Village streets …

Dusty village streets with green paddy fields on both sides, and blue sky at the top, create perfect spot for landscape photography. Here are two of my pictures clicked few years back. It was at a place few miles away from where I stay. Don’t know how it looks now. Hope, it looks equally beautiful,... Continue Reading →

Advertisements

পৰহিৰ মানুহবোৰ

কিবা অজান শোকে মনটো খুণ্ডা মাৰি ধৰিলে। এয়াই প্ৰথম নহয়, এনে ধৰণৰ কেইবাটাও ঘটনা ঘটিল যোৱা দুবছৰ মানৰ ভিতৰত। সিদিনা ফোনযোগে দেউতাই কৈছিল ওচৰৰে চানক্য ককাৰ পৰলোক প্ৰাপ্তিৰ কথা। সেয়াও অবিশ্বাস্য, আৰু আজি দিয়া ধনঞ্জয় চাৰৰ খবৰটোও অবিশ্বাস্য। বয়স হৈছিল তেওৰ। স্বাভাৱিক বাৰ্ধক্যজনিত মৃত্যুৱেই আছিল। তথাপিও মনে নামানে। বৰকৈ বেয়া লাগিছিল মনটো। মৃত্যুৱেই জীৱনৰ অন্তিম... Continue Reading →

ডায়েৰী

সকলো মানুহকে সংগ লাগে। সুখ-দুখৰ কথা পাতিবলৈ, আবেগ অনুভূতিবোৰ বিলাবলৈ, পৰস্পৰে পৰস্পৰৰ অৱলম্বন হবলৈ লাগে সংগ। পিচে সকলো সময়তে মানুহেই মানুহৰ অৱলম্বন হব লাগিব বুলি কথা নাই। মোৰ একান্ত ব্যক্তিগত সময়ত মনৰ মাজত ভিৰ কৰি থকা কথাবোৰ বিলাবলৈ ওচৰতে পাও মোৰ ডায়েৰীটো। কথাখিনি অলপ আচৰিত যেন লাগিলেও সঁচা। ডায়েৰীটোৱেই মোৰ সকলো সুখ দুখৰ লগৰী। ডায়েৰী... Continue Reading →

কাগজ কলম আৰু কিছু অনুভূতি

কাগজ, কলম আৰু কিছু অনুভূতি - এই তিনিটা বস্তুৱেই দৰকাৰী কিবা এটা লিখাৰ বাবে। লগত অৱশ্যে ইন্ধন হিচাপে অনুভূতিখিনি কাগজৰ পিঠিত সাৱলীলভাৱে লিখি উলিয়াবলৈ অলপ মানসিক কচৰত কৰাৰ ইচ্চা আৰু শক্তিও লাগিব। সেইখিনি আছে বুলি যদি ধৰি লওঁ তেন্তে বচ্, আৰু একো নালাগে। আজিৰ পৰা ঠিক আঠ বছৰমান আগতে এই তিনিটা উপাদান আৰু ইন্ধনখিনি লৈয়ে... Continue Reading →

পত্ৰ-প্ৰেয়সী

অৱশেষত ধৰ্মেন্দ্ৰৰ কথামতে চিঠি এখন লিখিয়েই পেলালোঁ। পত্ৰ-বন্ধুত্বৰ শুভাৰম্ভ। মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ। বহুদিনাৰ পৰা "বিস্ময়" আলোচনীৰ পত্ৰ-বন্ধু শিতানৰ পৰা ধুনীয়া নাম এটা বুটলি লৈ পত্ৰবন্ধুত্ব স্থাপন কৰাৰ কথা ভাবি আছো। প্ৰথমতে বান্ধৱী, তাৰ পিচত কোনে জানে কোনফালে আগবাঢ়ে আমাৰ সম্বন্ধৰ ৰেলগাড়ী, আৰু কোন সময়ত বান্ধৱীৰ পৰা গৈ কি হয়গৈ। কালৈ চিঠি... Continue Reading →

ক্ষুধা

অত্যন্ত প্ৰতিকূল পৰিস্থিতিত, জীয়াই থকাৰ তাড়নাত, ভোকৰ জ্বলাত মানুহে মানুহক ভক্ষণ কৰাৰ সঁচা কাহিনী আমি শুনিছো। এইবোৰ কথা আমাৰ সাধাৰণ জীৱনশৈলীত কেতিয়াও নঘটে বুলি অনুভৱ কৰো যদিও আমাৰ অলক্ষিতে ইয়াৰ তদ্ৰুপ ঘটনা কিছুমান, বৰ্তমান সময়ত আমাৰ সমাজতে হৈ আছে। মাত্ৰ আমি অনুধাৱন কৰিব পৰা নাই। জনসংখ্যা বৃদ্ধিয়ে দিনে দিনে মানুহৰ জীৱনশৈলী কঠিন কৰি আনিছে। জীৱন... Continue Reading →

কৰা যায় কি ?

চৰকাৰে কিবা বেয়া পন্ঠা লৈছে, গ্ৰণ্ঠমেলা বন্ধ কৰিব খুজিছে, কৰবাত অন্যায়, কৰবাত অনিয়ম, কৰবাত দুৰ্নীতি হৈছে ইত্যাদি কথাবোৰেও সাহিত্যৰ ক্ষেত্ৰখনক বৰ বেয়াকৈ ক্ষতিগ্ৰষ্ট কৰে৷ এই ধৰক যোৱা কিছুদিনৰ পৰা কিবা অলপ চিন্তা কৰিব পৰা বা লিখা মেলা কৰিব পৰা সৰু বৰ লিখক-লেখিকা, চিন্তাবিদ, সাহিত্যিক, বুদ্ধিজীৱি সকলোৱে অন্য সকলো কথা বাদ দি গ্ৰন্ঠমেলাৰ বিষয়টোৰ ওপৰতে চিন্তা... Continue Reading →

মানুহবোৰৰ কি হৈছে?

সঁচাকৈয়ে ভাবিবলৈ বাধ্য হৈছো। মানুহবোৰৰ কি হৈছে? কোনেও কাকো নমনা, কোনেও কাৰো নুশুনা, সকলোৱে নিজৰটোহে ডাঙৰ বুলি ধৰি থকা অৱস্থা এটাৰ সৃষ্টি হৈছে সকলোফালে। কেতিয়াবা কোনো অচিনাকী মানুহে তেনে উদ্ভত আচৰণ কৰিলে আওকাণ কৰিব পাৰি। কিন্তু আজিকালি দেখিছো প্ৰায়বোৰ মানুহৰে আচৰণত এক বুজাব নোৱাৰা পৰিৱৰ্তন আহি পৰিছে। কিবা এটা আচৰিত খং, কিহবাৰ হতাশা, কিহবাৰ নিৰাশাজনিত... Continue Reading →

ধনশিৰী ইকʼ কেম্পত এনিশা

স্বভাৱজাত ভাৱে মই অলপ অচৰপ ফুৰি চকি ভাল পাওঁ। সেই স্বভাৱৰ বসবৰ্ত্তী হৈ সময়ে সময়ে বহুতো ঠাই ফুৰিছো। হয়তো আৰু বহু ঠাই ফুৰিবলৈ বাকী আছে। যোৱা বছৰ ডিচেম্বৰ মাহত বোকাখাতৰ সমীপৱৰ্ত্তী "ধনশিৰী ইকʼ কেম্পত" এনিশা কটাইছিলো বন্ধুবৰ্গৰ সতে। ধনশিৰী নদীৰ পাৰৰ নান্দনিক পৰিবেশে দি যোৱা বিৰল অভিজ্ঞতাৰ ভিত্তিত এটি ভ্ৰমণ বৃত্তান্ত লিখি উলিয়াইছিলো। সেয়া প্ৰকাশ... Continue Reading →

প্ৰবাল আৰু পূৰ্ণিমা

শেষ দেখা -- কি চাইছা ? - তাইৰ ফালে বহুসময় একেথৰে চাই থকা প্ৰবাললৈ তাইৰ প্ৰশ্ন। -- তোমাকে চাইছো - প্ৰবালৰ সৌম্য গধুৰ মাতে পূৰ্ণিমাক ভিতৰি ভিতৰি জোকাৰি গʼল। তলমূৰ কৰিলে তাই। নিৰৱতাৰ মাজেৰেই বহুতো কথা পাতিছে সিহতে। ৰংঘৰৰ বাকৰিত আবেলিৰ হেলনীয়া ৰʼদে হেঙুলী ৰহণ সানিছে। ৰʼদৰ কিৰণ পূৰ্ণিমাৰ চুলিৰ কাষেৰে বিচ্ছুৰিত হৈ প্ৰবালৰ মুখমণ্ডলত... Continue Reading →

মাজুলীৰ কেইটামান ভাল অনুভৱ

মাজুলী - অসমৰ সত্ৰ-সংস্কৃতি, গাৱঁলীয়া চহা জীৱন আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ জীৱন্ত নিদৰ্শন। অসম আৰু অসমীয়াৰ সিৰাই সিৰাই বৈ থকা এক আবেগৰ সুঁতি।

ভাল গানৰ আশাৰে

অসমীয়া সংগীতৰ সক্ৰিয় শিল্পী বুলিলে পোনপ্ৰথমে জুবিন আৰু পাপনৰ কথাই মনলৈ আহে। এই পৰিস্থিতি আজিৰ নহয়। যোৱা বহু বছৰ ধৰি এনেকুৱা পৰিস্থিতি বাহাল আছে। জুবিন আৰু পাপনৰ বাহিৰে আৰু কোন আছে বুলি ভাবিলে মনলৈ আহে দীক্ষু, জয় বৰুৱা, বাবু, কুমাৰ ভবেশ ইত্যাদিৰ নাম। তাৰ পিচত আৰু কোন আছে বুলি ভাবিলে মনটো বহু সময় খালী হৈ... Continue Reading →

বোবা

জীৱ জন্তুৱে মানুহৰ নিচিনাকৈ কথা কব নোৱাৰে। সিহতৰ ভাষা নাই। তথাপিও সিহতে এটাই আনটোৰ মনৰ ভাব বুজি পায়। মৰম চেনেহ বুজে। কিন্তু আমি জীৱশ্ৰেষ্ঠই ভাষা থাকিও যেন বোবা। ভাব বিনিময়ৰ হাজাৰটা মাধ্যম থকা স্বত্তেও যেন আমি এজনে আনজনৰ পৰা আতৰি হে গৈছো। মৰম চেনেহ যাচোতেও হয় খেলিমেলি। প্ৰেমাষ্পদৰ মাজতো হয় ভুল বুজা-বুজি ... মিচআণ্ডাৰষ্টেণ্ডিং ...... Continue Reading →

হাফলং ভ্ৰমণৰ ভাল বেয়া অভিজ্ঞতা

কিছুদিন আগতে দুজন বন্ধুৰ সতে হাফলঙলৈ ফুৰিবলৈ গৈছিলো। তাৰেই ভাল বেয়া অভিজ্ঞতাৰ বিষয়ে লিখিব লৈছো। ভ্ৰমণৰ বেয়া অভিজ্ঞতা বুলিলে মনলৈ আহে কিবা বিপদ আপদ অথবা চুৰি ডকাইতিৰ কথা। কিন্তু আমাৰ লগত তেনে একো হোৱা নাছিল। যোৱা আৰু অহা দুটা দিন ধৰি মুঠ তিনিদিন যোৰা ভ্ৰমণ সুকলমেই গৈছিল। সকলো ভবা মতে হৈছিল আৰু আমিও সুকলমে নিৰ্বিঘ্নে... Continue Reading →

Powered by WordPress.com.

Up ↑

%d bloggers like this: