বাচলৈ ৰৈ থকা মানুহবোৰ, বহু বছৰৰ মূৰত চহৰৰ পৰা অহা পোনাকণে বৰগছ জোপাক কেন্দ্ৰ কৰিয়ে ৰাষ্টা মনত ৰখা ঘটনাটো … আৰু যে কত কি। মুঠৰ ওপৰত বৰগছ জোপাই আছিল গাওখনৰ কেন্দ্ৰবিন্দু।

***

মেচিন লগোৱা কৰতৰ কৰ্কশ মাতে চানি পেলাইছে গোটেই ঠাইটুকুৰা। জমা হৈছে সমগ্ৰ গাৱৰ মানুহ। সকলোৱে নিজৰ নিজৰ কাম এৰি থৈ চাবলৈ আহিছে মহীৰুহ স্খলনৰ দৃশ্য। ডালবোৰ তলত পৰোতে হোৱা কেৰকেৰনি শব্দটো যেন গছদালৰ চিৎকাৰ হে। যেন চোকা অস্ত্ৰৰে এখন এখন কৈ হাত ভৰি কাটি পেলোৱা হৈছে। দুপৰীয়ালৈকে ডালবোৰ নাইকীয়া লঠঙা অৱয়ৱটো হে আছেগৈ। অৱশেষত সেই অৱয়ৱটোও ভু-লুন্ঠিত হ’ল। হাজাৰ হাজাৰ স্মৃতি ধূলিস্যাৎ কৰি মহীৰুহ বাগৰি পৰিল। লাহে লাহে আন্ধাৰ নামি আহিল। আন্ধাৰতো গছ কটা মানুহবোৰ লাইট জ্বলাই কামত লাগি ঠাকিল। ঠাল-ঠেঙুলিবোৰ আতৰ কৰা কাম। গাওবাসীৰ মাজত এক মৃদু দুখৰ আবেশ। হাজাৰ হওক, ইমান বছৰ পুৰণি গছজোপা এনেদৰে কাটি পেলাব লাগে নে। উন্নতি লাগে, যাতায়াত ব্যৱস্থাৰ উন্নতি সকলোৱে বিচাৰে, ৰাষ্টা বহল হোৱাত কাৰো আপত্তি নাই। কিন্তু সেইবুলি বেলেগ উপায় নাছিলনে? ৰজাঘৰে বিচাৰিলে কি হব নোৱাৰে? এনেয়ে দেখোন বনাঞ্চল সংৰক্ষণ, বৃক্ষ ৰোপণ ইত্যাদিৰ ওপৰত দীঘলীয়া ভাষণ দিয়ে মন্ত্ৰী – আমোলাই। কাৰ্য্যক্ষেত্ৰত দেখোন সকলো ফুটুকাৰ ফেন। .. এনেধৰণৰ কথাবোৰ মনলৈ আহিলেও উন্নয়নৰ সপোনেই সকলোকে ক্ষান্ত কৰি ৰাখিছিল।

***

কিছুদিনৰ পিচতে মাটি পেলাই সমান কৰা হৈছিল। কামৰ দ্রুত অগ্ৰগতি দেখি সকলোৱে সন্তোষ লভিছিল। পাহৰিছিল বৰগছ জোপাৰ কথা। এবছৰ তেনেদৰেই পাৰ হৈ গʼল। কেতিয়াবা কাম চলে, কেতিয়াবা কাম বন্ধ হয়। নতুনকৈ পেলাই সমান কৰা মাটিৰ ওপৰত ঘাঁহ গজে। নতুন যন্ত্ৰ-পাতিৰে পুনৰ কাম আৰম্ভ হয়। ৰাষ্টা নতুনকৈ নিৰ্মাণ হৈ থকা বাবে পুৰণি ৰাষ্টাৰ মেৰামতি সম্পূৰ্ণৰূপে বন্ধ হয় আৰু সেইবাবেই পুৰণি ৰাষ্টাৰ অৱস্থা তথৈবচ হৈ পৰে। তথাপিও গাওঁবাসী ধৈৰ্য্যৰে ৰৈ আছে।

***

সময় বাগৰিল। বৰগছ জোপা কটাৰ তিনি বছৰ পাৰ হৈ গʼল। ঠাইটুকুৰা এতিয়াও বাচ আস্থান ৰূপে ব্যৱহৃত হৈ আছে যদিও মানুহৰ সমাগম সেৰেঙা। নিপেনৰ দোকানখনো উঠি গʼল। সন্মিলন সংঘৰ ঘৰটোও ৰাষ্টা বহলোৱাৰ বাবে ভাঙি পেলোৱা হʼল। ৰাষ্টা বহলোৱাৰ উদ্দেশ্যে ঠায়ে ঠায়ে ৰাষ্টাৰ দাতিত মাটি পেলোৱা হৈছিল। মাটিবোৰ মেচিন লগাই সমান কৰাও হৈছিল। এতিয়া সেই মাটিৰ ওপৰত জোপোহা বনে সাম্ৰাজ্য বিস্তাৰ কৰিছে। কোনো কোনো ঠাইত বৰষুণে মাটি খহাই নিছে। বখলা বখলে এৰুৱাই যোৱা পিচ্‌ ৰাষ্টাৰ ওপৰেৰে মানুহে চৰম বিৰক্তিৰে যাতায়াত বাহাল ৰাখিছে। জোপোহাৰ মাজতে এতিয়াও ঠিয় হৈ আছে বৰগছ জোপাৰ ক্ষয়িষ্ণু মূঢ়াটো। ৰাজনৈতিক পাকচক্ৰই নে টকা পইচাৰ খেল গাওবাসীয়ে গম নাপালে। অত্যাধুনিক বহল ৰাজআলিৰ সপোন লৈ অহা উন্নয়ন কেতিয়াও নাহিল। বিনা কাৰণতে ভূ-পতিত হʼল বৰগছ জোপা। অথলে গʼল মহীৰুহৰ বলিদান। ধূলিস্যাৎ হʼল গাওবাসীৰ আশা।

Leave a comment